উত্তৰ-পূৱ

২০২৮ৰ ১৪ জুলাইৰ আৰম্ভ হ’ব লছ এঞ্জেলছ অলিম্পিক

২০২৮ৰ ১৪ জুলাইৰ আৰম্ভ হ’ব লছ এঞ্জেলছ অলিম্পিক

উদ্বোধনী অনুষ্ঠানটো ১৪ জুলাইত অনুষ্ঠিত হ'ব, য'ত অনুষ্ঠানসমূহ ৩০ জুলাইলৈকে চলিব। পেৰালিম্পিক গেমছ ১৫ ৰ পৰা ২৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। পাঁচবাৰৰ অলিম্পিক পদক বিজয়ী সাঁতোৰবিদ আৰু লছ এঞ্জেলছৰ মুখ্য এথলীট বিষয়া জেনেট ইভান্সে কয়; 'ইয়াৰ সৈতে, সকলো খেলুৱৈয়ে তেওঁলোকৰ লছ এঞ্জেলছ ২০২৮ ৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ৰিয়ভাৱে প্ৰশিক্ষণ আৰম্ভ কৰিব।' লছ এঞ্জেলছে ইয়াৰ পূৰ্বে ১৯৮৪ আৰু ১৯৩২ চনত অলিম্পিক গেমছ আয়োজন কৰিছিল। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) সভাপতি থমাছ বাকও উপস্থিত আছিল তাৰিখ ঘোষণাৰ সময়ছোৱাত। তেওঁ ভৱিষ্যতৰ স্থানসমূহ পৰিদৰ্শন কৰে আৰু লছ এঞ্জেলছ ২০২৮ গেমছৰ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰে। তেওঁ কয়-লছ এঞ্জেলছ ২০২৮ দলৰ প্ৰগতি আৰু সৃজনশীলতাত মই অত্যন্ত প্ৰভাৱিত। তেওঁলোকে…
Read More

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লিত বিজেপি

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লতা বিজেপিৰ । বিজনী চহৰখনত বিজয় ৰেলিৰে আনন্দ–উল্লাস দলটোৰ স্থানীয় নেতা–কৰ্মীৰবিজেপি নেতৃত্বাধীন শাসকীয় এনডিএ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত হৈ পৰাৰ পিছত আজি বিয়লিৰ ফালে বিজনী স্থিত বিজেপিৰ জিলা কাৰ্য্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আনকি আনন্দত উৎফুল্লিত বিজেপিৰ স্থানীয় কাৰ্য্যকৰ্তা আৰু সমৰ্থকসকলে ‘বন্দে মাতৰম’, ‘ভাৰত মাতা কী জয়’, ‘‘দ্ৰৌপদী মুৰ্মূ জিন্দাবাদ আদি ধ্বনিৰে বিজনী ৰাজপথত এক বিশাল সমদলো উলিয়ায় আজিৰ সেই সমদলটোত বিজেপিৰ স্থানীয় বিভিন্ন বিষয়ববীয়াকৈ ধৰি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয় , উপস্থিত থাকে ।
Read More

বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

চিৰাঙৰ পাণবাৰীত মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম্ ডেভল'পমেণ্ট ছছাইটিৰ প্ৰতিবাদ। উল্লেখযোগ্য যে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ বাবে চৈধ্যটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম ডেভলপ'মেণ্ট ছছাইটিৰ উদ্যোগত বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বিটিচি প্ৰশাসনে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অত্যধিক হাৰত প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তিনি ঘণ্টীয়া গণ প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি প্ৰশাসনে পৰ্যটকৰ বাবে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে।বিটিচি প্ৰশাসনৰ এই বৰ্ধিত মাচুলৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ…
Read More

অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ

কলগাছিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিলৰটাৰীত আজি সংঘটিত হোৱা নাভূত নাশ্ৰুত ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলৰটাৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ আৰু একে গাঁৱৰে এটা সন্তানৰ পিতৃ মহম্মদ আলীৰ লগত আছিল দীৰ্ঘ দিনীয়া পৰকীয়া প্ৰেম। আজি মহম্মদৰ পত্নী ঘৰত নথকাৰ সুযোগত মহম্মদ আলীৰ ঘৰত প্ৰৱেশ কৰি লিপ্ত হয় অবৈধ শাৰীৰিক সম্পৰ্কত। খবৰ পাই মহম্মদৰ পত্নী ঘৰত উপস্থিত হৈ ওচৰ চুবুৰীয়াৰ সহযোগত পৰকীয়া প্ৰেমত লিপ্ত হোৱা মহিলা গৰাকীক মাৰপিট কৰাৰ লগতে যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ খবৰ পাই কলগাছিয়া আৰক্ষীয়ে পৰকীয়া…
Read More
এছিয়ান যুৱ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত হৰ্ষদা গৰুড়ৰ স্বৰ্ণ পদক

