অসম

ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱাৰ এটি পথেই জনজীৱনৰ চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে যদিওঁ আজিলৈকে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনেওঁ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ সম্প্ৰতি চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত ধকুৱা চকৰ পৰা ধকুৱা হাইস্কুল হৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ জুৰি দৈৰ্ঘৰ  বোকাময় মাটিৰ পথছোৱাৰে ৰাইজে যাতায়াত কৰি আহিছে ৷ ধকুৱা চেন্টাৰৰ পৰা  গৈ পালহাজী - মন্দিয়া পথত লগ লগা উক্ত পথছোৱা বিগত বৰ্ষ সমুহত জিলা পৰিষদৰ অধীনত নাম মাত্ৰ মাটি পেলাই মেৰামতি কৰি আহিছে যদিওঁ পথছোৱা পকীকৰণ নকৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বিশেষ অসুবিধা ভোগ কৰি আহিছে৷ উন্নয়ন আৰু সম বিকাশৰ শ্লোগান দিয়া ৰাজ্য চৰকাৰে উক্ত পথছোৱা…
Read More
২০২২ অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব ললে চিবিআইয়ে

২০২২ অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব ললে চিবিআইয়ে

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে প্ৰায় ১৮ মাহ পূৰ্বে অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনা আৰু মেঘালয়ৰ পাঁচজন বাসিন্দা আৰু এজন অসম বনৰক্ষীৰ হত্যাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। অবৈধভাৱে কটা গছৰ পৰা কাঠ কঢ়িওৱা এখন ট্ৰাক অসম বনৰক্ষীয়ে জব্দ কৰাৰ পিছত দুয়োখন ৰাজ্যৰ মাজত সীমান্তত হিংসাত্মক সংঘৰ্ষ আৰম্ভ হয়।মেঘালয় আৰু অসম চৰকাৰে ক্ৰমে ফেব্ৰুৱাৰী আৰু মাৰ্চত চিবিআইক গোচৰটোৰ পৰামৰ্শ দিছিল। ঘটনা সন্দৰ্ভত অসম আৰু মেঘালয় আৰক্ষীয়ে পঞ্জীয়ন কৰা এজাহাৰৰ ভিত্তিত কেন্দ্ৰীয় সংস্থাটোৱে দুখন এজাহাৰ পুনৰ পঞ্জীয়ন কৰে। এই সন্দৰ্ভত এজন বিষয়াই কয় যে ঘটনাটো ২০২২ চনৰ ২২ নৱেম্বৰত সংঘটিত হৈছিল, যেতিয়া বন বিভাগৰ দলে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাত ট্ৰাকখন ৰখাইছিল। অসম…
Read More
পৰেশ বৰুৱাসহ পাঁচজনৰ বিৰুদ্ধে আদালতত অভিযোগপত্ৰ দাখিল এন আই এৰ

পৰেশ বৰুৱাসহ পাঁচজনৰ বিৰুদ্ধে আদালতত অভিযোগপত্ৰ দাখিল এন আই এৰ

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱা আৰু আন পাঁচজনৰ বিৰুদ্ধে ভাৰত বিৰোধী কাৰ্যসূচীৰে সেনা শিবিৰসমূহক লক্ষ্য কৰি লোৱাৰ ষড়যন্ত্ৰৰ বাবে অভিযোগপত্ৰ দাখিল কৰে।কেন্দ্ৰীয় সংস্থাটোৱে এই কথা প্ৰকাশ কৰিছে।এন আই এয়ে এক বিবৃতিত কয়-২০২৩ চনত অসমত এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সেনা শিবিৰত হোৱা আক্ৰমণ সম্পৰ্কীয় এটা গোচৰত তেওঁক বিভিন্ন অপৰাধমূলক গোচৰৰ বাবে অভিযুক্ত কৰা হৈছে। নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আসাম-ইণ্ডিপেণ্ডেণ্টে (আলফা-স্বাধীন) ২০২৩ চনৰ ২২ নৱেম্বৰৰ সন্ধিয়া অসমৰ তিনিচুকীয়া জিলাৰ কাকপাথাৰত থকা এটা সেনা শিবিৰত মটৰচাইকেলত দুজন যুৱকে দুটা গ্ৰেনেড নিক্ষেপ কৰাৰ পৰিকল্পনা কৰিছিল। তদন্ত সংস্থাটোৱে কয় যে আক্ৰমণটোত কোনো লোক আহত হোৱা নাই। বৃহস্পতিবাৰে…
Read More
ইজৰাইলৰ আক্ৰমণত গাজাৰ ৰাফা চহৰত ৩৭ জনৰ মৃত্যু

