ক্ৰীড়া

২০৩০ৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত

২০৩০ৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত

কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত কৰিছে। ২৬ নৱেম্বৰত গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। এই গেমছ আয়োজনৰ বাবে ভাৰতে নাইজেৰিয়াৰ আবুজাৰ পৰা প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল। অৱশ্যে ২০৩৪ চনৰ কমনৱেলথ গেমছ আয়োজন কৰাত নাইজেৰিয়াক সহায় কৰিব কমনৱেলথ এক্সিকিউটিভ ব’ৰ্ডে। কমনৱেলথ গেমছ স্প’ৰ্টছে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে কমনৱেলথ গেমছ এক্সিকিউটিভ ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ হিচাপে ভাৰতৰ আহমেদাবাদক পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰতে ২০১০ চনত নতুন দিল্লীত প্ৰথমবাৰলৈ কমনৱেলথ গেমছ আয়োজন কৰিছে। ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে জনোৱা মতে, গ্লাছগো ২০২৬ কমনৱেলথ গেমছৰ পৰা আঁতৰোৱা সকলো খেল ২০৩০ চনত…
Read More
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লিন ছুইপ ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লিন ছুইপ ভাৰতৰ

ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ২-০ ত ক্লিন ছুইপ কৰে। মঙলবাৰে দ্বিতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজক ৭ উইকেটত পৰাস্ত কৰে দলটোৱে। প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ১৪০ ৰানত জয়লাভ কৰিছিল। দিল্লী টেষ্টত ভাৰতক ১২১ ৰানৰ লক্ষ্য দিয়া হৈছিল, যিটো ভাৰতে তিনিটা উইকেটত অৰ্জন কৰিছিল। কে এল ৰাহুলে বাউণ্ডেৰী মাৰি জয় নিশ্চিত কৰে। ৫৮ ৰানত অপৰাজিত হৈ থাকে। অধিনায়ক হিচাপে প্ৰথমখন টেষ্ট শৃংখলাত জয়লাভ কৰিছে শুভমান গিলে। ইয়াৰ এদিন পূৰ্বে ফ’ল’ অন খেলি থকা ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ৩৯০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। প্ৰথম ইনিংছত ভাৰতে ৫১৮ ৰান আৰু ৱেষ্ট ইণ্ডিজে ২৪৮ ৰান সংগ্ৰহ কৰে।…
Read More
১২,৩৫২ কোটি টকাৰ সম্পত্তি গৰাকী ক্রিষ্টিয়ানো ৰোনাল্ডো

১২,৩৫২ কোটি টকাৰ সম্পত্তি গৰাকী ক্রিষ্টিয়ানো ৰোনাল্ডো

৪০ বছৰ বয়সত কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ইতিহাসৰ সৃষ্টি কৰিছে৷ ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ক্রিষ্টিয়ানো ৰোনাল্ডো কোটিপতিৰ মৰ্যাদা লাভ কৰা প্রথমজন ফুটবলাৰ হিচাপে পৰিগণিত হৈছে৷ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পৰ্তুগীজ ফুটবলাৰগৰাকীৰ সম্পত্তি এতিয়া ১.৪ বিলিয়ন ডলাৰ, যাৰ অৰ্থ হ’ল ভাৰতীয় মুদ্ৰাত ১২,৩৫২ কোটি টকা। জুন মাহত ছৌদি আৰৱৰ দল আল-নাছৰৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ৪০ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীৰ আৰ্থিক বিকাশ ঘটিছে, যাৰ মূল্য ৪০ কোটি ডলাৰৰ ওপৰত বুলি জানিব পৰা গৈছে। ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰোনাল্ডোৱে ৫৫ কোটি ডলাৰৰ ওপৰত দৰমহা লাভ কৰিছিল, নাইকৰ সৈতে বছৰি প্ৰায় ১৮ মিলিয়ন ডলাৰৰ দশকজোৰা চুক্তি…
Read More
ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল ২০২৫ৰ মেগা নিলামত খেলুৱৈৰ দৰে সৃষ্টি কৰিছিল ইতিহাস। এতিয়া পোহৰলৈ আহিছে আই পি এল ২০২৬ৰ খেলুৱৈ নিলাম সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট। প্ৰকাশ পাইছে প্ৰতিযোগিতাৰ আগন্তুক সংস্কৰণৰ খেলুৱৈ নিলামৰ তাৰিখ। লগতে খেলুৱৈৰ ৰিটেনশ্যন সন্দৰ্ভতো আহিছে এক ডাঙৰ আপডেট।উল্লেখ্য যে আই পি এল ২০২৫ৰ বাবে খেলুৱৈৰ নিলাম চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হৈছিল। ২০২৪ চনৰ ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই মেগা নিলাম।এই নিলাম বিগত ভাৰতত হ’ব নে বিদেশত অনুষ্ঠিত হ’ব, সেই…
Read More
২০৪৮ কোটি টকাৰে সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটিৰ শীৰ্ষত বিৰাট কোহলি

