অসম

শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ | জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহাৰ পিছতেই বনৰৌটো প্ৰত্যক্ষ কৰে | অৱশেষত বন বিভাগৰ লোক আহি ঘটনাস্থলীৰ পৰা দুষ্প্ৰাপ্য বনৰৌটো চমজি লয় |
Read More
নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহতীৰ বালাপাৰা গাঁওৰ হাফিজুৰ ৰহমান (৩৫) আৰু ছহিনুৰ ইছলাম (১৮) নামৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে দুয়োটা পৰিয়ালৰ মাজত৷ দুয়োজন শ্ৰমিকৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰিছে পৰিয়াল তথা আত্মীয় স্বজনৰ লগতে অঞ্চলবাসী ৰাইজ৷পৰিয়ালৰ লোকে ব্যক্ত কৰা মতে,পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবেই মাত্ৰ এসপ্তাহ পূৰ্বে গুৱাহাটীলৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল হাফিজুৰ ৰহমান আৰু ছহিনুৰ ইছলামৰ লগত অঞ্চলটোৰ আন কেইবাজন ব্যক্তি৷ জানিব পৰা মতে,অইন দিনাৰ দৰে শনিবাৰৰ দিনাও পুৱাই কাম কৰিবলৈ ওলাই যোৱা পাঁচজন শ্ৰমিকে নাৰেংগী ষ্টেচনৰ সমীপৰ ৰেল লাইন পাৰ হওঁতেই নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছে মহটিয়াই নিয়ে…
Read More
বৰপেটা জিলা কমিটি গঠন

বৰপেটা জিলা কমিটি গঠন

অসম বাঙালী পৰিষদৰ বৰপেটা জিলা কমিটি গঠন সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ নাগে অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে । সভাত ৰীতা নাগক সভাপতি, ৰাজা সাহাক কাৰ্যকাৰী সভাপতি, দীপক ঘোষক উপ-সভাপতি,  প্ৰনয় দে'ক সাধাৰণ সম্পাদক, সুমিত দে (ৰনী)ক যুটীয়া সম্পাদক, ৰাজেন্দ্ৰ সৰকাৰক সাংগঠনিক সম্পাদক, বিনয় দে'ক সাংস্কৃতিক সম্পাদকৰ লগতে প্ৰচাৰ সম্পাদক, কাৰ্যকৰী সদস্য হিচাপে লৈ ২১ জনীয়া এক শক্তিশালী বৰপেটা জিলা সমিতি গঠন কৰা হয় ।
Read More
কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ

কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ

গোপাল আতাৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত হাউলীৰ কালঝাৰ সত্ৰৰ গাতে লাগি থকা তথা সত্ৰখনৰ আয়ুসৰেখা হিচাপে পৰিচিত পল্লা নদীত চৰকাৰৰ বিধিগত অনুমতি নোহোৱাকৈ ব্যাপক হাৰত খনন কাৰ্য্য চলোৱা কাৰ্য্যই নদীপৰীয়া ৰাইজক সংকিত কৰি তুলিছে। সংগ্ৰামী সতীৰ্থ সন্মিলন হাউলীৰ উপদেষ্টা যুগান্ত বায়ন আৰু মহানন্দ কুমাৰ পাঠকে বৰপেটাৰোড বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত এই দুষ্টচক্ৰটোৰ থকা অবৈধ বুজাবুজিৰ বাবে কালঝাৰ সত্ৰৰ লগত জড়িত লোকসকলৰ লগতে পল্লা নদীখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক বৃহৎ অঞ্চলৰ ৰাইজৰ আয়ুসৰেখা পল্লা নদীখন ভৱিষ্যতৰ বাবে প্ৰবাহিত হৈ থকাৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি এক বিবৃতি যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত সতীৰ্থ সন্মিলন হাউলীৰ পৰা প্ৰকাশ…
Read More
এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন

এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন

কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিং শিক্ষানুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ কালি দিন ব্যাপি বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ তত্বাৱধানত আয়োজিত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী অনুষ্ঠানত পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ কৰা হয়। উক্ত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ক্ৰমে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বৰপেটা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ হাসমত আলী,পাঠশালা ছাব ডিভিজন চিভিল হস্পিটালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ নুৰ ইছলাম, এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্সৰ অধ্যাপক ড° সুমিত দাস, অধ্যক্ষা কুসুম…
Read More
ভেল্লাত ৰঙালী বিহু উদযাপন

