অসম

বোকাজানত ১৫ কোটি মূল্যৰ ড্ৰাগছসহ জব্দ সৰবৰাহকাৰী…

বোকাজানত ১৫ কোটি মূল্যৰ ড্ৰাগছসহ জব্দ সৰবৰাহকাৰী…

কাৰ্বি আংলং আৰক্ষীয়ে পুনৰবাৰ বোকাজানত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে এজন ব্যৱসায়ীক। বাছৰ পৰা নামি থকা অৱস্থাত আৰক্ষীয়ে বেপাৰীজনক আটক কৰি প্ৰায় ৫ কেজি ব্ৰাউন চুগাৰ জব্দ কৰে। প্ৰায় ১৫ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ হৈছে ব্যক্তিজনৰ বেগৰ ভিতৰত। ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ অতি সতর্কতা আৰু অধ্যৱসায়ৰ প্রচেষ্টাক শলাগ লয়৷
Read More
বোকাখাতত একেখন বাহনেই সংঘটিত কৰিলে দুটা দুৰ্ঘটনা, কণমানিৰ মৃত্যু…

বোকাখাতত একেখন বাহনেই সংঘটিত কৰিলে দুটা দুৰ্ঘটনা, কণমানিৰ মৃত্যু…

বোকাখাতৰ লখৌজান আৰু লতাবাৰীত পথ দুৰ্ঘটনা৷ একেখন গাড়ীয়েই দুৰ্ঘটনা সংঘটিত কৰিলে দুটা স্থানত৷ দুবছৰীয়া এগৰাকী কণমানি নিহত হোৱাৰ লগতে গাড়ীখনৰ চালকসহ চাৰিজন আহত হয়৷ নিহত কণমানিজনীৰ নাম আলিচা বেগম (২)। আহত হয় তচলিমা বেগম (২৫), আতিকুৰ ৰহমান (২০) চালক, পদ্মেশ্বৰ পেগু (২২) আৰু ৰঞ্জিত চাওতাল (৩০)। AS 01 BS 6888 গাড়ীখনে লখৌজানত দুজনক খুন্দিয়াই আহি লতাবাৰীত কণমানিজনীক খুন্দিয়াই নিহত কৰাৰ লগতে মাতৃক আহত কৰে৷
Read More
হাইলাকান্দিত ৩০০ গ্ৰাম হেৰ’ইনসহ ৩ জনক আটক, উদ্ধাৰ নগদ ধনো…

হাইলাকান্দিত ৩০০ গ্ৰাম হেৰ’ইনসহ ৩ জনক আটক, উদ্ধাৰ নগদ ধনো…

হাইলাকান্দি আৰক্ষীয়ে সোমবাৰে ৩০০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। খবৰ অনুসৰি, ধলেশ্বৰী নদীত আৰক্ষীয়ে অভিযান চলাই ৰামনাথপুৰ থানাৰ অন্তৰ্গত ধলেশ্বৰী ফেৰী ঘাটৰ সীমান্তৱৰ্তী অসম-মিজোৰামত এখন নাওৰ পৰা ৪২টা কণ্টেইনাৰ জব্দ কৰে। হেৰ’ইনৰ লগতে আৰক্ষীয়ে নাওখনৰ পৰা চোকা অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ১ লাখ নগদ ধনো জব্দ কৰে। ধৃত লোককেইজন হৈছে মনিৰ উদ্দিন লস্কৰ, আলতা হুছেইন তাপাদাৰ আৰু আহাদ উদ্দিন লস্কৰ। বিষয়টোক লৈ এতিয়াও তদন্ত অব্যাহত আছে। ইয়াৰ পূৰ্বে দেওবাৰে হাইলাকান্দি জিলাৰ বঙালপুৰ গাঁৱৰ পৰা ১ কোটি টকাৰ সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে যদিও বেপাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়।
Read More
যোৰহাটত খুলশালীয়েকক নৃশংসভাৱে হত্যা ভিনিহিয়েকৰ, গ্ৰেপ্তাৰ

যোৰহাটত খুলশালীয়েকক নৃশংসভাৱে হত্যা ভিনিহিয়েকৰ, গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে মঙলবাৰে যোৰহাটৰ বৰহোলা অঞ্চলত চোকা সঁজুলিৰে নিজৰ খুলশালীয়েকক হত্যা কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি, অভিযুক্তক সজ্জন পাল বুলি চিনাক্ত কৰা হৈছে যিয়ে নিজৰ পত্নীৰ ভগ্নীক নৃশংসভাৱে হত্যা কৰে। এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Read More
দেৰগাঁৱত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন কনিষ্টবলৰ, গ্ৰেপ্তাৰ…