২০৪৮ কোটি টকাৰে সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটিৰ শীৰ্ষত বিৰাট কোহলি

টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা টিম ইণ্ডিয়াৰ কিংবদন্তি বেটছমেন বিৰাট কোহলিৰ উপাৰ্জন হ্ৰাস পোৱা নাই। কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰ আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰি তেওঁ সৰ্বাধিক উপাৰ্জনকাৰী বেটছমেন হৈয়ে আছে। এই তালিকাত পঞ্চম স্থানত আছে শচীন তেণ্ডুলকাৰ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ সময়ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বিৰাট কোহলীয়ে এতিয়া কেৱল এদিনীয়া খেলহে খেলিব। ইয়াৰ পিছতো তেওঁ বিজ্ঞাপন জগতত বিশিষ্ট হৈয়েই আছে। দ্য ক্ৰ’ল চেলিব্ৰিটি ব্ৰেণ্ড ভেলুৱেশ্যন ২০২৪ৰ প্ৰতিবেদন অনুসৰি, ছ’চিয়েল মিডিয়াত তেওঁৰ উপস্থিতিৰ বাবেই ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলী ২৩১.১ মিলিয়ন ডলাৰ (প্ৰায় ২০৪৮ কোটি টকা) ব্ৰেণ্ড মূল্যৰ সৈতে ভাৰতৰ আটাইতকৈ…
Read More
এছিয়া কাপৰ ফাইনেলত টিম ইণ্ডিয়া

এছিয়া কাপৰ ফাইনেলত টিম ইণ্ডিয়া

এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়া। বুধবাৰে ছুপাৰ-৪ মেচত ভাৰতে বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ১৬৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশী দলটোৱে ১৯.২ অভাৰত অল আউট হয়। অ’পেনাৰ ছাইফ হাছানে ৬৯ ৰান সংগ্ৰহ কৰে। ৯ জন বেটছমেনে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে। কুলদীপ যাদৱে তিনিটা উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে। অক্ষৰ পেটেলে এটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতে ২০ অভাৰত ৬ উইকেটত ১৬৮ ৰান সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৩৭টা বলত ৭৫ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই ৩৮ ৰান, আৰু শুভমান গিলে ২৯…
Read More
বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে ভাৰতীয় মহিলা মল্লযুঁজাৰু অন্তিম পাংগালে মহিলাৰ ৫৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।ছুইডেনৰ ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়ন এমা জ’না ডেনিছ মালমগ্ৰেনক ৯-১ ত পৰাস্ত কৰি এই প্ৰতিযোগিতাত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ পদক লাভ কৰে। এইটো অন্তিমৰ দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ পদক। ইয়াৰ পূৰ্বে ২০২৩ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল যদিও ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাহিৰ হৈছিল। এইবাৰৰ এই পদকটোৱে কেৱল উল্লেখযোগ্য প্ৰত্যাৱৰ্তনৰ সূচনা কৰাই নহয় ভাৰতীয় মল্লযুঁজত তেওঁৰ শক্তিশালী স্থিতিও প্ৰমাণ কৰে। অন্তিম পাংঘলে বিনেশ ফ’গাটৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়, যিয়ে বিশ্ব চেম্পিয়নশ্বিপত এটাতকৈ অধিক পদক লাভ কৰে। আন ভাৰতীয়…
Read More
এছিয়া কাপৰ ছুপাৰ ৪ত ভাৰত,পাকিস্তান, শ্ৰীলংকা-বাংলাদেশ