ভেল্লাত ৰঙালী বিহু উদযাপন

১৯৭১ চনৰ পৰাই ভেল্লাৰ ভূমিপুত্ৰ মুছলমান লোকসকলে বিহু পাতি আহিছে। তাৰ বাবে ভেল্লাৰ খিলঞ্জীয়া গৰিয়া মুছলমানক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে ভেল্লাৰ বিহুত অংশগ্ৰহণ কৰি কয়-আহোম সকলৰ সৈতে বিহু উদযাপন কৰি আহিছে গৰিয়া মৰিয়া দেশী লোকসকলে । বৰপেটাৰ খিলঞ্জীয়া গৰিয়া মুছলমান অধ্যুষিত ভেল্লা আঞ্চলিক যুৱক সমাজ আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ভেল্লা আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এইবিহু | উপস্থিত থাকি উত্তৰ-পূৱ খিলঞ্জীয়া গণ মঞ্চৰ সভাপতি অনুপ চেতিয়াই কয়-অসমীয়া ভাষা, সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ সংগ্ৰাম কৰি আহিছে গৰিয়া মুছলমান লোকসকলে। এই গৰিয়া সকলক সমষ্টি পুন নিৰ্ধাৰণৰ জৰিয়তে ৰাজনৈতিক ভাৱে হত্যা…
Read More
নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ

নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বুধবাৰে ইউএপিএ গোচৰত দিল্লী আৰক্ষীয়ে নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি অভিহিত কৰে। আদালতে প্ৰবীৰ পুৰকায়স্থৰ মুক্তিৰ নিৰ্দেশো জাৰি কৰে। দৰাচলতে, দিল্লী আৰক্ষীয়ে নিউজ ক্লিকত চীনা পুঁজিৰ সৈতে ভাৰত বিৰোধী কাৰ্যকলাপৰ অভিযোগত পুৰকায়স্থক গ্ৰেপ্তাৰ কৰিছিল।  তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত আছিল। পুৰকায়স্থই দিল্লী আৰক্ষীৰ দ্বাৰা তেওঁৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।উচ্চতম ন্যায়ালয়ে পুৰকায়স্থৰ গ্ৰেপ্তাৰ আৰু আইনৰ দৃষ্টিত ৰিমাণ্ড অবৈধ বুলি অভিহিত কৰে আৰু তেওঁক মুক্তিৰ নিৰ্দেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সন্দীপ মেহতাই এই গোচৰটোৰ শুনানি ৩০ এপ্ৰিলত সম্পূৰ্ণ কৰে। পুৰকায়স্থ যোৱা বছৰৰ ৩ অক্টোবৰৰ পৰা ইউএপিএৰ অধীনত কাৰাগাৰত…
Read More
মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মণিপুৰৰ বনাঞ্চল ব্যাপক হ্ৰাস সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ কথা উল্লেখ কৰিছিল। বিষয়টোৰ শুনানিৰ সময়ত, এনজিটিয়ে মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে।বাতৰিটোত মন্ত্ৰীজনৰ উদ্ধৃতি দি কয় যে ৰাজ্যখনৰ বনাঞ্চল ১৯৮৭ চনত ১৭,৪৭৫ বৰ্গ কিলোমিটাৰ (বৰ্গ কিলোমিটাৰ)ৰ পৰা ২০২১ চনত ১৬,৫৯৮ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে অৰ্থাৎ বনাঞ্চলত ৮৭৭ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে। এনজিটিৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য এ চেন্থিল ভেলৰ বিচাৰপীঠে বাতৰি প্ৰতিবেদনটো লক্ষ্য কৰিছিল যে…
Read More
“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ

“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ

৫২০ নং কেওঁটকুছি বালিকা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে "নিপুণ অসম" ৰ অধীনত "শ্ৰেণীকোঠা পৰ্যবেক্ষণ আহিলা" অ'ৰিয়েন্টেচন অনুষ্ঠিত হয়। উক্ত অ'ৰিয়েন্টেচনত সভাপতিত্ব বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি দ্বিজেন্দ্র কুমাৰ মিশ্ৰই। বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা জিলা প্ৰালোচক মীনাক্ষী দাস, বৰপেটা ডায়েটৰ জেবিন চুলতানা আহমেদ আৰু বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে পিপিটিৰ জৰিয়তে নিৰ্ধাৰিত বিষয় সন্দৰ্ভত নিজৰ বক্তব্য সুন্দৰকৈ উপস্থাপন কৰে৷ শ্ৰেণীকোঠা পৰ্যবেক্ষণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়োৱা এপ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে কে,আৰ পি বাসৱ দত্ত দাসে। চেণ্ট্ৰেল স্কোৱেৰ ফাউণ্ডেচনৰ প্ৰ'জেক্ট মেনেজাৰ ছাবিনা লস্কৰে শ্ৰেণীকোঠা কেনেকৈ পৰ্যবেক্ষণ কৰিব লাগিব তাৰ বিষয়ে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলক বিতংকৈ…
Read More
বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ

বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ

চেঙা সমিষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক | গাঁওখনৰ কাদেৰ আলী,তেওঁৰ পত্নী জবেদা খাতুন আৰু তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ সন্তান জুবাইৰ আহমেদ নিৰুদ্দেশ হৈ আছে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷একেটা পৰিয়ালৰে তিনি জনকৈ লোক নিৰুদ্দেশ হোৱা ঘটনাই বৃহত্তৰ বাঘমাৰচৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কি কাৰণত এটা পৰিয়ালৰ তিনিজন ব্যক্তি নিৰুদ্দেশ হৈ আছে,সেয়া এতিয়াও পোহৰলৈ অহা সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷এতিয়া আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ প্ৰকৃত…
Read More