উত্তৰ-পূৱ

বাক্সাত “হৰ ঘৰ তিৰংগ” কাৰ্য্যসূচী পালন

বাক্সাত "হৰ ঘৰ তিৰংগ" কাৰ্য্যসূচী পালন। বাক্সাৰ ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে "আজাদীৰ অমৃত মহোৎসৱত"।বাক্সাৰ ভাৰত ভুটান সীমান্তত দিনে নিশাই পহৰা দি অহা ২৭ নং বাহিনী সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ "এ" সমবায় মইনাগুৰিৰ উদ্যোগত আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ অন্তৰ্গত অৰ্নেবিলৰ বাহাদুৰ সিং ব্ৰহ্ম এম্ ভি স্কুলত পালন কৰা হয় "হৰ ঘৰ তিৰংগ" কাৰ্য্যসূচী । সীমান্ত অঞ্চলত সাধাৰণ ৰাইজৰ লগতে প্ৰাথমিক, মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক এক গোট কৰি এছ এছ বিৰ জোৱান সকলে দেশভক্তি মূলক কাৰ্যক্ৰমৰ আয়োজন কৰে । উক্ত কাৰ্যক্ৰমৰ জৰিয়তে জোৱানসকলে ছাত্ৰ ছাত্ৰীৰ আৰু স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। ২৭ নং…
Read More

গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । আকৌ আৰক্ষীৰ তীব্ৰ অভিযানত পাচঁজনকৈ জুৱাৰী আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।উল্লেখযোগ্য যে পুনৰ গৌৰীপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আটক কৰিলে পাঁচজনকৈ জুৱাৰীক।গৌৰীপুৰৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি শুক্ৰবাৰে নিশা গৌৰীপুৰ আৰক্ষীয়ে মধুশৌলমাৰী ১ম খণ্ড গাওঁত অভিযান চলাই জুৱাৰী কেইজনক আটক কৰাৰ লগতে তাশপাত, তিনিটা মোবাইল ফোন আৰু নগদ ১৮,৭৮০টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইজন হৈছে মজিজুল ৰহমান, আনিছুৰ আলী, আব্দুল মান্নান, আব্দুল আজিজ আৰু ৰফিকুল আলী।জুৱাৰী কেইজনে প্ৰতি নিশা লাখ - লাখ টকাৰ জুৱাৰ আড্ডা বহুৱাই আহিছিল দীৰ্ঘ দিনৰ পৰা ৷ক্ষন্তেক পৃৰ্ৱ জুৱাৰী কেইজনক গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰী…
Read More

এজন ব্যক্তিৰ চিকিৎসাৰ বাবে সহায়ৰ আহবান পৰিয়ালৰ লোকৰ

দুই সন্তানৰ পিতৃ যুৱক জনৰ চিকিৎসাৰ বাবে সহায় বিচাৰি পৰিয়ালৰ লোকৰ কাতৰ আহ্বান।কাৰ জীৱনত কেতিয়া নামি আহে অন্ধকাৰ সেয়া কোনেও কব নোৱাৰে। তেনেই এক দুখলগা ঘটনা সংঘটিত হল বাহাৰুল ইছলামৰ জীৱনত।! এবছৰ পূৰ্বে লহৰীয়া ডিপ চৰৰ বাহাৰুলইছলাম আছিল এগৰাকী সুস্থ-সৱল ডেকা।কিন্তু আজি এই বাহাৰুলৰ ইছলামৰ চাওক কি অৱস্থা ।বাহাৰুল ইছলামৰ আছে দুটা কৈ সন্তান বিগত এবছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈছে বাহাৰুল । বাহাৰুলৰ চিকিৎসাৰ বাবে যত যি আছিল সকলো সম্বলেই শেষ কৰি মাটি ঘৰ বিক্ৰি কৰি বৰ্তমান থাকে আনৰ ঘৰত ।এতিয়া বাহাৰুলৰ প্ৰয়োজন এক উন্নত চিকিৎসাৰ গতিকে বাহাৰুলক যাতে সকলোৱে সহায়ৰ হাত আগবঢ়াই বাহাৰুলক সুস্থ কৰি তোলাত সহায়…
Read More
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰছিলে নাইজেৰিয়াৰ স্প্ৰিণ্টাৰ টবি আমুছানীয়ে

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰছিলে নাইজেৰিয়াৰ স্প্ৰিণ্টাৰ টবি আমুছানীয়ে