এছিয়ান যুৱ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত হৰ্ষদা গৰুড়ৰ স্বৰ্ণ পদক

উদীয়মান ভাৰতীয় ভাৰোত্তোলক হৰ্ষদা গৰুড়ে তাচখন্দত অনুষ্ঠিত এছিয়ান যুৱ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত মহিলাৰ ৪৫ কিলোগ্ৰাম শাখাৰ স্বৰ্ণ পদক অৰ্জন কৰে। ১৮ বছৰীয়া ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে সোমবাৰে মুঠ ১৫৭ কিলোগ্ৰাম (৬৯ কিলোগ্ৰাম আৰু ৮৮ কিলোগ্ৰাম) সহ সোণৰ পদক অৰ্জন কৰে। মে'ত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত খিতাপ জয় কৰাৰ সময়ত তেওঁ উত্তোলন কৰা ১৫৩ কিলোগ্ৰাম (৭০ কিলোগ্ৰাম আৰু ৮৩ কিলোগ্ৰাম) ওজনতকৈ চাৰি কিলো অধিক ওজন তুলিছিল। ভাৰতৰ সৌম্য দলভিয়ে ৪৫ কিলোগ্ৰাম যুৱ শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। যুৱ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ীগৰাকীয়ে ১৪৫ কিলোগ্ৰাম (৬৩ কিলোগ্ৰাম আৰু ৮২ কিলোগ্ৰাম) উত্তোলন কৰিছিল। পুৰুষৰ ৪৯ কিলোগ্ৰাম যুৱ শাখাত, এল ধনুষে ৮৫ কিলোগ্ৰাম উত্তোলন কৰি…
Read More
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেন লেণ্ডল চিমন্সৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেন লেণ্ডল চিমন্সৰ

ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেন লেণ্ডল চিমন্সে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ ক্ৰিকেটৰ সকলো ফৰ্মেটত ৩৭৬৩ ৰান সংগ্ৰহ কৰিছিল। ১৯৮৫ চনৰ ২৫ জুনত ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা লেণ্ডল চিমন্সে ২০০৬ চনত ৱেষ্ট ইণ্ডিজৰ হৈ আত্মপ্ৰকাশ কৰে।তেওঁ পাকিস্তানৰ বিৰুদ্ধে এখন এদিনীয়া খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ বাবে অন্তিম খন এদিনীয়া ২০১৫ চনত খেলিছিল। ইয়াৰ পিছত, দুৰ্বল ফৰ্ম আৰু আঘাতৰ বাবে, তেওঁ দলৰ অংশ নাছিল। তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ ৬৮ খন এদিনীয়াত ৩১.৫৮ গড়ে ১৯৫৮ ৰান সংগ্ৰহ কৰিছিল। তেওঁ তেওঁৰ এদিনীয়া কেৰিয়াৰত মাত্ৰ দুটা শতক অৰ্জন কৰিব সক্ষম হৈছিল। চিমন্সৰ টেষ্ট কেৰিয়াৰ বৰ ভাল নাছিল। তেওঁ…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা  ৰাজ্যখনৰ ভিতৰত বৃহত্তম  আজুৰ পাৱাৰৰ ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প উদ্বোধন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা  ৰাজ্যখনৰ ভিতৰত বৃহত্তম  আজুৰ পাৱাৰৰ ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প উদ্বোধন

 ভাৰতৰ আগশাৰীৰ বহনক্ষম শক্তি প্ৰদানকাৰী তথা নবীকৰণযোগ্য শক্তি উৎপাদক, আজুৰ পাৱাৰ (NYSE: AZRE)-এ ৰাজ্যখনৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প হিচাপে চিহ্নিত ইয়াৰ ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি ঘোষণা কৰিছে। ৰাজ্যখনৰ ওদালগুৰি আৰু বকোত আজুৰ পাৱাৰ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) যুটীয়াভাৱে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰকল্পৰ উদ্বোধন কৰে।  প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত শক্তি দীৰ্ঘম্যাদী 25 বছৰীয়া পিপিএ-ৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক যোগান ধৰা হ'ব। চাৰিখন জিলা- ওদালগুৰি, বকো, নগাঁও, আৰু কাছাৰত বিস্তৃত এই প্ৰকল্পটো পৰ্যায়ক্ৰমে আৰম্ভ কৰা হৈছিল। উদ্বোধনী অনুষ্ঠানত মন্তব্য প্ৰকাশ কৰি আজুৰ পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া…
Read More

