উত্তৰ-পূৱ

মণিপুৰত বৃহৎ প্ৰতিবাদ

মণিপুৰত বৃহৎ প্ৰতিবাদ

অসমত হোৱা এনকাউণ্টাৰৰ প্ৰতিবাদ জনাই অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ আৰু কুকিসকলে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে অসম আৰক্ষীৰ বিৰুদ্ধেও সাব্যস্ত কৰা প্ৰতিবাদত কঁপি উঠিল অশান্তজৰ্জৰ মণিপুৰৰ ভূমি ৷ উল্লেখ্য যে, কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংৰ্ঘষ সংঘটিত হৈছিল ৷ এই গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটিছিল ৷ এই ঘটনাৰ পাচতে উত্তপ্ত হৈ পৰিছিল কাছাৰ ৷ কাছাৰৰ পাছত এইবাৰ মণিপুৰত আৰম্ভ হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ।অসম আৰক্ষীয়ে তিনি নীৰিহ মাৰ যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মণিপুৰৰ জিৰিবামত মাৰ আৰু কুকিসহ বিভিন্ন লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে’কাৰ্ড লৈ…
Read More
পুনৰ অসম আৰক্ষীৰ বৃহৎ সফলতা

পুনৰ অসম আৰক্ষীৰ বৃহৎ সফলতা

নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত আটক ড্ৰাগছসহ সৰবৰাহকাৰী মজিবুৰ ৰহমানক। ৰূপহীহাটৰ পুথিখাইটিত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ আটক কৰে মজিবুৰ ৰহমান নামৰ সৰবৰাহকাৰীটোক। আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১০ গ্ৰাম। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মজিবুৰ ৰহমানক।
Read More
সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা

সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বল বমলৈ যোৱা বাহন। কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ। সৰভোগৰ বেঁকী নদীৰ পৰা ঘৰলৈ আহি আছিল ভক্তসকল। বৰ্তমান আহত ভক্তসকলক সৰ্থেবাৰী চিকিৎসালয়ত ভৰ্তি। ঘটনাস্থলীত উপস্থিত সৰ্থেবাৰীৰ আৰক্ষী ।
Read More
জোনাইৰ জোনকাৰেঙত ভূমিকেন্দ্ৰিক সংঘাত

জোনাইৰ জোনকাৰেঙত ভূমিকেন্দ্ৰিক সংঘাত

জোনাইৰ জোনকাৰেঙত ভূমিকেন্দ্ৰিক সংঘাত। সংঘাতত গুৰুতৰভাৱে আহত দুই মহিলাসহ তিনিগৰাকী লোক। ১২ জনীয়া এটা দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি নৰেশ্বৰ কুলি। নিজৰ মাটিত ঘৰ নিৰ্মাণৰত সময়তে লোকজনক আক্ৰমণ দুৰ্বৃত্তৰ। নৰেশ্বৰ কুলিৰ পত্নী-কন্যাকো আক্ৰমণ দুৰ্বৃত্তৰ। ১২ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী পৰিয়ালৰ।
Read More
চাপৰৰ ঘুনিমাৰীৰ এজন লোক নিৰুদ্দেশ

চাপৰৰ ঘুনিমাৰীৰ এজন লোক নিৰুদ্দেশ

চাপৰৰ ঘুনিমাৰীৰ এজন লোক নিৰুদ্দেশ। শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে আনোৱাৰ আলী নামৰ লোকজন। ট্ৰাকৰ হেণ্ডিমেন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল আনোৱাৰ। গুৱাহাটীৰ লখৰাৰ পৰা নিৰুদ্দেশ হয় লোকজন। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰে যদিও পোৱা নাই শুংসূত্ৰ। আনোৱাৰৰ কিবা সম্ভেদ পালে থানা অথবা 8638595834ত যোগাযোগৰ আহ্বান পৰিয়ালৰ ।
Read More
গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ

গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ

গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ। আমবাৰী-বৰদল পথত অৱস্থান বন্যহস্তীৰ জাকটোৰ। বহু পৰলৈকে বন্ধ হৈ পৰে পথটোৰে যান-বাহনৰ চলাচল। পাছলৈ বৰদল বনাঞ্চলত আশ্ৰয় লয় হাতীৰ জাকটোৱে। বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাইছে অঞ্চলটোৰ ৰাইজে।
Read More
বিতৰ্কিতNEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা

বিতৰ্কিতNEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা

বিতৰ্কিত NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা। পূৰ্বৰ ৬১ গৰাকীৰ পৰিৱৰ্তে ১৭ গৰাকী প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। পৰিৱৰ্তন হ'ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান। ৰাজস্থানৰ ৪, মহাৰাষ্ট্ৰৰ ৩, দিল্লী-উত্তৰ প্ৰদেশৰ দুজনকৈ প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। শীৰ্ষস্থান লাভ কেৰালা, চণ্ডীগড়, তামিলনাডু, পঞ্জাৱ, বিহাৰ, পশ্চিমবংগৰ প্ৰাৰ্থীৰ। উল্লেখ্য যে, ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ৪ জুনত। তাৰ পাছতে উঠিছিল বিসংগতিৰ অভিযোগ। প্ৰশ্নকাকত ফাদিলৰ অভিযোগত জনোৱা হৈছিল পুনৰ পৰীক্ষাৰ দাবী ৷ কিন্তু সেয়া মানি লোৱা নাছিল উচ্চতম ন্যায়ালয়ে। ফলত প্ৰকাশ কৰা হ'ল সংশোধিত ফলাফল৷
Read More
বিপদত মেঘালয়

বিপদত মেঘালয়

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়। মেঘালয়ৰ পৰ্যটনত পৰিছে বিৰূপ প্ৰভাৱ। শুকুৰবাৰৰ দিনটোত মেঘালয়ত ৩০% হোটেল বুকিং বাতিল। আজিৰ দিনটোতো হোটেল বুকিং প্ৰায় ৫০% বাতিল হোৱাৰ সম্ভাৱনা। প্ৰেছ ৰিলিজযোগে শুকুৰবাৰৰ দিনটোত ৩০% ৰাজহ লোকচান হোৱাৰ কথা সদৰী কৰিছে মেঘালয়ৰ কেইবাটাও স্থানীয় সংগঠনে। অসমৰ পৰ্যটক আৰু কেব মেঘালয়ত প্ৰৱেশত বাধা দিয়া কাৰ্যক NESO, আছুৰ লগতে মেঘালয়ৰ ৭ টা স্থানীয় সংগঠনৰ বিৰোধিতা।
Read More
পুনৰ জব্দ নিচাজাতীয় সামগ্ৰী

পুনৰ জব্দ নিচাজাতীয় সামগ্ৰী

চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন আৰু নিচাজাতীয় মেথামফেটামাইন সামগ্ৰী জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত চি আই ডিয়ে খাওজল জিলাৰ ডুলটে ভিলেজ এলেকাত অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি। ত্ৰিপুৰা ৰাজ্যৰ পঞ্জীয়ণ ভুক্ত এখন বলেৰ' বাহনত তালাচী চলাই ১৪.০৮২ কেজি সন্দেহযুক্ত মেথামফেটামাইন আৰু ২.৮০৪ কেজি হেৰ’ইন জব্দ কৰিছে চি আই ডিয়ে। হেৰ'ইনখিনি ১৯১টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয়। TR 05 C- 1813 নম্বৰৰ বাহনখনৰ পৰা গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় বুজণ পৰিমাণৰ এই নিচা জাতীয় সামগ্ৰীখিনি। জব্দ কৰা নিচা জাতীয় সামগ্ৰীখিনিৰ মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।
Read More
অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক!

অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক!

অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক! মহিলাৰ পিছত পুৰুষ দল কোৱাৰ্টাৰ ফাইনেলত উদ্বোধনৰ পূৰ্বেই অলিম্পিকৰ আৰম্ভণি খুবেই সুন্দৰ ভাৰতৰ বাবে। প্ৰথমে আৰ্চাৰীত ভাৰতীয় মহিলা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। আৰু বৃহস্পতিবাৰে দিনৰ শেষত চমক দিলে ভাৰতীয় পুৰুষ আৰ্চাৰী দলে। সুন্দৰ প্ৰদৰ্শন কৰি ৩ নম্বৰত শেষ কৰি পোনে পোনে অন্তিম আঠৰ টিকট নিশ্চিত কৰে ভাৰতীয় পুৰুষ দলে। প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ মুঠ স্ক’ৰ ২০১৩। দলত আছে ধীৰাজ বোম্মাদেৰাভা, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ।
Read More