উত্তৰ-পূৱ

ভাৰত-পাকৰ মেচক লৈ আইচিচিৰ ষ্টেণ্ড অফ টিকট মুকলি

ভাৰত-পাকৰ মেচক লৈ আইচিচিৰ ষ্টেণ্ড অফ টিকট মুকলি

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) ২৩ অক্টোবৰত এমচিজিত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ খেলখনৰ বাবে ষ্টেণ্ড অফ টিকট মুকলি কৰিছে। খেলখনৰ সাধাৰণ টিকট ফেব্ৰুৱাৰীত পাঁচ মিনিটৰ ভিতৰত বিক্ৰী হৈছিল। ইয়াৰ ৪০০০ তকৈও অধিক অসংৰক্ষিত টিকট ৩০ অষ্ট্ৰেলিয়ান ডলাৰত উপলব্ধ আৰু ইয়াক ' প্ৰথম সেৱা' আধাৰত বিক্ৰী কৰা হ'ব। আইচিচিয়ে কয়- এই টিকটবোৰে নিশ্চিত কৰিব যে অধিক অনুৰাগীয়ে খেলখন চাবলৈ অহাটো। আইচিচি আতিথ্য আৰু আইচিচি ভ্ৰমণ আৰু ভ্ৰমণ কাৰ্যসূচীৰ জৰিয়তে সীমিত সংখ্যক পেকেজ উপলব্ধ। আয়োজকসকলে ১৬ অক্টোবৰত প্ৰথমখন খেলৰ পূৰ্বে পুনৰ বিক্ৰী প্লেটফৰ্ম আৰম্ভ কৰিব। আইচিচিয়ে কৈছে যে যিসকল অনুৰাগীয়ে আগতে টিকট লাভ কৰা নাছিল তেওঁলোকে এতিয়াও…
Read More
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ বিৰোধিতা আৰু মাচুল নিয়ন্ত্ৰণৰ দাবী: এছ এফ এই

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ বিৰোধিতা আৰু মাচুল নিয়ন্ত্ৰণৰ দাবী: এছ এফ এই

ডিব্ৰুগড়  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ মহলাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৩৩% মাচুল বৃদ্ধি কৰিছে। এই সিদ্ধান্তৰ বিৰুদ্ধে বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ একতা সভাৰ উদ্যোগত অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদক এছ এফ আইয়ে সমৰ্থন আগবঢ়াইছে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তক বিৰোধিতা কৰিছে। বিগত ২০২১-২২ বৰ্ষৰ মাচুলৰ পৰিমাণ আৰু ২০২২-২৩ বৰ্ষৰ মাচুলৰ পৰিমাণৰ মাজত বৃহৎ অন্তৰ আছে। লগতে স্ববিনিয়োগ কোর্সসমূহৰ মাচুল অধিক বৃদ্ধি পাইছে। এছ এফ আইৰ সন্দেহ মৰ্মেই বিভিন্ন শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধি হবলৈ লৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ (NEP2020) ৰ পৰ্যালোচনা কৰোঁতেও এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মাচুল বৃদ্ধি হ'ব বুলি উল্লেখ কৰিছিল। উচ্চ শিক্ষানুষ্ঠান এখনৰ প্ৰয়োজনীয় খৰচসমূহ…
Read More
প্ৰতিভাৱান বিহুৱা,পেঁপাবাদক পংকজ ডেকাৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা পৰিয়ালৰ

প্ৰতিভাৱান বিহুৱা,পেঁপাবাদক পংকজ ডেকাৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা পৰিয়ালৰ

