09
Apr
বহিঃৰাজ্যত অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীসহ পৰিয়ালৰ ৩ সদস্যৰ অকাল মৃত্যুৱে শোকৰ বন্যা নমাইছে বোকাখাতত। ৰাজস্থানৰ আলৱাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে নুমলীগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ লগতে তেওঁৰ জী আৰু জোঁৱাইৰ। নিহত সকলক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা গগৈ চৌধুৰী (৭৫), কন্যা মনমী বৰা গগৈ (৪২) আৰু জোঁৱাই অৰ্ণৱ বৰা (৪৫) বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে মনমী আৰু অৰ্ণৱৰ কণমানি পুত্ৰ আভি বৰাৰ। নিহত জ্যোতিমালা গগৈ চৌধুৰী বিহৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিল। জানিব পৰা মতে, অৰ্ণৱ বৰাৰ ঘৰ লখিমপুৰৰ চাবতিৰ চৌখামত যদিও কৰ্মৰ খাতিৰত তেওঁ সপৰিয়ালে দিল্লীত বাস কৰিছিল। যোৱা ২৪ ফেব্ৰুৱাৰীত জী-জোঁৱাইৰ ঘৰলৈ গৈছিল অৱসৰী…