ত্ৰিপুৰা

ক’ৰোনাত আক্রান্ত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

ক’ৰোনাত আক্রান্ত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

দেশত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ৰোনাৰ সংক্রমণ৷ দেশত নিতৌ নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ভিন্ন প্রান্তৰ লোক৷ ইয়াৰ মাজতে আজি ক’ৰোনাত আক্ৰান্ত হ’ল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ। আজি নিজৰ টুইটাৰ একাউণ্টযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। তেওঁ লিখিছে, “মোৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। বৰ্তমান চিকিৎসকৰ পৰামৰ্শমতে মই হোম আছ’লেচনত আছোঁ। মই সকলোকে ক’ভিড গাইডলাইন মানিবলৈ অনুৰোধ কৰিছোঁ।”
Read More

গুৱাহাটীৰ বহু ঠাই ফুৰি গৈছে গীতাৰাণী কৰ্মকাৰে

ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল :: গুৱাহাটীৰ বহু ঠাই ফুৰি গৈছে ত্ৰিপুৰাৰ প্ৰথমগৰাকী কৰ'না ভাইৰাছ পজিটিভ গীতাৰাণী কৰ্মকাৰে। কামাখ্যা মন্দিৰৰ পিছত নাম ওলাইছে এখন হোটেলৰ। পল্টন বজাৰ থানাৰ সুখমণি হোটেলৰ সকলো কৰ্মচাৰী এতিয়া আতংকিত।
Read More