উত্তৰ-পূৱ

ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছা বিদ্যালয় খনৰ পয়ালগা প্ৰতিচ্ছবি

যি সময়ত সমগ্ৰ দেশত স্বাধীনতাৰ 75 বছৰীয়া অমৃত মহোৎসৱ পালন কৰা হৈছে য'ত শিক্ষাৰ প্ৰগতিৰ বাবে চৰকাৰে নতুন নতুন আঁচনি হাতত লৈছে সেই সময়তে নগাওঁ জিলাৰ ঐতিহাসিক বটদ্ৰৱা অঞ্চলৰ দাঁতিকাষৰীয়া হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছা বিদ্যালয় খনৰ পয়ালগা প্ৰতিচ্ছৱিয়ে সকলোৰে চকু কপালত উঠিছে। এই দৃশ্য সমূহলৈ মন কৰক।কেমেৰাৰ সন্মুখত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই এম বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিকূল ইছলামৰ চৰম অৰাজকতাৰ কাৰনে বৰ্তমান বিদ্যালয় খনৰ পয়ালগা অৱস্থাৰ ফালে গতি কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি বিগত দুটা বছৰ ধৰি বিদ্যালয় খনত প্ৰধান শিক্ষক আৰু বিদ্যালয় চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী চাদিকূল ইছলাম, উপস্থিত নাই। বিভাগীয়…
Read More

পুৱতি নিশা ধুবুৰীৰ সাহেৱগঞ্জ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা

পুৱতি নিশা ধুবুৰীৰ সাহেৱগঞ্জ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। জুইত জাহ যায় ৬ খনকৈ দোকান। উল্লেখযোগ্য যে প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে।জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰিলে এখন ফাৰ্মাচী, এখন গেলামাল দোকান, দুখনকৈ ফলৰ দোকান, এখন দৰ্জীৰ দোকান।চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাতৰ সন্দেহ।পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ঘটনা স্থলীত উপস্থিত ধুবুৰী আৰু গোলকগঞ্জৰ অগ্নিনিৰ্বাপক বাহিনী। দুখনকৈ অগ্নি নিৰ্বাপক গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হয়।
Read More
কামৰূপ মহানগৰ জিলাত পৰিবহণ বিভাগৰ সংস্পৰ্শবিহীন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ ; চি এছ চি বিষয়ক  গুৰুত্বপূৰ্ণ সভা সম্পন্ন

কামৰূপ মহানগৰ জিলাত পৰিবহণ বিভাগৰ সংস্পৰ্শবিহীন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ ; চি এছ চি বিষয়ক  গুৰুত্বপূৰ্ণ সভা সম্পন্ন

এতিয়াৰে পৰা ৰাজ্যৰ যান বাহনৰ গৰাকী সকলে  যাবতীয় কৰ পৰিশোধ কৰাৰ পৰা আৰম্ভ কৰি বাহনৰ ক্ৰয় - বিক্ৰয়লৈকে  বহু কামত পৰিবহণ আয়ুক্তৰ কাৰ্যালয় বা জিলা পৰিবহণ বিষয়াৰ  ( ডি টি অ ) কাৰ্যালয়লৈকে তাত বাটি কাঢ়িব নালাগে । গাড়ীচালনাৰ অনুজ্ঞা পত্ৰ লোৱা , অনুজ্ঞাপত্ৰ নৱীকৰণ কৰাকে ধৰি পৰিবহণ বিভাগৰ  মুঠ ৪০ টা সেৱা এতিয়াৰে  পৰা নিজৰ স্মাৰ্ট বা এনৰয়ড ফোনৰ সহায়ত নাইবা ওচৰৰ সামূহিক সেৱা কেন্দ্ৰৰ ( চি এছ চি ) জৰিয়তে কৰিব পৰা যাব । ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে পৰিবহণ সেৱাক যি সস্পর্ক  বিহীন সেৱালৈ উন্নীতকৰণ অৰ্থাৎ মানুহ এজন পৰিবহণ আয়ুক্ত বা ডি টি অ…
Read More
বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা

বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা

বৰনগৰীয়া সমাজ, গুৱাহাটী বাসীৰ উদ্যোগত  উদযাপন কৰিবলগীয়া বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অহা   এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে অহা ৪ চেপ্তেম্বৰত  গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বীনাপাণি একাডেমীত আৰু ১১ চেপ্তেম্বৰত  নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত প্ৰতিযোগিতাৰ বাবে স্থান নিৰ্ধাৰণ  কৰা হৈছে। প্ৰতিযোগিতা দিনৰ  দহ বজাত আৰম্ভ  হ'ব। প্ৰতিযোগীসকলে চিত্ৰাংকনৰ সঁজুলি লগত লৈ আহিব লাগিব। প্ৰতিযোগিতাৰ ভৰ্তি মাচুল নালাগে। প্ৰতিযোগিতা "ক" শাখাত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ, "খ" শাখাত ষষ্ঠ পৰা অষ্টম শ্ৰেণীলৈ আৰু "গ" শাখাত নৱম-দশম শ্ৰেণীক লৈ মুঠ তিনিটা শাখাত অনুস্থিত হ'ব। প্ৰতিটো শাখাৰ বাবে তিনিটাকৈ পুৰষ্কাৰ আৰু মানপত্ৰ থাকিব। পুৰস্কাৰসমূহ ১২ চেপ্টেম্বৰত বিয়লি  ২-৩০ বজাত…
Read More
দেশত জাল নোটকলৈ ৰুজু হোৱা গোচৰৰ তালিকাৰ শীৰ্ষত পশ্চিম বংগ, দ্বিতীয়ত অসম

দেশত জাল নোটকলৈ ৰুজু হোৱা গোচৰৰ তালিকাৰ শীৰ্ষত পশ্চিম বংগ, দ্বিতীয়ত অসম

বিমুদ্ৰাকৰণৰ পিছতো দেশত অধিক মাত্ৰাত জাল নোটৰ প্ৰচলন অব্যাহত আছে। এটা বছৰতে দেশত ২০ কোটি টকাৰ জাল নোট জব্দ কৰা হৈছে। যি তিনি লাখতকৈ অধিক জাল নোটৰ দ্বাৰা দেশত ইয়াক প্ৰচলন কৰা হৈছিল। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি) ২০২১-ৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰ ২০ কোটি টকাৰ অধিক মূল্যৰ জাল নোট জব্দ কৰা হৈছে। জব্দ কৰা জাল নোটৰ সৰহ সংখ্যক ২০০০ টকাৰ নোট বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। যিটো মুঠ মূল্যৰ প্ৰায় ৬০ শতাংশ। জাল নোটৰ ক্ষেত্ৰত পশ্চিম বংগ আৰু অসমত সৰ্বাধিক সংখ্যক গোচৰ ৰুজু কৰা হৈছে। যদিও মূল্যৰ আধাৰত, তামিলনাডু আৰু কেৰালাত সৰ্বাধিক সংখ্যক জাল নোট জব্দ কৰা হৈছে। প্ৰতিবেদন অনুসৰি,…
Read More

ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান।

ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান।ৰূপহীহাটৰ তাৰাবাৰীৰ পৰা জব্দ কৰে গৰু ভৰ্তি এখন ট্ৰাক।ৰূপহীহাট আৰক্ষীয়ে জুৰীয়া আৰক্ষীৰ সহযোগত যৌথভাৱে অভিযান চলাই ২২ টাকৈ চোৰাং গৰুৰ লগতে আটক কৰে তিনিজন লোকক।ধৃত লোক কেইজন ক্ৰমে গেহুৱা চলচলীৰ খলিল উদ্দিন, চামগুৰি ভগামুখৰ ওৱাহিদুল ইছলাম আৰু জুৰীয়া কালিয়াটেঙ্কিয়াৰ ৰফিকুল ইছলাম। AS 02 BC 3654 নম্বৰৰ এখন ট্ৰাকেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে গৰু কেইটা।ৰূপহীহাটৰ জুৰীয়াৰ পৰা বহিঃৰাজ্য লৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে গৰু ভৰ্তি বাহনসহ তিনিজনকৈ লোকক।অধিক তথ্যৰ বাবে ধৃত আটকাধীন কেইজনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে ৷ জব্দ কৃত গৰু কেইটা গোশালাত প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ৰূপহীহাট আৰক্ষীয়ে।
Read More

ডিব্ৰুগড়বাসীক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ কাৰ বাবে নিস্তব্ধ!