এছিয়া কাপৰ ছুপাৰ ৪ত ভাৰত,পাকিস্তান, শ্ৰীলংকা-বাংলাদেশ

এছিয়া কাপত গ্ৰুপ পৰ্যায়ৰ ১১খন খেল সম্পূৰ্ণ হোৱাৰ পিছত ছুপাৰ ৪ পৰ্যায়ৰ বাবে চাৰিটা দলৰ সিদ্ধান্ত লোৱা হৈছে। বৃহস্পতিবাৰে শ্ৰীলংকাই গ্ৰুপ বি-ত আফগানিস্তানক পৰাস্ত কৰি বাহিৰ কৰি দিয়ে। এই ফলাফলে শ্ৰীলংকাৰ লগতে বাংলাদেশক পৰৱৰ্তী ৰাউণ্ডলৈ আগুৱাই লৈ যায়। ভাৰত আৰু পাকিস্তানে গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰে।বৃহস্পতিবাৰে আবুধাবিত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি আফগানিস্তানে ১৬৯ ৰান সংগ্ৰহ কৰে। যোগ্যতা অৰ্জন কৰিবলৈ শ্ৰীলংকাক প্ৰয়োজন হৈছিল ১০১ ৰানৰ। দলটোৱে এই স্ক’ৰ অতিক্ৰম কৰাই নহয় ১৯ অভাৰত মেচখনো জয়ী হয়। গ্ৰুপ বি-ত শ্ৰীলংকাই একেৰাহে তৃতীয়খন খেলত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত ৬ পইণ্টেৰে স্থান দখল কৰে। যদিহে শ্ৰীলংকাই…
Read More
২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত কৰে ভাৰতে। পাকিস্তানে ইউ এ ইক পৰাস্ত কৰি ভাৰতৰ সৈতে গ্ৰুপ এ-ৰ পৰা ছুপাৰ ৪ পৰ্যায়লৈ আগবাঢ়ি যায়। ছুপাৰ ৪ৰ বাকী দুটা দল এতিয়া গ্ৰুপ বি-ৰ হ’ব।এই ৰাউণ্ডত প্ৰতিটো দলে এখন এখন মেচ আনটোৰ বিৰুদ্ধে খেলিব। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত আন এখন মেচ অনুষ্ঠিত হ'ব। এছিয়ান ক্ৰিকেট কাউন্সিলে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পূৰ্বে ছুপাৰ ৪ পৰ্যায়ৰ সূচী চূড়ান্ত কৰিছিল। গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰা দল দুটাক এ১ আৰু এ২,…
Read More
একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

ভাৰতৰ বৈশালী ৰমেশবাবুৱে ফিডে ৱ'মেনছ গ্ৰেণ্ড চুইচ ২০২৫ৰ খিতাপ জয়লাভ কৰিছে।একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ তথ্য অনুসৰি এই জয়েৰে বৈশালীয়ে ৱমেন কেণ্ডিডেটচ ২০২৬ত নিজৰ স্থান নিশ্চিত কৰিছে। বৈশালীৰ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে- এয়া এক বৃহৎ কৃতিত্ব। বৈশালী ৰমেশবাবুক অভিনন্দন। তেওঁৰ আবেগ আৰু নিষ্ঠা এক উদাহৰণ। ভৱিষ্যতৰ বাবে শুভেচ্ছা। একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈশালীক অভিনন্দন জনাই কয় যে এই বিজয় বিশ্ব পৰ্যায়ত দবাত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰমাণ।
Read More