উত্তৰ-পূৱ

ডিব্ৰুগড় চাউলখোৱাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

ডিব্ৰুগড় চাউলখোৱাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চাউলখোৱাত এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। চফিকুল হ’ক নামৰ এই ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এগৰাকী চৰকাৰী গাঁওবুঢ়াকে ধৰি প্ৰায় চাৰিজন লোকে পৃথকে পৃথকে ডিব্ৰুগড় সদৰ থানা আৰু গাভৰুপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ উল্লেখ্য যে প্ৰায় চয় সাতমাহ‌ মানৰ পৰা মুন্নাভাই ৰূপী এই চিকিৎসকজনে চাউলখোৱাত চেম্বাৰ খুলি ৰোগী চোৱাৰ কাম আৰম্ভ কৰিছিল। নিজকে চিকিৎসক হিচাপে পৰিচয় দিয়া চফিকুল হ’ক নামৰ এজন ব্যক্তিয়ে উক্ত চেম্বাৰত আৰম্ভ কৰে ৰোগী চোৱাৰ প্ৰক্ৰিয়া৷ প্ৰাথমিক অৱস্থাত স্থানীয় লোকে উক্ত চেম্বাৰটোত ৰোগীক পৰীক্ষা নিৰিক্ষা কৰা উক্ত ব্যক্তিজনক চিকিৎসক বুলিয়েই ভাবিছিল৷ কিন্তু এগৰাকী স্থানীয় গৰ্ভৱতী মহিলাই স্বাস্থ্য…
Read More

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আজি দুপৰীয়া গড়চুক আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ ড্ৰাগছ । হেৰইণসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়িক। আৰু ধৃত ড্ৰাগছ ব্যৱসায়ী জন বৰপেটা পালহাজিৰ নিবাসী তমেজ কাজী জানিব পৰা গৈছে । মহানগৰীৰ কতাবাৰীৰ দুই নম্বৰ মছজিদ গলীত ভাড়া ঘৰত বাস কৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ।তাৰ পিচতেই ধৃত ড্ৰাগছ ব্যৱসায় জনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২৭ টা ড্ৰাগছৰ কণ্টেইনাৰ।
Read More
যোৰহাটত প্ৰথমটো ছাইবাৰ চিকিউৰটি সজাগতা সভা সম্পন্ন

যোৰহাটত প্ৰথমটো ছাইবাৰ চিকিউৰটি সজাগতা সভা সম্পন্ন

যোৰহাটৰ অগ্ৰণী  শিক্ষানুষ্ঠান গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত মোৰহাট তৰাজানস্থিত শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু গৰুমৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ সহযোগত যোৱা ০৪,০৫ আৰু ০৬ জুলাই তাৰিখে অনুষ্ঠিত কৰ্মশালাৰ প্ৰথম দিনটোত ছাইবাৰ চিকিউৰটি সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ পাত্ৰই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অবিনাশ বৰদলৈ। শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ প্ৰশিক্ষকদ্বয় ময়ুৰী বৰা বৰদলৈ আৰু হেমকান্ত শইকীয়া,লেখক জিতুল বৰা , সৰ্বোদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃনাল কুমাৰ বৰা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল, অভিভাৱক সকল আৰু শতাধিক…
Read More
কাইলৈ ভাৰত-ইংলেণ্ডৰ প্ৰথম এদিনীয়া

কাইলৈ ভাৰত-ইংলেণ্ডৰ প্ৰথম এদিনীয়া

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি লাভাম্বিত হোৱা ভাৰতীয় দলটোৱে কাইলৈ পৰা আয়োজক দেশখনৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা খেলিব। য'ত ভাৰতে টি-২০ৰ ফৰ্ম এদিনীয়াটো বজাই ৰখাৰ চেষ্টা চলাব। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বিশ্বাস কৰে যে দলটোৱে ইয়াৰ আক্ৰমণাত্মক মনোভাৱ বজাই ৰখা উচিত। ইংলেণ্ডে বছৰ বছৰ ধৰি তেওঁলোকৰ আক্ৰমণাত্মক খেলৰ সৈতে এদিনীয়া ক্ৰিকেট খেলাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি কৰিছে। দলটোৱে ২০১৯ চনৰ বিশ্বকাপ খিতাপৰ সৈতে ইয়াৰ সুবিধা লাভ কৰিছিল। টি-২০ ফৰ্মেটত ভাৰতৰ স্থিতি ইংলেণ্ডৰ দ্বাৰা অনুপ্ৰাণিত বুলি কোৱাটো অতিৰঞ্জিত নহ'ব। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া এই বছৰৰ টি-২০ বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত ৰোহিতে কয় যে বগা বলৰ ফৰ্মেটত দলটোৰ প্ৰতিখন খেল এতিয়া গুৰুত্বপূৰ্ণ হ'ব।…
Read More
হকী মহিলা বিশ্বকাপত অভিযান অন্ত ভাৰতৰ

