উত্তৰ-পূৱ

১৫ ,আগষ্টৰ ভিতৰত গুৱাহাটীৰ চিটিবাছ সেৱাক ন- ৰূপ দিয়াৰ চেষ্টা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ

১৫ ,আগষ্টৰ ভিতৰত গুৱাহাটীৰ চিটিবাছ সেৱাক ন- ৰূপ দিয়াৰ চেষ্টা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ

গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চিটিবাছ সেৱাক আগন্তক স্বাধীনতা দিৱসৰ আগতে ন - ৰূপ দিয়াৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । আনকি ৰাজ্যৰ  মুখ্যমন্ত্রী ডঃ  হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাটোক  যাত্ৰী আৰু সাধাৰণ ৰাইজৰ অনুকূল কৰি গঢ় দিবলৈ গুৱাহাটীৰ পৰিবহণ সেৱাৰ লগত জড়িত বিষয়া সকলক ২ আগষ্টত  দিছপুৰত  জিলা পৰিবহণ বিষয়া সকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ পাছদিনাই ৩ আগষ্টত  পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলা  পৰিবহণ বিভাগ , গুৱাহাটীত চলাচল কৰা  চিটিবাছ সেৱাক প্ৰতিনিধিত্ব কৰা চাৰিটাকৈ সন্থা…
Read More
টাটা মটৰ্ছৰ প্ৰৱাস ৩.০ ত গণ গতিশীলতা সমাধান উপস্থাপন

টাটা মটৰ্ছৰ প্ৰৱাস ৩.০ ত গণ গতিশীলতা সমাধান উপস্থাপন

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা আৰু দেশৰ আগশাৰীৰ যাত্ৰীবাহী বাণিজ্যিক গতিশীলতা কোম্পানী টাটা মটৰ্ছে প্ৰৱাস ৩.০-ত সাতটা অত্যাধুনিক গণ গতিশীলতা সমাধান উপস্থাপন কৰিছে।হায়দৰাবাদত ৫-৬ আগষ্ট ২০২২ তাৰিখৰ পৰা অনুসূচীত, টাটা মটৰ্ছে ভাৰতৰ ফ্লেগশ্বিপ বাছ আৰু কাৰ ট্ৰেভেল শ্ব'ৰ তৃতীয় সংস্কৰণত একাধিক ইন্ধন বিকল্পত যাত্ৰীবাহী বাণিজ্যিক বাহনৰ এক শক্তিশালী সামগ্ৰী পৰ্টফলিঅ' প্ৰদৰ্শন কৰে। প্ৰৱাস ৩.০-ত 'সুৰক্ষিত, স্মাৰ্ট আৰু বহনক্ষম যাত্ৰীৰ গতিশীলতাৰ দিশত' বিষয়বস্তুৰ সৈতে নিজকে সংৰেখিত কৰি, টাটা মটৰ্ছে অন্তিম মাইল আৰু দীঘলীয়া ব্যাপক গতিশীলতাৰ প্ৰয়োজনীয়তাৰ বাবে আধুনিক আৰু বহনক্ষম সমাধান প্ৰদৰ্শন কৰে। ইয়াত ভাৰতৰ প্ৰথম সন্মুখৰ ইঞ্জিন ১৩.৫ মিটাৰ বাছ– আন্তঃমহানগৰ আৰু বিলাসী ভ্ৰমণৰ বাবে মেগনা স্লিপাৰ কোচ আছে। প্ৰদৰ্শনীত…
Read More
ৱেলছৰ ৰোজি একক্লেছৰ হাতত ৩-২ত পৰাস্ত

ৱেলছৰ ৰোজি একক্লেছৰ হাতত ৩-২ত পৰাস্ত

কমনৱেলথ গেমছ ২০২২ৰ ষষ্ঠ দিনা ভাৰতৰ প্ৰদৰ্শন উৎকৃষ্ট আছিল। ভাৰতীয় খেলুৱৈসকলে মুঠ পাঁচটা পদক জিকিছিল, কিন্তু আচৰিত কথাটো হ'ল যে লাভলীনা বৰগোঁহাইয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। তেওঁ কোৱাৰ্টাৰ ফাইনেল খেলৰ পৰা বাহিৰ হৈছে আৰু দেশৰ হৈ পদক জিকিব নোৱাৰিলে। টকিঅ' অলিম্পিকত দেশৰ হৈ পদক অৰ্জন কৰা লাভলীনাই কমনৱেলথত আৰু ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছিল। এইটো বিশ্বাস কৰা হৈছিল যে তেওঁ পদক জিকিবলৈ নিশ্চিতৰূপে সক্ষম হ'ব। ভাৰতে তেওঁৰ পৰা সোণৰ পদক আশা কৰিছিল, কিন্তু কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ পৰাজয়ে সকলোকে আচৰিত কৰি তুলিছে। লাভলীনাৰ বাবে, এই কমনৱেলথ গেমছ বিতৰ্কেৰে ভৰা আছিল। পূৰ্বে তেওঁৰ প্ৰশিক্ষকক গেমছ ভিলেজৰ ভিতৰত অনুমতি দিয়া…
Read More
২০২৮ৰ অলিম্পিকত ক্রিকেটক অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ

২০২৮ৰ অলিম্পিকত ক্রিকেটক অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ

অলিম্পিক গেমছলৈ ক্ৰিকেট উভতি অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে কিয়নো আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ইয়াক ২০২৮ চনত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকত অন্তৰ্ভুক্ত কৰিবলগা আন নখন ক্ৰীড়াৰ সৈতে পুনৰীক্ষণ খেলত স্থান দিছে। ক্ৰিকেটে অলিম্পিক গেমছত কেৱল এবাৰহে স্থান পাইছে। ১৯০০ চনত পেৰিছত খেলা খেলসমূহৰ ভিতৰত ক্ৰিকেট অন্যতম আছিল। কেৱল ব্ৰিটেইন আৰু আয়োজক ফ্ৰান্সে ইয়াত অংশগ্ৰহণ কৰিছিল। বাতৰি অনুসৰি লছ এঞ্জেলছ গেমছ আৰু আইঅ'চিৰ আয়োজক সমিতিয়ে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদক তেওঁলোকৰ প্ৰেজেণ্টেচন দিবলৈ আমন্ত্ৰণ জনাইছিল, যাৰ এদিন পিছত ক্ৰিকেটক পৰ্যালোচনা খেলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে, ২০২৩ চনত মুম্বাইত আইঅ'চি অধিৱেশনৰ পূৰ্বে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। পৰ্যালোচনা তালিকাত স্থান…
Read More
এদিনতে ভাৰতৰ কমনৱেলথ গেমছত ৫ পদক ভাৰতৰ

এদিনতে ভাৰতৰ কমনৱেলথ গেমছত ৫ পদক ভাৰতৰ

চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত বুধবাৰৰ দিনটো ফলপ্ৰসূ আছিল। কিয়নো কালি ভাৰতে ৫ টা পদক লাভ কৰি কমনৱেলথ গেমছত সামগ্ৰিকভাৱে ১৮ টা পদকলৈ বৃদ্ধি কৰিছে। দিনটোৰ আৰম্ভণি হৈছিল ভাৰোত্তোলক লাভপ্ৰীত সিঙে পুৰুষৰ ১০৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ জয়ৰে।  ইয়াৰ পিছত সৌৰভ ঘোচালে স্কোয়াছ পুৰুষৰ এককত ব্ৰঞ্জৰ পদক প্ৰতিযোগিতাত জেমছ উইলষ্ট্ৰোপক ৩-০ত পৰাস্ত কৰি পদক নিশ্চিত কৰে।  তুলিকা মানে সোণৰ পদক প্ৰতিযোগিতাত পৰাজিত হৈ জুডোত ৭৮ + কিলোগ্ৰাম শাখাত ৰূপৰ পদক নিশ্চিত কৰে। গুৰদীপ সিঙে পুৰুষৰ ১০৯+ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক জিকিছিল আৰু দিনটোৰ অন্তিম পদকটো এথলেটিকছত লাভ কৰিছিল। য'ত তেজস্বিন শংকৰে হাই জাম্পত ব্ৰঞ্জৰ পদক জিকিছিল। ইফালে, ভাৰত পুৰুষ হকী দলে কানাডাক…
Read More

গোৰেশ্বৰত চিপিআই(এম) তামুলপুৰ জিলাৰ অন্তৰ্গত ৬টা আঞ্চলিক কমিটিৰ বিভিন্ন দাবীত অসমৰ মু্খ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

গোৰেশ্বৰত চিপিআই(এম) তামুলপুৰ জিলাৰ অন্তৰ্গত ৬টা আঞ্চলিক কমিটিৰ বিভিন্ন দাবীত অসমৰ মু্খ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে আজি গোৰেশ্বৰস্থিত চিপিআই(এম) কাৰ্য্যালয়ৰ পৰা গোৰেশ্বৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়লৈ এক ৰেলীৰে গৈ একাংশ চিপিআই(এম) দলৰ পুৰুষ মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকক পৰ্য্যাপ্ত পৰিমানে সাহায্য আৰু ক্ষতিপুৰণ দিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰা, ভোগ দখল কৰি থকা কৃষকৰ মাটিৰ পট্টা দিয়া, শ্ৰমিক সকলৰ অধিকাৰ সুনিশ্চিত কৰা, এন পি এচ বাতিল কৰি পুৰণা পেঞ্চল বাহাল ৰখা, সমৱায় সমূহৰ আনাদায় পৰিবহন খৰচ শীঘ্ৰে অদায় দি বিনামূলীয়া চাউল বিনামূলীয়াকৈ যোগান ধৰি স্থায়ী সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ লগতে বিভিন্ন দাবীত মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…
Read More

