উত্তৰ-পূৱ

পাঠশালাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

কংগ্ৰেছৰ গৌৰৱ যাত্ৰাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে।কংগ্ৰেছৰ এই যাত্ৰা গান্ধী নেহেৰু পৰিয়ালৰ গৌৰৱ গাঁথা নে অসমৰ বংশবাদ ৰক্ষা কৰা তৰুণ গগৈৰ পুতেকৰ গৌৰৱ যাত্ৰা সেয়া আমি বুজি পোৱা নাই বুলিও উল্লেখ কৰে।যদি বংশবাদ বাদ দি গৌৰৱ গগৈৰ স্হানৰ বাবে এই যাত্ৰা তেন্তে তাত মূল্য আছে ।যদি গান্ধী নেহেৰু পৰিয়ালৰ কিবা গৌৰৱ গাঁথা লৈ যদি কিবা কৰিছে সেয়া ভাৰতৰ মানুহে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে।আমি বিৰোধী দল শক্তিশালী হোৱাটো বিচাৰো বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।ভূপেন বৰাই কবিতা লিখাত কৈ সংগঠনৰ কাম কৰিলে আমি ভাল পাম বুলি মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে।ভূপেন বৰা, ৰিপুণ বৰা আদিৰ…
Read More

বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত চূড়ান্ত অনিয়ম

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত অভিযোগ মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চৰম দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিখন এক প্ৰকাৰে ভেকো ভাওনাত পৰিণত কৰি তুলিছে ৷ কিয়নো, চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰ খোৱাবৰ বাবে যি নীতি-নিয়ম আৰোপ কৰি দিছে সেয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি আহিছে ৷ অভিযোগ অনুসৰি, চৰম মইমতালিৰে প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰৰ নামত কেৱল ভাতৰ লগতে দাইলৰ নামত পানী আৰু কেইডোখৰমান আলুু দিয়েই আভুৱা ভাৰি আহিছে ৷ আচলতে, চৰকাৰী নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ হিচাপে নিৰ্দিষ্ট দিনত ভাতৰ…
Read More

সৰভোগত মটৰ চাইকেলৰ বৃহৎ সমদল

ব্ৰিটিছ সকলৰ শাসনৰ পৰা আমাৰ দেশখন ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি সৰভোগ থানাৰ উদ্যোগত এক পদযাত্ৰা মটৰ চাইকেল সমদল উলিয়াই । সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্জীৱ কুমাৰ দাসে কয় হৰ ঘৰ তিৰংগা ’ কাৰ্যসূচী সফল কৰি তুলিবলৈ সৰভোগবাসী ৰাইজে সহায়-সহযোগিতা আগবঢ়াই বুলি জানিব দিয়ে। অসমৰ মুখ্যমন্ত্ৰী নিৰ্দেশমৰ্মে বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত বৰপেটাৰ পৰা একশতকৈ অধিক বাইকৰে সৰভোগ থানাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে তিৰংগা লগোৱা সম্পকে সজাগতা অভিযান চলাই । এই ৰেলী ৬-৭ কিলোমিটাৰ পদযাত্ৰা মটৰ চাইকেলৰে অমৃত কা মহোৎসৱ আৰু ১৫ আগষ্ট উপলক্ষে হৰে ঘৰে ঘৰে তিৰংগা পতাকা লগোৱা লগাবলৈ আহ্বান জনায় । প্ৰতিজন…
Read More