গুৱাহাটীৰ বহুকেইখন বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰি দৰ্শকক আমোদ দিয়া মঙ্গলদৈৰ  প্ৰতিভাৱান বিহুৱা, পেপাঁ বাদক পংকজ ডেকা সম্প্ৰতি জণ্ডিছ আৰু লিভাৰৰ ৰোগত আক্ৰান্ত হৈ চাৰি মাহ ধৰি ক্ৰমে গুৱাহাটীৰ হেল্থ চিটি আৰু হায়দৰাবাদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত অৰ্থৰ অভাৱত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ অনা হয় । বৰ্তমান বিহুৱা গৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে । তেওঁৰ উন্নত চিকিৎসাৰ বাবে যথেষ্ট পৰিমানে অৰ্থৰ প্ৰয়োজন । ভীষণ আৰ্থিক সংকটত পৰি বৰ্তমান পৰিয়ালটোৱে দিগবিদিক হেৰুৱাইছে ।  অসমৰ স্বাভিমান বিহুক   অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত পৰিবেশন কৰি অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰখাত দেহ মন ত্যাগ কৰা বিহুৱা গৰাকীৰ এই বিপদৰ সময়ত সকলোৰে সহায়ৰ…
Read More

দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ মাৰপিটৰ ঘটনা ৷

দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ মাৰপিটৰ ঘটনা ৷ মাৰপিটত ষাটি বছৰৰ উৰ্ধৰ এজন লোকৰ কৰুণ মৃত্যু হয় ৷প্ৰচণ্ড মাৰপিটত পুৰুষ মহিলা সহ পোন্ধৰজনকৈ লোক কম বেছি পৰিমানে আহত হয় ৷দুয়োটা ফৈদৰ আব্দুল বাৰেক, জৰিনা খাতুন, কৰিমন নেছা, ৰবিউল হুছেইন, আলী আকবৰ, আজাহাৰ আলী, আব্দুছ ছালাম, নায়েৱ আলী, ছফেৰ আলীসহ দহজন সম্প্ৰতি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে ৷তাৰে ৪জনৰ শাৰীৰিক অৱস্থা সংকটজনক ৷মাৰপিটত মৃত্যু হোৱা লোকজন সোণতলী সত্ৰ গাৱৰ চান্দু স্বেখ ৷চৰকাৰী ৰাস্তাৰ সীমা নিৰ্ধাৰণ কৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় এই ভয়কৰ মাৰপিট ৷আলী আকবৰ আৰু ছবেৰ আলীৰ পক্ষৰ মাজত এই মাৰপিটৰ ঘটনা ৷মাৰপিটৰ লগত জড়িত পাচজনক…
Read More

সৰভোগত ৰেল আৰক্ষীৰ অভিযান।

সৰভোগত ৰেল আৰক্ষীৰ অভিযান। অভিযানত সৰভোগ ৰেল ষ্টেচনৰ পৰা এজন যুৱকক টিকট দাদালৰ সন্দেহত আটক। দালালজনে দীৰ্ঘদিন ধৰি সৰভোগ ষ্টেচনত ৰেল টিকটৰ নামত যাত্ৰীৰ পৰা লুটি আহিছিল ধন। দালালজনে সৰভোগ ৰেল ষ্টেচনত টিকটৰ দায়িত্বত থকা ৰূপজ্যোতি দৈমাৰী নামৰ এগৰাকী কৰ্মচাৰীৰ সৈতে মিলি চলাই আহিছিল অসংৰক্ষিত টিকটৰ দাদালি। জানিব পৰা মতে দালালজন বৰপেটাৰোড থানাৰ অন্তৰ্গত কলহভাঙাৰ ৰূপ খান। আজি সৰভোগ ষ্টেচনত ৰেল আৰক্ষীয়ে সাধাৰণ যাত্ৰীৰ দৰে আহি যুৱকজনৰ পৰা টিকট ক্ৰয় কৰিব বিচাৰিছিল। তেতিয়াই বৰপেটাৰোডৰ পৰা অহা ৰেল আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰে দাদাল ৰূপ খানক।
Read More

