উত্তৰ-পূৱ

জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি

জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি

জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি। ডেলিভাৰী বয় হিচাপে জীৱিকা নিৰ্বাহ কৰি আছিল কটনৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদ্বীপে। মেধাৱী ছাত্ৰজনক USTM কৰ্তৃপক্ষই দিছে নতুন কামৰ সন্ধান। USTMৰ অধ্যক্ষ মাহবুবুল হকক ২৫ নৱেম্বৰত সাক্ষাৎ কৰিছিল জ্ঞানদ্বীপে। নতুন চাকৰিয়ে জ্ঞানদ্বীপলৈ কঢ়িয়াইছে আশাৰ ৰেঙনি। ফাঁচীবজাৰত জ্ঞানদ্বীপক প্ৰহাৰ কৰিছিল পাণবজাৰ থানাৰ তদানীন্তন OC ভাৰ্গৱ বৰবৰাই। তাৰ পিছতেই জীৱনৰ নতুন মুৰ ললে জ্ঞানদ্বীপৰ।
Read More
আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন । ২৫ দিন ধৰি চলিবগীয়া এই অধিৱেশন অহা ২০ ডিচেম্বৰত অন্ত পৰিব । যোৱা কালি এই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । জানিব পৰা মতে, এই শীতকালীন অধিৱশেনৰ বাবে ৱাকফকে ধৰি ১৬খন বিধেয়ক তালিকাভুক্ত কৰা হৈছে ।এই বৈঠক পুৱা ১০ বজাত কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সদস্য মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত বিৰোধী দলসমূহে মণিপুৰ, ৱাকফ বিল আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ দৰে বিষয়সমূহ উত্থাপন কৰিব পাৰে । উল্লেখ্য যে, কেৰালা ৱায়ানাডৰ পৰা উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে চাৰি লাখৰো অধিক ভোটত জয়লাভ কৰে। প্ৰিয়ংকা গান্ধীয়ে…
Read More
উত্তৰ প্ৰদেশৰ সম্ভলত হিংসাত্মক পৰিস্থিতি

উত্তৰ প্ৰদেশৰ সম্ভলত হিংসাত্মক পৰিস্থিতি

উত্তৰ প্ৰদেশৰ সম্ভলত হিংসাত্মক পৰিস্থিতি । প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত ইতিমধ্যে ৩ লোকে প্ৰাণ হেৰুৱাইছে । কেৱল এয়াই নহয় নিৰাপত্তা বাহিনী আৰু প্ৰশাসনৰ বহু লোকো আহত হৈছে । এনে পৰিস্থিতিত কঠোৰ হৈছে সম্ভল প্ৰশাসন । জিলা প্ৰশাসনে সম্ভলত ৩০ নৱেম্বৰলৈকে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । দেওবাৰে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই কয় যে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে ।বিগত ১৯ নৱেম্বৰৰ পৰাই সম্ভলত উত্তেজনা অব্যাহত আছিল । জামা মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকাৰ দাবীৰে কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে প্ৰথমবাৰৰ বাবে জামা মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ পিছতে উত্তেজনা…
Read More
আজি লাচিত দিৱস

আজি লাচিত দিৱস

আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।আজি ৰাজ্যত পালন কৰা হৈছে লাচিত দিৱস। আজিৰ লাচিত বৰফুকনৰ ৪০২ তম জন্মজয়ন্তী। লাচিত দিৱস হৈছে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটোত সমগ্ৰ অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত পালন কৰা এক দিৱস। অসমত এই দিনটোত চৰকাৰি ভাৱে বন্ধৰ দিন হিচাপে পালন কৰা হয়। ২০২২ চনৰ লাচিত দিৱস অসম চৰকাৰৰ হস্তক্ষেপত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী হিচাপে বিশাল আয়োজনেৰে অসম তথা দিল্লীত উদযাপন কৰা হৈছিল।লাচিত দিৱস হৈছে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটোত সমগ্ৰ অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত পালন কৰা এক দিৱস।…
Read More
উত্তৰপ্ৰদেশত উত্তপ্ত পৰিস্থিতি