ডিব্ৰুগড়বাসীক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ কাৰ বাবে নিস্তব্ধ!স্তব্ধ হৈ পৰিল ডিব্ৰুগড়ৰ ক্লক টাৱাৰৰ ক্লক।কাণষাৰ নাই ডিব্ৰুগড় প্ৰশাসনৰ।ৰাইজে উদঙালে ডিব্ৰুগড় নগৰ উন্নয়নৰ ফোপোলা স্বৰূপ। প্ৰায় ৩ বছৰ ধৰি স্তব্ধ হৈ আছে ডিব্ৰুগড়ৰ চৌকীডিঙ্গী স্থিত ক্লক টাৱাৰ ক্লক।জানিব পৰা মতে ডিব্ৰুগড়ৰ তৈল ক্ষেত্ৰ দুলিয়াজানৰ দ্বাৰা ৭ লাখকৈ টকা পুজিঁ আবন্টনেৰে স্থাপিত ক্লক টাৱাৰটোৰ স্থাপনৰ ক্ষেত্ৰত অতিকৈ গৌৰৱবোধ কৰিছিলে ডিব্ৰুগড়ৰ জনসাধাৰনে। ডিব্ৰুগড়ৰ সেই সময়ৰ তদানীন্তন জিলা উপায়ুক্ত অৰুনা ৰাজৰীয়া আৰু পৌৰপতি চন্দ্ৰকান্ত বৰুৱাৰ তত্বাৱধানত স্থাপিত কৰা হৈছিল এই ক্লক টাৱাৰ। কিন্তু পৰিতাপৰ বিষয় যে এটা সময়ত সগৌৰৱে থিয় দি থাকি ডিব্ৰুগড়বাসী ৰাইজক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ এতিয়া নিষ্কৃয়, নিস্তব্ধ। কিন্তু এই ক্লক টাৱাৰ…
Read More
ইউএছ অ’পেনত জয়ৰে অভিযান আৰম্ভ ছেৰেনা উইলিয়ামছৰ

ইউএছ অ’পেনত জয়ৰে অভিযান আৰম্ভ ছেৰেনা উইলিয়ামছৰ

টেনিছ কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ইউএছ অ'পেন খেলি থকা ছেৰেনা উইলিয়ামছে ইয়াত জয়ৰে অভিযান আৰম্ভ কৰিছে। তেওঁ নিউয়ৰ্কত ইউএছ অ'পেনৰ প্ৰথম ৰাউণ্ডত বিজয়ী হৈছে। বিশ্বৰ ৮০ তম স্থানত থকা মণ্টেনিগ্ৰোৰ ডানকা কোবিনিকৰ বিৰুদ্ধে ছেৰেনাই উইলিয়ামছে ৬-৩, ৬-৩ ছেটত জয়লাভ কৰে। ৪০ বছৰীয়া তাৰকাগৰাকীয়ে জয়ৰ সৈতে প্ৰথম ৰাউণ্ডৰ মেচ জয়ৰ অভিলেখ বৰ্তাই ৰাখিছে। তেওঁ প্ৰথম ৰাউণ্ডত ২১ খন খেল খেলিছে আৰু এটাইকেইখনতে জিকিছে। দৰ্শকেৰে ভৰি থকা আৰ্থাৰ এশ্বে ষ্টেডিয়ামত চেৰেনাৰ সমৰ্থনত 'আমি চেৰেনাক ভাল পাওঁ' শ্লোগান দিয়া দেখা গৈছিল। খেলখনৰ পূৰ্বে, ২৩ বাৰ গ্ৰেণ্ড শ্লেম বিজয়ী উইলিয়ামছৰ এটা ভিডিঅ' প্ৰচাৰ কৰা হৈছিল, য'ত তেওঁৰ কেৰিয়াৰ আৰু জীৱনৰ সফলতা দেখুওৱা হৈছিল।…
Read More
ইউএছ অ’পেনৰ প্ৰথম ৰাউণ্ডত মেদভেদেভৰ জয়