দেৰগাঁৱত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন কনিষ্টবলৰ, গ্ৰেপ্তাৰ…

গোলাঘাট জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত এগৰাকী মহিলা আৰক্ষী জোৱানক ধৰ্ষণ কৰাৰ অভিযোগ এজন পুৰুষ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে। খবৰ অনুসৰি, যোৱা ২২ ফেব্ৰুৱাৰীত মহিলা আৰক্ষী প্ৰশিক্ষাৰ্থীগৰাকীক অসুস্থ হৈ থকাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদৰ ভিতৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিশা কৰ্তব্যৰত বাবুল ভূঞা নামৰ পুৰুষ আৰক্ষী কনিষ্টবলজনে মহিলাগৰাকীক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত কৰ্তৃপক্ষক এই সন্দৰ্ভত খবৰ দিয়ে ভুক্তভোগীয়ে যদিও অভিযোগৰ পিছতো জ্যেষ্ঠ বিষয়াসকলে ব্যৱস্থা ল’বলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। দেওবাৰে পুৱা কৰ্তব্যৰ সময়ত ভুক্তভোগী আৰক্ষী জোৱান অচেতন হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছতে দেৰগাঁও…
Read More
লেখিকা, অধ্যাপিকা শ্ৰুতিমালা দুৱৰাৰ বিয়োগ

লেখিকা, অধ্যাপিকা শ্ৰুতিমালা দুৱৰাৰ বিয়োগ

সন্দিকৈ গাৰ্লছ কলেজৰ সহযোগী অধ্যাপিকা, শিক্ষাবিদ, প্ৰখ্যাত লেখিকা শ্ৰুতিমালা দুৱৰাৰ সোমবাৰে গুৱাহাটীত মৃত্যু ঘটে। উত্তৰ-পূবৰ আঠটা অধ্যায় থকা সংস্থা নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল দুৱৰা। এগৰাকী দ্বিভাষিক লেখিকা, ইংৰাজী ভাষাৰ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে তিনিখন উপন্যাস আৰু চাৰিখন চুটিগল্প সংকলন- দ্য ছানচেট আৱাৰ এণ্ড অদাৰ ষ্ট’ৰীজ (১৯৯৮), ৱেইটিং ফৰ দ্য লাষ্ট ব্ৰেথ (১৯৯৯), দ্য ঝুলন ইভিনিং (২০০০) আৰু দ্য মিছিং লিংক। খবৰ অনুসৰি কেইবছৰমান আগতে তেওঁৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল। শেহতীয়াকৈ তেওঁ- My Journey through Cancer শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰে, য’ত তেওঁ কেন্সাৰ ধৰা পৰাৰ পিছত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিছে।
Read More
মহানগৰীত ৮ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক

মহানগৰীত ৮ কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক

মহানগৰীৰ বশিষ্ঠত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। বশিষ্ঠৰ নলাপাৰাত গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ১.০৫৬ কিলোগ্ৰাম হেৰ’ইন। ইফালে এই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে তিনিজনকৈ লোকক। পূৱ গুৱাহাটী আৰক্ষী জিলাৰ এটা দলে চলোৱা এক বিশেষ অভিযানত ৮৮টা চাবোনৰ বাকচত ভৰ্তি হেৰ’ইনখিনি জব্দ কৰা হয়। লগতে AS01ES0766 আৰু AS01NC3769 নম্বৰৰ দুখন গাড়ীও জব্দ কৰা হৈছে। গুৱাহাটী আৰক্ষীৰ তথ্য অনুসৰি তিনিজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰী কেইজনক আব্দুল ৰছিদ, মুজামিল হক আৰু মোঃ জামাল আলী বুলি চিনাক্ত কৰা হৈছে।
Read More
মধ্যাহ্ন ভোজনৰ বাবে বেংকৰ পৰা ধন উলিয়াই অনাৰ সময়তে শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল ১ লাখ টকা…

মধ্যাহ্ন ভোজনৰ বাবে বেংকৰ পৰা ধন উলিয়াই অনাৰ সময়তে শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল ১ লাখ টকা…