লাহৰীঘাটত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

লাহৰীঘাটত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ বান গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত লাহৰীঘাটত মৰিগাওঁ জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মোখত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকৰ ছয়দফীয়া দাবীসম্বলিত এখন স্মাৰক পত্ৰ স্থানীয় চক্ৰবিষয়াৰ জৰিয়তে মৰিগাওঁ জিলা উপায়ুক্তলৈ প্ৰেৰন কৰে ।
Read More

বাক্সাৰ কৃষি পথাৰত ৰোৱনীৰ ৰূপত কাৰ্যবাহী সদস্য ঘনশ্যাম দাস

বাক্সাৰ কৃষি পথাৰত ৰোৱনীৰ ৰূপত কাৰ্যবাহী সদস্য ঘনশ্যাম দাসবাক্সাৰ এগৰাকী ব্যতিক্ৰমী জনপ্ৰতিনিধি। সাধাৰণ ৰোৱনীৰ সৈতে একাকাৰ হৈ পথাৰত বোকা পানী গচকি কঠিয়া ৰুই আনন্দ অনুভৱ কৰিছে এই গৰাকী জনপ্ৰতিনিধিয়ে। সাধাৰণ জনতাৰ সৈতে একাকাৰ হোৱা এই গৰাকী জনপ্ৰতিনিধি হ'ল বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস। যিসময়ত মন্ত্ৰী-বিধায়কে লোকক দেখুৱাবলৈ কেমেৰাৰ সন্মুখত পথাৰত নামি এক ক্ষনিক নাটকৰ সৃষ্টি কৰে তেনে সময়তে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কোনো ধৰণৰ কৃত্ৰিমতা নৰখাকৈয়ে আন্তৰিকতাৰে পথাৰত নামি বোকাত লুতুৰি পুতুৰি হোৱা দৃশ্যই সকলোকে আনন্দিত কৰি তুলিছে। নিজে কঁঠীয়া ৰোপণৰ পিছতে কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে আজি শ্ৰীলংকাত যি অৰ্থনৈতিক দূৰৱস্থাই দেখা দিছে, সেই দূৰৱস্থা আমাৰ দেশতো…
Read More
এফআইএইচৰ সভাপতি-আইঅ’চিৰ সদস্য পদ ত্যাগ নৰিন্দৰ বাত্ৰাৰ

এফআইএইচৰ সভাপতি-আইঅ’চিৰ সদস্য পদ ত্যাগ নৰিন্দৰ বাত্ৰাৰ

প্ৰবীণ ক্ৰীড়া প্ৰশাসক নৰিন্দৰ বাত্ৰাই সোমবাৰে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন (এফআইএইচ)ৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে আৰু লগতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (আইঅ'চি) সদস্য পদ ত্যাগ কৰে। ২৫ মে'ত দিল্লী উচ্চ ন্যায়ালয়ে হকী ইণ্ডিয়াত এজন 'আজীৱন সদস্য'ৰ পদ বাতিল কৰাৰ পিছত বাত্ৰাই আন্তৰ্জাতিক অলিম্পিক সংস্থাৰ (আইঅএ) সভাপতি পদ ত্যাগ কৰিব লগা হৈছিল। বাত্ৰাই ২০১৭ চনত হকী ইণ্ডিয়াৰ আজীৱন সদস্য হিচাপে আইঅ'এ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু জিকিছিল। তিনিখন পৃথক পত্ৰৰ জৰিয়তে, বাত্ৰাই আনুষ্ঠানিকভাৱে আইঅ'এ, আইঅ'চি. আৰু এফআইএইচ-ত তেওঁৰ পদৰ পৰা পদত্যাগ কৰে। উল্লেখ্য যে বাত্ৰাৰ আইঅ'চি সদস্যপদ তেওঁৰ আইঅ'এ ৰ সভাপতিত্বৰ সৈতে জড়িত আছিল কিন্তু এফআইএইচৰ পৰা তেওঁৰ পদত্যাগ এক আচৰিত কথা যিহেতু…
Read More