 নাইজেৰিয়াৰ স্প্ৰিণ্টাৰ টবি আমুছানীয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰিছে। টবিয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলা হৰ্ডলছ ইভেণ্টৰ বিশ্ব অভিলেখ ভংগ কৰিছে। ২৫ বছৰীয়া এথলীটগৰাকীয়ে দুঘণ্টাৰ ভিতৰতে নিজৰ অভিলেখ ভংগ কৰে। ইউজিনত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত টবিয়ে প্ৰথম ছেমি ফাইনেলত ১২.১২ ছেকেণ্ডৰ সৈতে এক নতুন বিশ্ব অভিলেখ গঢ়ে আৰু মাত্ৰ ২ ঘণ্টাত নিজৰ অভিলেখ অতিক্ৰম কৰে।ছেমি ফাইনেলত ১২.১২ ছেকেণ্ডৰ অভিলেখ গঢ়াৰ পিছত, ফাইনেলত টবিয়ে তেওঁৰ সময় হ্ৰাস কৰি মাত্ৰ ১২.০৬ চেকেণ্ডত  ইভেণ্টটো সমাপ্ত কৰে আৰু এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ সৈতে, তেওঁ চেম্পিয়নশ্বিপৰ মহিলাৰ ১০০ মিটাৰ হৰ্ডলছৰ সোণৰ পদক অর্জন কৰে।
Read More

হাজোত উপস্থিত কামৰূপ জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী 

হাজোত উপস্থিত কামৰূপ জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী হাজোত উপস্থিত পৰিবহন উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।হাজো ৰাজহ চক্ৰ কাৰ্যলয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী।হাজোৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বহু অঞ্চলত বান বিভীষিকাৰ অন্তত সৰ্বস্বান্ত হৈ বহু লোক বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । আজি হাজোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লবলৈ হাজোত উপস্থিত হ'য় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
Read More

লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত হ’ব একেলগে ৬০০ যোৰা দম্পত্তীৰ সামুহিক বিবাহ

লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত হ'ব একেলগে ৬০০ যোৰা দম্পত্তীৰ সামুহিক বিবাহ। আয়তীৰ উৰুলি-পুৰুহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হব লখিমপুৰৰ আকাশ বতাহ। লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত ছশ জোৰা দম্পতীৰ সামুহিক বিবাহ উপলক্ষে অহা তিনি আগষ্টত সৃষ্টি হব এনে উখল মাখল পৰিবেশ। লখিমপুৰৰ সামুহিক বিবাহ সংষ্কাৰ অনুষ্ঠানৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দা হান্স ফাউন্ডেচনৰ সহযোগত আয়োজন কৰা হৈছে এই সামুহিক বিবাহ অনুষ্ঠান। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত বিবাহ সংষ্কাৰ সমিতিয়ে এই অনুষ্ঠানৰ উপৰি জিলাখনত অহা ১৬ আগষ্টত হব লগীয়া আন দুটা সামুহিক বিবাহ সংষ্কাৰ অনুষ্ঠানৰ বিষয়েও সদৰি কৰে। এই বিবাহ সংষ্কাৰ অনুষ্ঠানত দা হান্স ফাউন্ডেচনৰ প্ৰতিষ্ঠাপকৰ লগতে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে…
Read More

পখিলা খেলা সময়ত এগৰাকী কণমানি দেৱ শিশু কৰ্কট ৰোগত আক্ৰান্ত।

পখিলা খেলা সময়ত এগৰাকী কণমানি দেৱ শিশু কৰ্কট ৰোগত আক্ৰান্ত।যোৱা এবছৰ ধৰি দিন হাজিৰা কৰা পিতৃ মাতৃয়ে চিকিৎসা কৰি ভাগৰি পৰিছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ দিন হাজিৰা কৰা পিতৃ মাতৃ উন্নত চিকিৎসা বাবে।উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মটক চাহ বাগিচাৰ খেলমাটি লাইনৰ অজিত তাতী আৰু সুমিত্ৰা মিৰ্ধা তাতীৰ একমাত্ৰ কন্যা সন্তান ৩ বছৰীয়া সন্তান যোহী তাতী বিগত এটা বছৰৰ পৰা আক্ৰান্ত হৈছে গুৰুতৰ কৰ্কট ৰোগত। কণমানি জনীৰ দৰিদ্ৰ পিতৃ মাতৃয়ে প্ৰায় এটা বছৰ ধৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তাইৰ চিকিৎসা কৰি আছে যদিও তাইৰ অৱস্থা বৰ্তমান অধিক গুৰুতৰ হৈ পৰাত চিকিৎসকে পৰিয়ালটোক পৰামৰ্শ দিছে শীঘ্ৰেই তাইক অসমৰ বাহিৰৰ…
Read More
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৩৩ পদকৰে আমেৰিকাৰ অভিলেখ