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ CIDF আঁচনিৰ ১০০ কোটিৰে বৰপেটাৰ উন্নয়নৰ পৰিকল্পনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ উল্লেখযোগ্য যে বৰপেটাত আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো মুকলি কৰে ৷ নৱনিৰ্মিত কাৰ্যালয় ভৱনতো মুকলি কৰি বৰপেটা চহৰৰ উন্নয়ন সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷আনকি পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত CIDF আচনিৰ জৰিয়তে বৰপেটা চহৰৰ উন্নয়নৰ বাবে আৱন্টন দিয়া ১০০ কোটি টকা কিদৰে মোকলাই আনিব পাৰি সেইসম্পৰ্কে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইপিনে শতিকাপ্ৰাচীন বৰপেটা চহৰৰ উন্নয়নৰ বাবে বৰপেটা উন্নয়ন প্ৰাধিকাৰী, পৌৰসভা আৰু জিলা উপায়ুক্তক লৈ এখন যৌথসভা…
Read More
কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মন মোহিত কৰি ৰখা কমনৱেলথ গেমছ-২০২২ৰ ইভেণ্টৰ অন্ত পৰিছে। ভাৰতে ২২ টা সোণৰ পদকসহ ৬১ টা পদকৰ সৈতে তেওঁলোকৰ অভিযান সমাপ্ত কৰে। ইয়াৰ সৈতে, ভাৰতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। এইবাৰ ভাৰতে ভাৰোত্তোলন, বক্সিং, লন বল, কুস্তি আৰু এথলেটিকছত যথেষ্ট পদক জিকিছিল। কিছু ক্ৰীড়াত আনকি ইতিহাস ৰচনা কৰিছিল।এইবাৰ এথলেটিকছত ভাৰতীয় খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰিছিল। পুৰুষৰ ট্ৰিপল-জাম্প ইভেণ্টত এলডছ পল আৰু আব্দুল্লাহ আবুবাকাৰে প্ৰথম দুটা স্থান দখল কৰে। এইটো প্ৰথম বাৰৰ বাবে আছিল যে ভাৰতে ট্ৰিপল জাম্পত ২ টা পদক লাভ কৰিছিল আৰু সেইটোও সোণ আৰু ৰূপ। এথলেটিকছত ভাৰতে এটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক…
Read More
২০২৬ৰ কমনৱেলথ গেমছ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত

২০২৬ৰ কমনৱেলথ গেমছ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত

কমনৱেলথ গেমছ ২০২২ৰ অন্ত পৰিছে। এই ছিজনত যোৱা ১১ দিনত বিশ্বৰ এই প্ৰতিষ্ঠিত প্ৰতিযোগিতাখনত ৫,০০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই সময়ছোৱাত, অষ্ট্ৰেলিয়াৰ দলটোৱে সদায়েই আধিপত্য বজাই ৰাখিছিল। সামৰণি অনুষ্ঠানত, কমনৱেলথ গেমছৰ ২৩ তম ছিজন ক'ত খেলা হ'ব সেয়াও সিদ্ধান্ত লোৱা হৈছে। বাৰ্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠানৰ সময়ত কমনৱেলথ গেমছৰ পতাকা ভিক্টোৰিয়াৰ গভৰ্ণৰক হস্তান্তৰ কৰা হৈছিল। কমনৱেলথ গেমছৰ ২৩ তম ছিজন এতিয়া ২০২৬ চনত অষ্ট্ৰেলিয়াৰ নেতৃত্বত ভিক্টোৰিয়াত খেলা হ'ব। কমনৱেলথ গেমছ ২০২২ ৰ সামৰণি অনুষ্ঠানত ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল অচন্ত শৰৎ কমল আৰু নিখাত জাৰিনে।অনুৰাগীসকলে অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ ২৩ তম ছিজনত বহুতো পৰিৱৰ্তন পৰিলক্ষিত হ'ব। ইয়াত প্ৰথমবাৰৰ বাবে, ক্ৰীড়া…
Read More
বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ ২২ টা সোণৰ পদক

বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ ২২ টা সোণৰ পদক

ভাৰতৰ ২১০ জনীয়া দলটোৱে বাৰ্মিংহাম কমনৱেলথ গেমছত ৬১ টা পদক অর্জন কৰে, যাৰ ভিতৰত আছিল এথলেটিকছ, ক্ৰিকেট, হকী, বক্সিং আৰু  কুস্তিত ২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জ। ভাৰতীয় স্বৰ্ণ পদক বিজয়ীৰ তালিকা আছে- অচিন্ত শৌলী (ভাৰোত্তোলন): সোণ, জেৰেমি লালৰিনুঙ্গা (ভাৰোত্তোলন): সোণ,  মীৰাবাঈ চানু (ভাৰোত্তোলন): সোণ, ৰূপা ৰাণী তিৰ্কী, লাভলী চৌবে, নয়নমনী শইকীয়া, পিঙ্কি সিং (লন বল): সোণ, বজৰং পুনিয়া (কুস্তি): সোণ,  সাক্ষী মালিক (কুস্তি): সোণ, দীপক পুনিয়া (কুস্তি): সোণ, ৰবি কুমাৰ দাহিয়া (কুস্তি): সোণ, বিনেশ ফোগাট (কুস্তি): সোণ, নবীন মালিক (কুস্তি): সোণ, নিখাত জাৰিন (বক্সিং): সোণ,  অমিত পাংঘাল (বক্সিং): সোণ, নীতু গাংহাচ (বক্সিং): সোণ,  সুধীৰ (পাৱাৰ…
Read More