তেজপুৰত পথ নিৰ্মানত দূনীতি

শূণ্য সহনশীলতা নীতিৰ কথা কোৱা বিজেপি চৰকাৰে এই নীতিক অক্ষুন্নন ৰাখিব পাৰিছেনে ? নে একাংশ অৰ্থলোভী ঠিকাদাৰে এই নীতিক গুৰুত্ব নিদিয়ে ৷ আৰু এই ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীৰ কৰনীয় একোৱে নাই নেকি ? তেজপুৰ সমষ্টিৰ বাত পথ নিৰ্মানত হোৱা দূৰ্নীতি চকুত পৰিবনে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাৰ ! ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন‍্যা বোৱাই ফাঁকি- ফুকাৰে চলিছে নেকি চৰকাৰ ।ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত নাই তিলমানো মিল।দুৰ্নীতি, ভ্ৰষ্টাচাৰ বিৰোধী শ্লোগান দিয়া বিজেপি চৰকাৰৰ উকলিল ৬ টা বৰ্ষ পিছে দুৰ্নীতি মুক্ত হ'ব কেতিয়া ?মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শূন্য সহনশীলতা নীতিক অংগুস্থ প্ৰদৰ্শন কৰি কোন এই ধুৰন্ধৰ ঠিকাদাৰে চলাইছে লুণ্ঠন !এই…
Read More
প্ৰথম পৰ্যায়ত ফিফা বিশ্বকাপৰ ২.৪৫ নিযুত টিকট বিক্ৰী

প্ৰথম পৰ্যায়ত ফিফা বিশ্বকাপৰ ২.৪৫ নিযুত টিকট বিক্ৰী

কাটাৰত এই বছৰৰ ফুটবল বিশ্বকাপৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে ফিফা। ফিফাই কৈছে যে তেওঁলোকে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ বাবে ২.৪৫ নিযুত টিকট বিক্ৰী কৰিছে। ইয়াত সমগ্ৰ বিশ্বৰ অনুৰাগীসকল অন্তৰ্ভুক্ত আছে। ফিফা বিশ্বকাপ এতিয়া ১০০ দিনতকৈও কম সময় বাকী আছে। মধ্য প্ৰাচ্য আৰু আৰৱ দেশসমূহত অনুষ্ঠিত হোৱা এইটো প্ৰথম ফিফা বিশ্বকাপ। প্ৰতিযোগিতাখন ২০ নৱেম্বৰত আৰম্ভ হ'ব। ফিফা বিশ্বকাপৰ উন্মাদনা এনেকুৱা যে সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে ইয়াক উপভোগ কৰিবলৈ আহে। আনকি ভাৰততো, এই প্ৰতিযোগিতাখনৰ বিষয়ে এক পৃথক উন্মাদনা আছে। ফিফাই ইয়াৰ অফিচিয়েল ৱেবছাইটত পোষ্ট কৰা এক বিবৃতিত কয়, "পৃথিৱীৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো আৰম্ভ হ'বলৈ ১০০ দিনতকৈও কম সময় বাকী আছে। মুঠ ২.৪৫ নিযুত…
Read More
২৮ আগষ্টৰ অ’আইএফএফৰ নিৰ্বাচন স্থগিতৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

২৮ আগষ্টৰ অ’আইএফএফৰ নিৰ্বাচন স্থগিতৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিশ্ব ফুটবল পৰিচালনা সংস্থা ফিফাৰ দ্বাৰা ভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ক নিলম্বন কৰাৰ বিষয়ত শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে প্ৰশাসক সমিতিয়ে (এআইএফএফ) ভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ বিষয়ত হস্তক্ষেপ নকৰে। ইয়াৰ লগতে, উচ্চতম ন্যায়ালয়ে ২৮ আগষ্টত অনুষ্ঠিত হ'বলগীয়া অ'আইএফএফৰ নিৰ্বাচনো স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয় যে এইটো এইবাবে কৰা হৈছে যাতে এআইএফএফৰ ওপৰত ফিফাৰ নিলম্বন প্ৰত্যাহাৰ কৰা হয় আৰু ভাৰতত অনুৰ্ধ-১৭ মহিলা ফিফা বিশ্বকাপ অনুষ্ঠিত কৰিব পৰা যায়। ইয়াৰ উপৰিও, ভাৰতীয় দলবোৰক আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত খেলিবলৈ অনুমতি দিয়া হৈছে। এআইএফএফ সমিতিত মুঠ ২৩ জন সদস্য থাকিব। ইয়াত ছয়জন বিশিষ্ট খেলুৱৈ থাকিব পাৰে। আদালতে কয় যে পৰৱৰ্তী নিৰ্দেশ লৈকে এই…
Read More
দুবছৰৰ পিছত টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত ষ্টেফানোছ চিটচিপাছ

