উত্তৰ-পূৱ

বটদ্ৰৱাৰ হাইডুবীত একে নিশাই তিনিঘৰত চুৰি কাণ্ড

বটদ্ৰৱাৰ হাইডুবীত একে নিশাই তিনিঘৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে ড্ৰাগছ আসক্ত আৰু জোৱাৰীয়ে চুৰি কাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।সোমবাৰে নিশা বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবী গাঁৱত একে নিশাই তিনিঘৰত চোৰে চলালে চাফাই অভিযান।হাইডুবি গাঁওৰ কাজিম উদ্দীনৰ ঘৰত নিশা সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি মবাইল এটা,টকা ৬হাজাৰ,আৰু এছ,বি,আই এটিএম এটা,একে গাঁৱৰে ইন্নছ আলীৰ ঘৰৰ বৈদ্যুতিক মটৰ এটা ,একে গাঁৱৰে আন এটা ঘৰৰ পৰা গেছ ছিলিণ্ডাৰ লৈ যায়।উক্ত চুৰিকাণ্ড ড্ৰাগছ আসক্ত আৰু জুৱাৰীয়ে সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী লোক সকলে।এই সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগী সকলে বটদ্ৰৱা আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব দিয়ে।এই ক্ষেত্ৰত বটদ্ৰৱা আৰক্ষীয়ে কেনে…
Read More

সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা

সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা ।কাণহাৰ নাই নেশ্বনেল হাইওৱেৰ বিভাগীয় কতৃপক্ষৰ।উল্লেখযোগ্য যে বিজনীৰ দহলাপাৰা টোলগেটৰ পৰা গুৱাহাটী অভিমুখে ভৱানীপুৰ গলিয়া টোলগেটলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা জৰাজীৰ্ণ অৱস্থা। ৰাস্তাৰ মাজ ভাগসমূহত মৰণফান্দলৈ পৰিণত হৈছে ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰভোগৰ বেকী নদীৰ দলং, শিমলাগুৰী হাউলি আদি কেইবাখন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গাতত পৰিণত হৈছে । বিশেষকৈ সৰভোগৰ ঐতিহ্যমণ্ডিত মইনবড়ী সত্ৰৰ নিজ কাষতে ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দলৈ পৰিণত হৈছে। যানবাহন যাতায়তৰ ক্ষেত্ৰত অসুবিধা সম্মুখীন হব লগা হৈছে । দিনে নিশাই বৃদ্ধি পাইছে যানবাহন দুৰ্ঘটনা। সৰভোগৰ পশ্চিম আৰু পূবত ৩০ কিলোমিটাৰ নিলগত দুখনকৈ টোলগেট থকা সত্বেও ঘাইপথৰ মেৰামতি কৰা ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষ্য…
Read More

পানীখাইতি ৰে’লগেটত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী

পানীখাইতি ৰে'লগেটত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী। মহানগৰীৰ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী ৩নং ৰাজ্যিক ঘাইপথৰ পানীখাইতিৰ দ্বৈত ৰে'লৱে লেভেল ক্ৰছিংত উৰণীয়া সেঁতু নিৰ্মাণৰ আধাৰশিলা স্থাপন ইতিমধ্যে হয়ছে যদিও আজিকোপতি কোনো ধৰণৰ কাম আগবঢ়া নাই। বিগত বৰ্ষৰ অক্টোবৰ মাহত স্থানীয় বিধায়ক অতুল বৰাই লোক নিৰ্মান বিভাগৰ আয়ুক্ত ৰাজেশ কেম্প্ৰাইৰ উপস্থিতিত উৰণীয়া সেতু খনৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু আজিলৈ ১ শতাংশও কাম আৰম্ভ নকৰিলে ফলত ৰে'ল লাইনটোৰে ৰে'ল পাৰ হোৱা সময়ত বহু সময় ধৰি যানজটত দুৰ্ভোগ ভুগিব লগীয়া হয় পথটোৰে অহাযোৱা কৰা আটাইবোৰ যান-বাহন। ফলত অতিশীঘ্ৰে পানীখাইতি ৰে'লৱে দ্বৈত লেভেল ক্ৰছিংত উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন…
Read More
ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীত চুটি চলচ্চিত্র মহোৎসৱ

ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীত চুটি চলচ্চিত্র মহোৎসৱ

ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীরে আজিৰে পৰা দুদিনীয়াকৈ একাডেমীৰ প্ৰাংগণত ডিপ ফ'কাচ স্টুডেন্ট শর্ট ফিল্ম ফেষ্টিভেলৰ আয়োজন কৰে। উক্ত চুটি ছবি মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ ছাত্ৰ চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত এই চুটি মহোৎসৱখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ড্রিম হাউছ প্ৰডাকছনৰ সঞ্চালক নীতা শৰ্মাই। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে ডি এফ এছ এছ এফ মহোৎসৱৰ প্ৰথম অভিনত ৫২ খন চুটি চলচ্চিত্রই অংশগ্রহণ। কৰে যদিও ইয়াৰে ২০ খন চলচ্চিত্ৰ বাছনি কৰা হয়। উক্ত ২০ খন চুটি চলচ্চিত্ৰৰ ভিতৰৰ পৰা ১০ খন চলচ্চিত্র বিশেষ প্ৰদৰ্শনৰ বাবে বাছনি কৰা হয়। উক্ত মহোৎসৱত উদ্বোধনী চলচ্চিত্ৰ…
Read More
কমনৱেলথ গেমছৰ হকীত জয়ৰে অভিযান আৰম্ভ ভাৰতৰ

কমনৱেলথ গেমছৰ হকীত জয়ৰে অভিযান আৰম্ভ ভাৰতৰ

ভাৰতীয় পুৰুষ হকী দলে কমনৱেলথ গেমছত দেওবাৰে তেওঁলোকৰ প্ৰথমখন পুল 'বি' খেলত ঘানাক ১১-০ গ'লত পৰাস্ত কৰাৰ লগে লগে এক সুন্দৰ বিজয়েৰে অভিযান আৰম্ভ কৰে। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতে প্ৰথম কোৱাৰ্টাৰত তিনিটা, দ্বিতীয়টোত দুটা, তৃতীয়টোত চাৰিটা আৰু অন্তিম কোৱাৰ্টাৰত দুটা গ'ল কৰে। ১৫০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ খেলি থকা হৰমনপ্ৰীত সিঙে তিনিটা, জগৰাজ সিঙে দুটা কৈ গ'ল কৰাৰ বিপৰীতে অভিষেক, মনদীপ সিং, নীলকান্ত শৰ্মা, শমছেৰ সিং, বৰুণ কুমাৰ আৰু আকাশদীপ সিঙে এটাকৈ গ'ল কৰে। ভাৰতীয় দলটোৱে কাইলৈ ইংলেণ্ডৰ সৈতে খেলিব। প্ৰথমাৰ্ধত ভাৰতে পাঁচটা গ'ল কৰে আৰু দ্বিতীয়াৰ্ধত দুটা গ'ল কৰে। ভাৰতীয় দলটোৱে খেলখনত ১৩ টা পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল,…
Read More
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ অসম কলেজ শিক্ষক সংস্হাৰ ১০ লাখ টকা অনুদান আৰ ২৫ খন গ্ৰন্হ প্ৰদান

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ অসম কলেজ শিক্ষক সংস্হাৰ ১০ লাখ টকা অনুদান আৰ ২৫ খন গ্ৰন্হ প্ৰদান

বিগত সময়চোৱাত অসমত হোৱা বানপানীয়ে অসমৰ প্ৰায় ৪০ লাখ লোকক সৰ্বস্বান্ত কৰিলে। বৰ্তমান সময়তো যথেষ্ঠ সংখ্যক লোক মাঠাউৰিতে থকা পৰিলক্ষিত হৈছে। এনে পৰিস্হিতিৰ কিছুপৰিমানে হলেও মোকাবিলা কৰিবৰ বাবে অসম কলেজ শিক্ষক সংস্হাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ১০ লাখ টকাৰ অনুদান আগবঢ়াইছে। যোৱা ২৮ জুলাই তাৰিখে মুখ্যমন্ত্ৰীৰ কাৰ্যলয়ত অসম কলেজ শিক্ষক সংস্হাৰ সভাপতি হিমাংশু মৰল আৰু সম্পাদক ড. জয়ন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটা সজাতি দলে মুখ্যমন্ত্ৰী মহোদয়ক এই চেক প্ৰদান কৰে।লগতে যোৱা ১৩ মে তাৰিখে মুখ্যমন্ত্ৰী কাৰ্যলয়ৰ পুথিভড়ালৰ বাবে অসম কলেজ শিক্ষক সংস্হাৰ দ্বাৰা প্ৰকাশিত কিতাপৰ অনুদান বিচাৰি কৰা অনুৰোধৰ প্ৰতি সন্মান জনাই অসম কলেজ শিক্ষক সংস্হাৰ দ্বাৰা প্ৰকাশিত মুঠ ২৫ খন…
Read More

আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰা কথাত ক্ষুন্ন হৈ এজাহাৰ দাখিল কৰিলে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছে

সমগ্ৰ আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰা কথাত ক্ষুন্ন হৈ এজাহাৰ দাখিল কৰিলে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছে। ভাৰতীয় জনতা মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী আংগুৰ লতা ডেকা আৰু সংখ্যালঘু মৰ্চাৰ নেতৃত্বত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মক কোনো ব্যক্তিয়ে সন্মানসুচক মন্তব্য কৰাৰ প্ৰতিবাদত এক শোভাযাত্ৰা বাহিৰ কৰিছিল যোৱা ২৯ জুলাইত। কিন্তুু সেই প্ৰতিবাদী শোভাযাত্ৰাত আহোম জাতিক উদ্দেশ্য আহোম জাতি মুৰ্দাবাদ বুলি আপত্তিজনক মন্তব্য কৰি আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰাৰ এক ষড়যন্ত্ৰৰ প্ৰতিবাদত লখিমপুৰ জিলা যুৱ কংগ্ৰেছীয়ে শোভাযাত্ৰাত নেতৃত্ব দিয়া আংগুৰ লতা ডেকাৰ বিৰুদ্ধে লখিমপুৰ সদৰ আৰক্ষী থানাত এক গোছৰ ৰোজো কৰে। লগতে…
Read More

অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত!

অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত। ৰাজ্যৰ সাতাইশ খন জিলাত মুকলি হল পেন্সন সেৱা কেন্দ্র। দীৰ্ঘদিন ধৰি অৱসৰৰ পাছত পেন্সন লাভৰ ক্ষেত্রত শিক্ষক সকলে ভোগ কৰি অহা সমস্যা দুৰ কৰাৰ বাবে ৰাজ্যৰ ২৭ খন জিলাত পেন্সন সেৱা কেন্দ্র মুকলি কৰা হয়। লখিমপুৰৰ জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত সংলগ্ন কৰি নিৰ্মাণ কৰা এই সেৱা কেন্দ্রটো উদ্বোধন কৰে অভিভাবক মন্ত্রী সঞ্জয় কিষানে। উপায়ুক্ত, বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ উপস্থিতিত সেৱা কেন্দ্রটো আনুষ্ঠানিকভাবে উদ্বোধন কৰি মন্ত্রী সঞ্জয় কিষানে শিক্ষা বিভাগত বিষয়া কৰ্মচাৰীৰ অভাৱৰ কথা প্ৰকাশ কৰি অচিৰেই চৰকাৰে এই সমস্যা দুৰ কৰাৰ ব্যবস্থা কৰিব বুলি কয়। অসম অৰুণাচলৰ সীমা সমস্যাৰ প্ৰসংত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি…
Read More

ধনশিৰি জীয়াৰী ৰিয়াই আকৌ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

ধনশিৰি মহকুমাৰ অন্যান্য প্ৰতিভাৰ লগতে ক্ৰিয়া জগতটো বিভিন্ন শিতানত খিতাপ অৰ্জন কৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ধনশিৰি মহকুমাৰ বৰপথাৰৰ বৰপাভজান গাওঁৰ ৰিয়া মণি বঢ়োৱে অসম যুৱ অলিম্পিকত ভাৰ উত্তোলনৰ ৪৫ কেজি শাখাত ব্ৰঞ্জ পদক লৈ গৌৰৱ কঢ়িয়াই আনে ৷ ৰিয়া এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ দশম শ্ৰেণীৰ ছাত্ৰী ৷ ৰিয়াৰ মাক দেউতাকে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে ৰিয়াৰ ক্ৰিয়া জগততো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে ৷ ৰিয়া ভাৰ উত্তোলনৰ উপৰিও সংগীততো ৰাপ আছে ৷ ৰিয়াই যাতে ৰাষ্ট্ৰীয় পয্যায়টো খেলি অসমৰ লগতে ধনশিৰি মহকুমালৈয়ো সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনা কৰিছোঁ ৷
Read More

টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে

বঙাইগাঁৱৰ গোলাপাৰা বাংলাপাৰ গাওঁ পঞ্চায়তত GPC আৰু GRS ৰ লুন্ঠনৰাজ। টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে। জিলা উপায়ুক্তক ইতিমধ্যে অভিযোগ দাখিল কৰিছে ভুক্তভোগী ৰাইজে।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা - বাংলাপাৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন মোকলাই দিয়াৰ নামত GRS আৰু GPC য়ে লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। GRS শ্বাহিদুল ইছলাম আৰু GPC ৰুহুল আমিনে গোলাপাৰা ১ম খণ্ডৰ হিতাধিকাৰীৰ ধন মোকলাই দিয়াৰ নামত 1/2 হাজাৰ কৈ টকা উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপন হৈছে। যিসকল হিতাধিকাৰীয়ে উৎকোচৰ ধন আদায় নিদিয়ে সেইসকলৰ ধন মোকলাই নিদিয়ে GPC আৰু GRS য়ে। ফলত হিতাধিকাৰী সকলে দুয়োজন পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে বঙাইগাঁও…
Read More