09
Aug
কলিতা জাতিক অপমানিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ জনৈক যাধৱ কোৱৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলন অসমৰ।টাই আহোম ছাত্ৰ সন্থাৰ বিৰুদ্ধে এইবাৰ কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ তুলিছে কলিতা জনগোষ্ঠী অসমে।কলিতা জাতিৰ কোনো ইতিবৃত্ত নাই বুৰঞ্জী নাই বুলি তীৰ্যক মন্তব্য কৰা বুলি অভিযোগ। অসমৰ দুই খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত মতভেদ।অসমৰ বৃহত্তম আৰু প্ৰাচীতম কলিতা জনগোষ্ঠীক লৈ তীৰ্যক মন্তব্য টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ।বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ সংবাদ মেল যোগে কলিতা জনগোষ্ঠীক টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদব কোঁৱৰে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।কলিতা জনগোষ্ঠী অসমক লৈ তীৰ্যক মন্তব্য কৰা যাদব কোঁৱৰক গৰিহণা দি…