সোমবাৰে ধুবুৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ পৰা দিনৰ পোহৰতে অচিনাক্ত দুৰ্বৃত্তই লুটি লৈ গ’ল এক লাখ টকা। এয়াৰমাৰী বালিকা এল পি স্কুলত অধ্যাপনা কৰা মনোমোহন চন্দ্ৰ দাস নামৰ শিক্ষকগৰাকী ধুবুৰী জিলাৰ অন্তৰ্গত বিদ্যাদাবৰী চাহ বাগিচা পি-এলৰ হালাকুৰাৰ বাসিন্দা। দাসৰ মতে, ধুবুৰী চহৰৰ এ এছ টি চি বাছ ষ্টেণ্ডত মধ্যাহ্ন ভোজনৰ বাবে ধুবুৰীৰ ইউ চি অ’ বেংকৰ শালমাৰা শাখাৰ পৰা ১ লাখ টকা উলিওৱাৰ পিছতে এই ঘটনা সংঘটিত হয়। তেওঁ কয়, ''মই ইউচিঅ' বেংক শালমাৰা শাখাৰ পৰা প্ৰায় ১২ বজাৰ পৰা ১৩০ বজালৈ ধন উলিয়াই কিছু কামৰ বাবে এটা ঠাইলৈ গৈছিলো। সেই ঠাইৰ পৰা উভতি আহোঁতে কোনোবাই মোৰ শৰীৰত কিবা…
Read More
ঢকুৱাখনাত ৬টাকৈ দুষ্প্ৰাপ্য শগুনৰ অপমৃত্যু…

ঢকুৱাখনাত ৬টাকৈ দুষ্প্ৰাপ্য শগুনৰ অপমৃত্যু…

মাজুলীৰ পিছতে এইবাৰ মৃত্যু ঘটিল প্ৰকৃতিৰ জমাদাৰৰূপে পৰিচিত ৬টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনৰ। ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগিচা গাঁৱৰ এখন পথাৰত ৬টাকৈ শগুনৰ মৰাশ পৰি থকাৰ খবৰে মৰ্মাহত কৰিছে স্থানীয় নিৱাসীৰ লগতে প্ৰকৃতিপ্ৰেমীসকলক। জানিব পৰা মতে, পথাৰত ৬টা শগুন মৃত্যু হৈ পৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে শুকুৰবাৰে বিয়লি প্ৰায় ২ বজাত সেই স্থানত উপস্থিত হয় প্ৰকৃতি সংৰক্ষক ধ্ৰুৱজ্যোতি চেতিয়া, প্ৰকৃতি প্ৰেমী বিমান চেতিয়া, মানস দত্ত আদি কেইবাজনো লোক। ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমীসকলে সেই স্থানত ৬টা হিমালয়ান গ্ৰীফন প্ৰজাতিৰ শগুনৰ মৰাশ উদ্ধাৰ কৰাৰ লগতে আন দুটা শগুনক সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰি মেগামিক্স প্ৰকৃতি সংঘ আৰু বন বিভাগক অৱগত কৰে। পৰৱৰ্তী…
Read More
কৰিমগঞ্জ প্ৰশাসনে বৃহস্পতিবাৰে বাংলাদেশৰ সৈতে থকা সীমান্তত ফৌজদাৰী বিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰে।

কৰিমগঞ্জ প্ৰশাসনে বৃহস্পতিবাৰে বাংলাদেশৰ সৈতে থকা সীমান্তত ফৌজদাৰী বিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰে।

জিলাখনৰ আইন-শৃংখলা বিঘ্নিত হোৱাৰ সম্ভাৱনা থকা বিধ্বংসী উপাদানৰ চলাচল ৰোধৰ বাবে এই নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও জিলাখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ মাজেৰে গৰু সৰবৰাহৰ ঘটনা ৰোধ কৰাৰো লক্ষ্য ৰাখিছে যিয়ে বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। সূত্ৰ অনুসৰি এই নিষেধাজ্ঞা আদেশ অনিৰ্দিষ্টকাললৈ বলবৎ থাকিব। ইয়াৰ দ্বাৰা নিশা ৮ বজাৰ পৰা পুৱা ৫ বজাৰ ভিতৰত ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সীমান্তৰে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ইয়াৰোপৰি জিলা দণ্ডাধীশে কুছিয়াৰা নদীৰ কাষে কাষে মানুহৰ চলাচল আৰু ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াত বাধা আৰোপ কৰে। ইফালে কোনো ব্যক্তিয়ে সংশ্লিষ্ট চক্ৰ বিষয়াৰ অনুমতি নোলোৱাকৈ কুছিয়াৰা নদীত মাছ ধৰাৰ বাবে কোনো ধৰণৰ নাও চলাব নোৱাৰিব। এই…
Read More