হকী মহিলা বিশ্বকাপত অভিযান অন্ত ভাৰতৰ

ভাৰতীয় মহিলা হকী দলে এফআইএইচ হকী মহিলা বিশ্বকাপ ২০২২ত তেওঁলোকৰ ক্ৰছঅ'ভাৰ মেচত আয়োজক স্পেইনৰ হাতত ১-০ গ'লত পৰাজিত হয়। কোৱাৰ্টাৰ ফাইনেলত উপনীত হ'বলৈ ভাৰতে এই মেচখন যিকোনো প্ৰকাৰে জিকাৰ প্ৰয়োজন আছিল, কিন্তু তেওঁলোকে নোৱাৰিলে। যাৰ ফলত তেওঁলোকৰ বিশ্বকাপত অভিযান অন্ত পৰে। উল্লেখ্য যে ভাৰতীয় মহিলা হকী দলটোৱে বিশ্বকাপৰ তৃতীয়খন খেলত নিউজীলেণ্ডৰ হাতত পৰাজিত হৈছিল। ৭ জুলাইত নেডাৰলেণ্ডৰ এমষ্টেলভিনত অনুষ্ঠিত খেলখনত নিউজীলেণ্ডে ৪-৩ গ'লত জয়লাভ কৰে। এনেদৰে, টীম ইণ্ডিয়াই গ্ৰুপ-বিত এখনো মেচ জিকিব নোৱাৰিলে। ইয়াৰ পূৰ্বে, ভাৰতীয় দলে কেৱল ইংলেণ্ড আৰু চীনৰ বিৰুদ্ধে খেলখন ড্ৰ কৰিবলৈ সক্ষম হৈছিল। দুয়োখন খেলতে নম্বৰ আছিল ১-১। কোৱাৰ্টাৰ ফাইনেলত পোনপটীয়াপ্ৰৱেশৰ বাবে, ভাৰতে যিকোনো মূল্যত এই…
Read More

প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী

লখিমপুৰৰ ঘুনাসূতিত প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী ।উল্লেখযোগ্য যে দৰিদ্ৰ লোকৰ বাবে আৱন্টিত চৰকাৰী গৃহ বক্ৰপথেৰে আৱন্টন পাইছে চৰকাৰী চাকৰিয়ালে ।জানিব পৰা মতে বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিছে চৰকাৰী গৃহ । তাৰ বিপৰীতে কিন্তু প্ৰকৃত দৰিদ্ৰ লোকে পোৱা নাই PMAY গৃহ।ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পিছতো তদন্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে এতিয়া ৰাইজ।ইয়াকে লৈ ঘুনাসুঁতি তিনিআলিত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে।
Read More

নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে

নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গুৰুনি বজাৰত থকা তেল ডিপোৰ কৰ্মচাৰী থকা ঘৰত অগ্নিকাণ্ডৰ ঘটনাটো হোৱা বুলি জানিব পৰা গৈছে।চিলিণ্ডৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে ৰাইজে। কাষতে পেট্ৰল ডিপো থকাত বেচি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।জুইত সম্পুৰ্ণ ঘৰটো জাহ যায় ক্ষয়ক্ষতিৰ পৰিমান বৰ্তমান সময়লৈ জানিব পৰা নাই।সৌভাগ্য ক্ৰমে এই জুইত কোনো লোক হতাহত হোৱা নাই।
Read More