উত্তৰপ্ৰদেশত উত্তপ্ত পৰিস্থিতি

উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ একাংশৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কন্দুৱা গেছ ব্যৱহাৰ। মছজিদত জৰীপ চলাবলৈ যোৱা দলক আক্ৰমণ। শ্বাহী জামা মছজিদত উপস্থিত হৈছিল জৰীপকাৰী দল।
Read More
বহু দিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব

বহু দিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব

দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব। কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। আজি আৰু কাইলৈ চৌদি আৰৱৰ জেদ্দাহ চহৰত এই মেগা নিলাম অনুষ্ঠিত হ’ব।ক্ৰিকেট বিশ্বৰে আটাইতকৈ ব্যয়বহুল লীগ আই পি এলৰ নিলামে নিশ্চিতভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সেয়ে এই নিলামৰ প্ৰতি সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে।ইতিমধ্যে নিলামৰ পূৰ্বেই ফ্ৰেন্সাইজিসমূহে মুঠ ৪৬জন খেলুৱৈক ৰিটেইন কৰিছে। প্ৰতিটো ফ্ৰেন্সাইজিয়ে বিগত সংস্কৰণত দলক প্ৰতিনিধিত্ব কৰা নিজৰ ছয়জন খেলুৱৈক প্ৰত্যক্ষ ৰিটেনচন বা ৰাইট টু মেচ (আৰটিএম)ৰ জৰিয়তে ৰিটেইন কৰিবলৈ অনুমতি পাইছিল।অৱশ্যে কেৱল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছেহে ৬গৰাকীকৈ খেলুৱৈ ৰিটেই কৰিছিল। গতিকে দুয়োটা দলে নিলামত পোনে পোনে খেলুৱৈ ক্ৰয়…
Read More
গৌৰৱ গগৈৰ কথা যেন ভুল প্ৰমাণিত হ’ল

গৌৰৱ গগৈৰ কথা যেন ভুল প্ৰমাণিত হ’ল

গৌৰৱ গগৈৰ দাবী নৰজিলঃ বিজেপিৰ দখললৈ গ’ল বিহালী সমষ্টি।বিহালী সমষ্টিত জয়লাভ কৰিছে বিজেপিয়ে। দলটোৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে সমষ্টিটোত ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ জয়ন্ত বৰা দ্বিতীয় স্থানত থাকে। এই দুই প্ৰাৰ্থীৰ বিপৰীতে সমষ্টিটোত তৃতীয় স্থানত থাকে চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী।এই সমষ্টিটোত দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছিল যোৰহাত সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈ। ইয়াৰ পিছতে গত লোকসভা নিৰ্বাচনত যোৰহাটত হোৱা ৰাজনৈতিক পৰিস্থিতিৰ দৰেই বিহালীত অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি কংগ্ৰেছে দৃঢ় দাবী কৰিছিল। শুকুৰবাৰে খোদ গৌৰৱ গগৈয়ে বিহালীত ইতিমধ্যেই কংগ্ৰেছে জয়লাভ কৰা বুলিও দাবী কৰিছিল।কিন্তু আজি ভোটগণনা আৰম্ভ…
Read More
পুষ্পা ছবিখনে পুনৰ আন এক অভিলেখ গঢ়িছে