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৩৩ পদকৰে আমেৰিকাৰ অভিলেখ

চিডনী মেকলাফলিনৰ উৎকৃষ্ট প্ৰদৰ্শনে আমেৰিকা যুক্তৰাষ্ট্ৰক মহিলাৰ ৪×৪০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাত সহায় কৰে আৰু ইয়াৰ সৈতে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁলোকৰ মুঠ পদকৰ সংখ্যা ৩৩ লৈ বৃদ্ধি পায়, যি এক নতুন অভিলেখ। দেওবাৰে বিশ্ব চেম্পিয়নশ্বিপত আন দুটা অভিলেখও স্থাপন কৰা হৈছিল। নাইজেৰিয়াৰ টবি আমুচানে ১২.১২ ছেকেণ্ড সময়ৰ সৈতে মহিলাৰ ১০০ মিটাৰ হৰ্ডলছত এটা নতুন অভিলেখ গঢ়িছিল। ৯০ মিনিটৰ পিছত, তেওঁ ইভেণ্টটোৰ সোণৰ পদকো জিকিছিল। তেওঁৰ অন্তিম সময় আছিল প্ৰকৃততে ১২.০৬ কিন্তু তেতিয়া তীব্ৰ বতাহ বলি আছিল, সেয়েহে তেওঁ ৰেকৰ্ড বুকত প্ৰৱেশ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে। অন্তিম লেপত মেকলাফলিনৰ সুন্দৰ প্ৰদৰ্শনৰ পিছত, ছুইডেনৰ আৰ্মাণ্ড ডুপ্লেণ্টিছে পুৰুষৰ পোল ভল্টত ৬.২১…
Read More
ৱেষ্ট ইণ্ডিজ ভ্ৰমণক লৈ নিউজীলেণ্ডৰ দল ঘোষণা

ৱেষ্ট ইণ্ডিজ ভ্ৰমণক লৈ নিউজীলেণ্ডৰ দল ঘোষণা

 নিউজীলেণ্ড ক্ৰিকেট ব'ৰ্ডে দেওবাৰে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে কেন উইলিয়ামছনৰ অধিনায়কত্বত এদিনীয়া আৰু টি-২০ দল ঘোষণা কৰে। কিৱি ক্ৰিকেট ব'ৰ্ডে দলটোত ১৫ জন খেলুৱৈৰ নাম উল্লেখ কৰিছে।নিউজীলেণ্ডে ১১ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া কেৰিবিয়ান ভ্ৰমণত তিনিখন খেলৰ টি-২০ আৰু এদিনীয়া শৃংখলা খেলিব। ২০১৪ চনৰ পিছত এইটো ৱেষ্ট ইণ্ডিজৰ নিউজীলেণ্ডৰ প্ৰথম ভ্ৰমণ। মাৰ্টিন গুপ্টিল, ট্ৰেণ্ট ব'ল্ট, টিম চাউদিৰ দৰে জ্যেষ্ঠ অভিজ্ঞ খেলুৱৈৰ লগতে ফিন এলেন, মাইকেল ব্ৰেছৱেলৰ দৰে যুৱ খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ বাবে ১০০ দিনতকৈও কম সময় বাকী আছে। এনে পৰিস্থিতিত, নিউজীলেণ্ডৰ দলটোৱেও বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব। কেন উইলিয়ামছন, ট্ৰেণ্ট ব'ল্ট,…
Read More
গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন

সাহিত্য সমাজে ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক বিকাশত সহায় কৰে৷আমি সমাজত এনে কাম কৰিব লাগে যাতে মৃত্যুৰ পাছতো সকলোৱে সোঁৱৰি থাকে৷মানুহ অমৃতৰ সন্তান৷মিলাপ্ৰীতিৰে থকাটোৱে আমাৰ উদ্দেশ্য হ’ব লাগে৷-এই মন্তব্য ড° বিমলকৃষ ভট্টাচাৰ্যৰ৷২৪ জুলাইত গণেশপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ পঞ্চবিংশতিতম বাৰ্ষিক অধিৱেশনত এইদৰে কয় শিক্ষা বিভাগৰ প্ৰাক্তন উপ সঞ্চালক ড° বিমলকৃষ ভট্টাচাৰ্যই৷প্ৰাক্তন সম্পাদক উমেশ চন্দ্ৰ ভাগৱতীয়ে আঁত ধৰা সভাৰ প্ৰাৰম্ভণিতে সাংস্কৃতিক সম্পাদক ৰীনা দাসৰ পৰিচালনাত আৰম্ভণি গীতেৰে অনুষ্ঠান আৰম্ভ হয়৷সাহিত্য সমাজৰ সভাপতি লংকেশ্বৰ ডেকাই পৌৰোহিত্য কৰা সভাত উদ্দেশ্য ব্যাখ্যা আৰু বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক গকুল বৰুৱাই৷সদস্য উমাকান্ত কলিতাই মুখ্য অতিথিৰ পৰিচয় দাঙি ধৰা সভাত আদৰণি ভাষণ দিয়ে…
Read More