কাৰ নেতৃত্বত চলিছে গোৰেশ্বৰৰ ৰাজ পথত অবৈধ ডাম্পাৰ

কাৰ নেতৃত্বত চলিছে গোৰেশ্বৰৰ ৰাজ পথত অবৈধ ডাম্পাৰ। অবৈধ ডাম্পাৰ পাৰ কৰাৰ বাবে বিভিন্ন লোক জড়িত হৈ থকাৰ সন্দেহ আৰক্ষীৰ। উল্লেখযোগ্য যে বুধবাৰে গোৰেশ্বৰৰ আৰক্ষীৰ নিশা অভিযান চলাইছিল ।আৰু তাৰ পিছতেই চালান বিহিন লগতে বৈধ নথিপত্ৰ অবিহনে শিল বালি সৰবৰাহ কৰি থকা তিনিখনকৈ অবৈধ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।জব্দ কৰা ডাম্পাৰ কেইখন হল AS25FC1137, AS25EC7835, ASEC4750ডাম্পাৰৰ লগতে ড্ৰাইভাৰ হেন্দিমেন সহ ৫জন লোকক আটক গোৰেশ্বৰ আৰক্ষীয়ে।উলেখ্য যে বৰনদীৰ বুকুৰ পৰা প্ৰতিদিনে অবৈধভাৱে শিল বালি সৰবৰাহ হৈ আহিছে। এই অবৈধ সৰবৰাহৰ বিৰুদ্ধে বহু দল সংগঠনে প্ৰতিবাদ কৰে যদিও বনবিভাগে কোনো গুৰুত্ব দিয়া দেখা নাযায়। ইয়াৰ পিছতে আজি নিশা গোৰেশ্বৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া…
Read More

বহিঃ ৰাজ্যলৈ যাব বিচৰা সকলৰ বাবে সুখবৰ

বহিঃৰাজ্যত যাতায়তকাৰী সকলৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত গঢ়ি উঠিছে বৈধ অবৈধ বহু বাছ আস্থান।কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ,আপোনাৰ কোন বোৰ বাছ আস্থানৰ পৰা বহিঃৰাজ্যলৈ যাতায়ত কৰিলে আপোনাৰ বাবে নিৰাপদ আৰু সুবিধাজনক হব।কেতিয়াবা আপুনি অনুভব কৰিছেনে কোন বোৰ বাছত আপুনি যাত্রা কৰিলে আপুনি কম খৰচ আৰু সম্পূৰ্ণ নিৰাপদে চকু মুদি যাত্রা কৰিব পৰিব । হয় আমি পুনৰ বাৰ বহিঃৰাজ্যৰ যাতায়ত কাৰী সকলক জনাব বিছাৰিছো যে, আপুনি বহিঃৰাজ্যত থাকে নেকি বা বহিঃৰাজ্যৰ পৰা অসমত আহিব বিচাৰিছে নেকি ।মধ্য অসম আৰু নগাওঁৰ পৰা বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা সকলৰ বাবে নির্ভযোগ্য বাছ সেবা আগবঢ়াইছে GK BROZZ holidays বাছ আস্থানে ।GK BROZZ holidays ৰ স্বত্তাধিকাৰী…
Read More

সোণৰ বিটিআৰ গঢ়াৰ পৰিকল্পনা প্ৰমোদ বড়োৰ -কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম

সোণৰ বিটিআৰ গঢ়াৰ পৰিকল্পনা আছে বিবিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। এক নতুন পৰিকল্পনাৰে আগবাঢ়িছে বিটিআৰ। আজি এই মন্তব্য কৰে বিটিআৰৰ পশুপালন আৰু মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। আজি বাক্সা জিলাৰ মুছলপুৰত ইউপিপিএলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে গছপুলি ৰোপণ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে পৰিবৰ্তনৰ লক্ষ্য কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰ গঠন হৈছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰতিটো পৰিয়ালে যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে কম কৰা বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বাক্সা জিলাৰ মুছলপুৰৰ জিলা কেন্দ্ৰৰ প্ৰাংগণত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে কাৰ্যবাহী…
Read More

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ সোনাপুৰ গাঁৱত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়া

বেকী নদীৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে বৰপেটা জিলাৰ মন্দিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰ গাঁওৰ হাজি কৈফট আলী এম ই মাদ্ৰাছা, মজজিদ, দুটাকৈ প্ৰাথমিক বিদ্যালয়। ইতিমধ্যই নদীৰ গৰাখহনীয়াত প্রায় বিশ টা পৰিয়ালৰ ঘৰ দুৱাৰ আদি জাঁহ গৈছে, গৰাখহনীয়াৰ কবলত পৰা লোক সকল ৰাস্তাৰ কাষত থাকিব লগীয়া হৈছে।বিদ্যালয়খন বেঁকীৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ আশংকাত ভূগিছে, এই অঞ্চলৰ ৰাইজ। অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম নকৰিলে আৰু ১০০ ঘৰ পৰিয়াল গৰাখহনীয়াৰ কবলত পৰিব।এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে সেয়া বৰপেটাৰ সাংসদ, সমষ্টিৰ বিধায়ক, জিলা পৰিষদৰ সদস্যা, পঞ্চায়তৰ সভানেত্ৰী কোনোৱেও খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে। অতি শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰক…
Read More