পত্নী দাৰ ঘাপত মৃত্যু স্বামী

ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । নিজ পত্নীয়ে দা'ৰে ঘপিয়াই হত্যা কৰিলে স্বামীক । বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত কলাখোৱা বাহবাৰি গাঁৱ নিবাসী খগেশ্বৰ ওৰফে মইনা দিহিঙীয়াক দা'ৰে ঘপিয়াই হত্যা কৰে পত্নী দেৱযানী দিহিঙ্গীয়াই । বিশেষ কাৰণত বাক বিতণ্ডা হৈছিল স্বামী - পত্নীৰ মাজত । আৰু ইয়াৰ পাছতেই সংঘটিত হয় এই ঘটনা । কাজিয়া আৰম্ভ হোৱাৰ সময়ত সৰু পুত্ৰও আছিল ঘৰতে । পিতৃ- মাতৃৰ কাজিয়া দেখি ওচৰ চুবুৰীয়াক মাতিবলৈ গৈ ঘূৰি অহাৰ আগতে মাতৃ দেৱযানি দিহিঙ্গীয়াৰ দাৰ ঘাপত গুৰুত্ব ভাবে আঘাট প্ৰাপ্ত হয় পিতৃ মইনা দিহিঙীয়া । ইয়াৰ পিছতে গুৰুত্বৰভাৱে আহত খগেশ্বৰ দিহিঙীয়া ওৰফে মইনা দিহিঙীয়াক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ…
Read More
শ্ৰীনগৰৰ লালবজাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক

শ্ৰীনগৰৰ লালবজাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক

চলিত অমৰনাথ যাত্ৰা বাবে স্থাপন কৰা বহুস্তৰীয় নিৰাপত্তা বেস্তনীৰ মাজতে শ্ৰীনগৰৰ লালবজাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকে। ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় আন দুগৰাকী আৰক্ষী। বাতৰি অনুসৰি, মঙলবাৰে সন্ধিয়া শ্ৰীনগৰৰ লালবজাৰৰ জি ডি গোয়েঙ্কা পাব্লিক স্কুল এলেকাৰ সমীপত আৰক্ষীৰ এটা দলে অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে আৰক্ষীলৈ লক্ষ্য কৰি আকস্মিক গুলীবৰ্ষণ কৰে। যাৰ ফলত ঘটনাস্থলীতে শ্বহীদ হয় এএছআই মুস্তাক আহমেদ। ইফালে এই আক্ৰমণৰ ঘটনাত হেড কনিষ্টবল ফৈয়াজ আহমেদ আৰু বিশেষ আৰক্ষী বিষয়া আবু বাকাৰৰো গাত গুলী লাগি গুৰুতৰভাৱে আহত হয়। ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। সমগ্ৰ অঞ্চলটো ঘেৰাও…
Read More
ৰাষ্ট্ৰীয় প্ৰতীক বিতৰ্কঃ বিৰোধীৰ বিকৃতিৰ অভিযোগ, পুৰীয়ে ক’লে- “নিখুঁত প্ৰতিৰূপ”

ৰাষ্ট্ৰীয় প্ৰতীক বিতৰ্কঃ বিৰোধীৰ বিকৃতিৰ অভিযোগ, পুৰীয়ে ক’লে- “নিখুঁত প্ৰতিৰূপ”

সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱনৰ ওপৰত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভটো উন্মোচন কৰে। এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহ নিৰ্মাণ মন্ত্ৰী হৰদ্বীপ পুৰীও উপস্থিত থাকে। কংগ্ৰেছ আৰু আন কিছুমান বিৰোধী দলে নতুন সংসদ ভৱনৰ ওপৰত নিৰ্মাণ কৰা ৬.৫ মিটাৰ উচ্চতাৰ ৰাষ্ট্ৰীয় প্ৰতীকত বিকৃতিৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ই "আকাৰৰ বাহিৰে সাৰনাথত অশোক স্তম্ভৰ এক নিখুঁত প্ৰতিকৃতি।’’ কেন্দ্ৰীয় গৃহ নিৰ্মাণ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে লগতে কয় যে যদি সৰনাথৰ প্ৰতীকটো বঢ়োৱা হয় বা নতুন সংসদ ভৱনৰ প্ৰতীকটো সেই আকাৰলৈ হ্ৰাস কৰা হয়, তেন্তে ইয়াৰ মাজত কোনো…
Read More