পুষ্পা ছবিখনে পুনৰ আন এক অভিলেখ গঢ়িছে

দাক্ষিণাত্যৰ ছবি পুষ্পা জুই নহয় বনজুই! এয়া কেৱল এটা বাক্য নহয় বাস্তৱতো দেখা যায়। আমেৰিকাত ছবিখনৰ প্ৰি-চেলছত ডাঙৰ অভিলেখ ভংগ কৰিছে। এতিয়ালৈ ‘পুষ্পা ২’-এ আমেৰিকাত ১২.৩ লাখ ডলাৰ উপাৰ্জন কৰিছে।৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ‘পুষ্পা ২’, এই ছবিখনৰ ওপৰত ৰাইজৰ বহু আশা। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা এতিয়া মানুহে ইয়াৰ আগতীয়া বুকিং আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছে। যদিও ভাৰতত এতিয়াও প্ৰি-বুকিং আৰম্ভ হোৱা নাই, ইতিমধ্যে আমেৰিকাত ছবিখনৰ টিকট প্ৰি-চেল কৰা হৈছে। কেৱল এয়াই নহয় ‘পুষ্পা ২’-এ কেৱল আমেৰিকাত প্ৰি-চেলছৰ সময়ত আচৰিত অভিলেখ গঢ়িছে।শেহতীয়াকৈ আমেৰিকাৰ প্ৰি-চেলছৰ সময়ত কৰা নতুন অভিলেখৰ এখন ছবি ‘পুষ্পা ২’ৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে।…
Read More
গোসাঁইগাঁৱত চোৰাং চিকাৰী আটক

গোসাঁইগাঁৱত চোৰাং চিকাৰী আটক

গোসাঁইগাঁৱত চোৰাং চিকাৰী আটক ।ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন্য জীৱ জন্তু হত্যাৰ অপৰাধত আটক তিনিজন । চোৰাং চিকাৰী কেইজন ক্ৰমে অনাম বসুমতাৰী(৪৫),বেদলাও বসুমতাৰী(৪০) আৰু কুলু কইলা(৫৫)আটাইৰে ঘৰ কচুগাঁৱত।হাতী, হৰিণ,বাঘ আদি বন্য জীৱ জন্তু চিকাৰ কৰাৰ তথ্য লাভ কৰিছিল বনৰক্ষী বাহিনীয়ে ।৫ কেজি নাহৰফুটুকী বাঘৰ মাংসৰ লগতে বাঘৰ ছাল উদ্ধাৰ।কচুগাওঁ‌ চেণ্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জাৰ বিষয়া পেৰিচ বসুমতাৰীৰ নেতৃত্বত বন বিভাগ আৰু SSB ৰ যৌথ অভিযান।আটাইকেইজনক গোচৰ ৰুজু কৰি আদালত লৈ প্ৰেৰন কৰে ।ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পলো নদীৰ ওচৰত চিকাৰী তিনিজনে মাংসবোৰ শুকাই আছিল। চাৰি নম্বৰ ৰাইটত বন বিভাগে গোপন খৱৰৰ ভিত্তিত চোৰাং চিকাৰী তিনিজনক আটক কৰাৰ লগতে বাঘৰ মাংস আৰু ছাল উদ্ধাৰ কৰে।
Read More
মণিপুৰত অগ্নিসংযোগ কৰা ৭ব্যক্তিক গ্ৰেপ্তাৰ

মণিপুৰত অগ্নিসংযোগ কৰা ৭ব্যক্তিক গ্ৰেপ্তাৰ

মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে কয় যে যোৱা ১৬ নৱেম্বৰত জনপ্ৰতিনিধিৰ ঘৰত অগ্নিসংযোগ আৰু সম্পত্তিৰ ক্ষতিসাধনৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত আৰু সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ দ্বাৰা এই ঘটনাত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে ।গ্ৰেপ্তাৰ কৰাসকলক ৱাহেংবাম জ্যোতিকুমাৰ সিং (২৬), খুন্দ্ৰকপাম বিক্ৰম সিং (৪১), মোনিশা নেপ্ৰম (৩১), অৰিবাম মীৰাচন্দ্ৰ শৰ্মা (৪১), এলাংবাম হাৰিচন সিং ওৰফে দাদা (৩৪), লৌৰেম্বাম নৰোজিৎ সিং ওৰফে নোনি সিং (৪০) আৰু লাইমায়ুম কেদাৰনাথ শৰ্মা (৩৭) বুলি চিনাক্ত কৰা হৈছে ।গ্ৰেপ্তাৰ কৰাসকলক ৱাহেংবাম জ্যোতিকুমাৰ সিং (২৬), খুন্দ্ৰকপাম বিক্ৰম সিং (৪১), মোনিশা নেপ্ৰম (৩১), অৰিবাম মীৰাচন্দ্ৰ শৰ্মা (৪১), এলাংবাম হাৰিচন সিং ওৰফে দাদা (৩৪), লৌৰেম্বাম…
Read More