লাহৰীঘাটত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । মৰিগাওঁ আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীয়ে যৌথ অভিযান চলাই দুটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত লোক দুটা হল আব্দুল ৰেকিব আৰু ৱাচিম আক্ৰাম । অঞ্চলটোৰ বোৱালগুৰি আৰু নগাবন্ধাত আৰক্ষীয়ে আজি অভিযান চলাই ধৃত লোক দুজনক গ্ৰপ্তাৰ কৰে । লোক দুজনৰ পৰা ৮৫ টা চিম কাৰ্ড , পান কাৰ্ড , আধাৰ কাৰ্ড , দুটা মবাইল , তিনিখন বাইক আৰু এখন চাৰিচকীয়া বাহন আৰক্ষীয়ে জদ্ধ কৰে ।অঞ্চলটোত দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধৰ লগত জড়িত আছিল ধৃত লোকদুজন । আৰক্ষীয়ে 311/22 নম্বৰত U/S 120(B)420/379/406 IPC ত গোচৰ ৰুজু কৰি মৰিগাওঁ জেল হাজোতলৈ প্ৰেৰণ কৰে।
Read More

লাহৰীঘাটত প্ৰধান শিক্ষকক হাৰাশাস্তিৰ অভিযোগ

লাহৰীঘাটত এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে এটা দুষ্টচক্ৰই বিভিন্ন সময়ত হাৰাশাস্তি কৰি অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ উঠিছে । লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালিকৰ বিৰুদ্ধে এজন ছাত্ৰক প্ৰহাৰ কৰা বুলি মিছা অভিযোগ তুলি শিক্ষকজনক ৰাজহুৱাকৈ অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । যাৰ ফলত এতিয়া উক্ত বিদ্যালয়খনৰ কৰ্মৰত আন আন মহিলা শিক্ষয়িতীসকল তীব্ৰ শংকাত পাঠদান কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে , দুষ্টচক্ৰটোৱে যোৱা ৫ আগষ্টৰ পুৱা বিদ্যালয়খনত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰধান শিক্ষকগৰাকীক অভব্য আচৰণ কৰাত এতিয়া জাঙুৰ খাই উঠিছে বিদ্যালয় পৰিচালনা সমিতি । বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা উক্ত চক্ৰটোৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনে শীঘ্ৰে…
Read More
কমনৱেলথ গেমছৰ বেডমিণ্টনত লক্ষ্য সেনৰ স্বৰ্ণ পদক

কমনৱেলথ গেমছৰ বেডমিণ্টনত লক্ষ্য সেনৰ স্বৰ্ণ পদক

ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনেও কমনৱেলথ গেমছত তেওঁৰ প্ৰতিভা দাঙি ধৰে। লক্ষ্য সেনে পুৰুষৰ একক ফাইনেলত মালয়েছিয়াৰ এন জি টি য়ংক পৰাস্ত কৰি সোণৰ পদক অর্জন কৰে। উল্লেখ্য যে য়ঙে কিদাম্বি শ্ৰীকান্তক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল আৰু লক্ষ্যই এতিয়া তেওঁৰ ভাৰতীয় সহযোগীৰ প্ৰতিশোধ লয়। লক্ষ্য সেনে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে আৰু প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰদৰ্শন আশ্চৰ্যজনক আছিল। সেন প্ৰথমখন খেলত পৰাজিত হৈছিল, তাৰ পিছত চমৎকাৰভাৱে খেলিছিল। লক্ষ্য সেনৰ ফাইনেলত দুৰ্বল আৰম্ভণি হৈছিল। তেওঁ প্ৰথম বলটো ১৯-২১ ৰ নিকট ব্যৱধানত হেৰুৱাইছিল। দ্বিতীয়খন খেলত তেওঁ ৮-৬ ত পিছ পৰি আছিল, কিন্তু তাৰ পিছত লক্ষ্যই আশ্চৰ্যজনক খেল প্ৰদৰ্শন কৰে আৰু…
Read More