ইউএছ অ’পেনৰ প্ৰথম ৰাউণ্ডত মেদভেদেভৰ জয়

 ডিফেণ্ডিং চেম্পিয়ন দানিল মেদভেদেভে ইউএছ অ'পেনৰ প্ৰথম ৰাউণ্ডত ষ্টিফান কোজলভক ৬-২, ৬-৪, ৬-০ ছেটত পৰাস্ত কৰে। বিশ্বৰ সাত নম্বৰ চিমোনা হালেপ ইউক্ৰেইনৰ ডাৰিয়া স্নিগুৰৰ হাতত ৬-২, ০-৬, ৬-৪ ছেটত পৰাজিত হয়। বিজয়ৰ পিছত, স্নিগাৰে তেওঁৰ চকুপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কিয়নো এই বিজয়ে তেওঁৰ পৰিয়াল আৰু ৰাছিয়াৰ আক্ৰমণৰ সৈতে যুঁজি থকা দেশখনৰ বাবে যথেষ্ট অৰ্থ বহন কৰিছিল।মেদভেদেভে পৰৱৰ্তী সময়ত ফ্ৰান্সৰ আৰ্থাৰ ৰিন্দেনেশৰ মুখামুখি হ'ব। এণ্ডি মুৰেয়ে আৰ্জেণ্টিনাৰ ফ্ৰাঞ্চিস্কো কাৰুণ্ডোলোক ৭-৫, ৬-৩, ৬-৩ ছেটত পৰাস্ত কৰে। চতুৰ্থ স্থানৰ ষ্টেফানোছ চিটচিপাছে কোৱালিফায়াৰ ডেনিয়েল ইলাহি গালানৰ হাতত ৬-০, ৬-১, ৩-৬, ৭-৫ ছেটৰ ব্যৱধানত পৰাজিত হয়। একে সময়তে, ২০২০ চনৰ চেম্পিয়ন ডমিনিক থিয়েম চাৰিটা ছেটত…
Read More
সোণৰ পদক বিজয়ী জেভেলিন অলিম্পিক সংগ্ৰহালয়ক উপহাৰ দিলে নীৰজ চোপ্ৰাই

সোণৰ পদক বিজয়ী জেভেলিন অলিম্পিক সংগ্ৰহালয়ক উপহাৰ দিলে নীৰজ চোপ্ৰাই

ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত তেওঁৰ সোণৰ পদক বিজয়ী জেভেলিন ইয়াত অলিম্পিক সংগ্ৰহালয়ক উপহাৰ দিয়ে। চোপ্ৰা যোৱা বছৰ টকিঅ'ত অনুষ্ঠিত হোৱা গেমছত ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। তেওঁ শনিবাৰে সংগ্ৰহালয়টোক তেওঁৰ আটাইতকৈ মূল্যৱান জেভেলিন উপহাৰ দিয়ে। তেওঁ জেভলিন থ্ৰ' ইভেণ্টত ৮৭.৫৮ মিটাৰ দূৰত্বৰ সৈতে এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাৰ সোণৰ পদক বিজয়ী ৰাইফলকে ধৰি ১২০ বছৰৰ সমৃদ্ধ সংগ্ৰহ থকা চোপ্ৰাই Olympic.com কয়, 'যিকোনো খেলুৱৈৰ বাবে, আনক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হোৱাটো এক ডাঙৰ সন্মানৰ বিষয়।' বিন্দ্ৰা ২০০৮ চনত ব্যক্তিগত অলিম্পিক স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে…
Read More