দুবছৰৰ পিছত টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত ষ্টেফানোছ চিটচিপাছ

বিশ্বৰ শীৰ্ষ নম্বৰৰ দানিল মেদভেদেভ ছিনচিনাটি অ'পেনৰ ছেমি ফাইনেলত গ্ৰীচৰ চাৰি নম্বৰ ষ্টেফানোছ চিটচিপাছৰ হাতত ৬-৭ (৭/৪), ৬-৩, ৩-৬ ব্যৱধানত পৰাজিত হয়। আনখন ছেমি ফাইনেলত ১৫২ তম স্থানপ্ৰাপ্ত ক্ৰোৱেছিয়াৰ বৰ্ণা ক'ৰিকে বিশ্বৰ ৯ নম্বৰ ব্ৰিটেইনৰ কেমেৰুন নুৰীক ৬-৩, ৬-৪ ত পৰাস্ত কৰে। চিটচিপাছে দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এখন প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। ইয়াৰ আগতে, তেওঁ ছেমি ফাইনেলৰ বাহিৰত আগবাঢ়িব পৰা নাছিল। মহিলাসকলৰ ভিতৰত চেক গণৰাজ্যৰ পেট্ৰা কুইটোভাই আমেৰিকান মেডিচন কীজক ৬-৭ (৬) ৬-৪ ৬-৩ ব্যৱধানত পৰাস্ত কৰি ৱেষ্টাৰ্ণ এণ্ড চাউদাৰ্ণ অ'পেনৰ (ছিনচিনাটি) ফাইনেলত উপনীত হয়। ইয়াৰ পূৰ্বে দুবাৰৰ উইম্বলডন চেম্পিয়ন কুইটোভাই দহখন টুৰ্ণামেণ্টত ছেমি ফাইনেলৰ বাহিৰত অগ্ৰগতি লাভ কৰিবলৈ অসমৰ্থ…
Read More

পশ্চিম কামৰূপৰ দুই বন বিষয়াৰ ধাৰাবাহিক অভিযানে নিদ্ৰাহৰণ হৈছে বনজ সম্পদৰ  চোৰাং ব্যৱসায়ীৰ

চোৰাং ব্যৱসায়ী চক্ৰই দীৰ্ঘদিন ধৰি দক্ষিণ-পশ্চিম কামৰূপ এলেকাৰ বনজ সম্পদৰ ওপৰত অবাধ লুণ্ঠন যজ্ঞ চলাই গঢ়ি তুলিছে বনজ সম্পদৰ ক'লা সাম্ৰাজ্য ৷ বন বিভাগেও এই সাম্ৰাজ্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি লাভ কৰি আহিছে এটাৰ পিচত এটা সফলতা ৷ বিশেষকৈ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটি দুৰন্ত বন বাহিনীৰ বাবে এতিয়া নিদ্ৰা হৰণ হৈছে  বনজ সম্পদৰ চোৰাং ব্যৱসায়ী চক্ৰৰ ৷ উল্লেখ্য,পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ডিম্পী বৰাৰ নিৰ্দেশতে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ ৰিভাৰ বীট অফিচাৰ নৃপেন কলিতা আৰু বীট অফিচাৰ সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত বন বাহিনী এটাৰ চলিছে দিনে নিশাই অভিযান ৷ বনকৰ্মীৰ দলটোৱে চোৰাং কাঠ,কাঠ…
Read More