ইজৰাইলৰ আক্ৰমণত গাজাৰ ৰাফা চহৰত ৩৭ জনৰ মৃত্যু

সোমবাৰে নিশা আৰু মঙলবাৰে গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত কমেও ৩৭ জন লোক নিহত হয়। প্ৰত্যক্ষদৰ্শী, জৰুৰীকালীন কৰ্মী আৰু চিকিৎসালয়ৰ বিষয়াসকলে এই তথ্য প্ৰদান কৰিছে। এইটো সেই অঞ্চল, য'ত কেইদিনমান আগতে স্থানচ্যুত ফিলিস্তিনিসকলৰ শিবিৰত অগ্নিকাণ্ড সংঘটিত হৈছিল। ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে দেওবাৰে স্থানচ্যুত শিবিৰত সংঘটিত অগ্নিকাণ্ড ফিলিস্তিনি সন্ত্ৰাসবাদী অস্ত্ৰৰ দ্বাৰা আন বিস্ফোৰণৰ ফলত হ'ব পাৰে। অগ্নিকাণ্ডৰ বিষয়ে ইজৰাইলৰ প্ৰাথমিক অনুসন্ধানৰ প্ৰতিবেদন মঙলবাৰে প্ৰকাশ কৰা হৈছিল। সেনাৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয় যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও তদন্তাধীন, কিন্তু হামাছৰ দুজন জ্যেষ্ঠ সন্ত্ৰাসবাদীক লক্ষ্য কৰি কৰা আক্ৰমণৰ ফলত জুই লগাৰ সম্ভাৱনা কম আছিল কাৰণ অতি সৰু অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।…
Read More
মিজোৰামত ৰেমালৰ প্ৰভাৱত মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনত ২৫ জন লোকৰ মৃত্যু

মিজোৰামত ৰেমালৰ প্ৰভাৱত মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনত ২৫ জন লোকৰ মৃত্যু

ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰলয়ৰ ফলত উত্তৰ-পূবৰ ৰাজ্যসমূহত এতিয়ালৈকে ৩৫ জন লোকৰ মৃত্যু হৈছে। ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত মিজোৰাম, অসম, নাগালেণ্ড, মেঘালয়ত ৩৫ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৩৫ জন লোকৰ ভিতৰত মিজোৰামত ২৫ জন, অসমত ৪ জন, নাগালেণ্ডত ৪ জন আৰু মেঘালয়ত ২ জন লোকৰ মৃত্যু হৈছে। আগন্তুক সময়ত, ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰলয়ৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ইয়াৰ বাহিৰেও, আন বহু লোক সন্ধানহীন হৈ আছে। উল্লেখ্য যে মিজোৰামত ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত ২৫ জন লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত, শিলৰ কুৱেৰী খহি পৰাৰ ফলত ১৪ জনৰ মৃত্যু হয়। ৰাজ্যিক দুৰ্যোগ…
Read More
পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি

পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি

অসম সত্ৰ মহাসভাই অসমৰ বৰ্ণিল সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাৰণে এখন কলাক্ষেত্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ নেতৃত্বত গঠিত এটা প্ৰতিনিধি দলে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিৰ উপলক্ষ্যে বৰাক উপত্যকাৰ দুৰ্লভচেৰাত অনুষ্ঠিত হোৱা এক ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই সত্ৰ মহাসভাৰ এই ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰে। বিধায়ক কৃষ্ণান্দু পালৰ নেতৃত্বত ২০ বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া কলাক্ষেত্ৰখনত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও গুৰুদুজনাৰ ঐতিহাসিক সমলসমূহ দৰ্শন কৰাৰ লগতে অধ্যয়ন কৰাৰ বাবে পৰ্যাপ্ত সুবিধা লাভ কৰিব।
Read More
ৰাইজ মাজত উত্তেজনা , প্ৰতিবাদী কাৰ্য্যসূচী

ৰাইজ মাজত উত্তেজনা , প্ৰতিবাদী কাৰ্য্যসূচী

নাজিৰাৰ শিমলুগুৰি বাঁহগড়া অঞ্চলৰ অভিযোগ অনুসৰি প্ৰায় ৬ কোটিকৈ টকা আৱণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিন মান কাম কৰিয়েই দায়িত্ব সামৰিলে PWD বিভাগে | পথচোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী কঢ়িয়াই অনা এখন বেটাৰী ৰিক্সা বাগৰি পৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে | দৈনিক পথচোৱাত শতাধিক ডাম্পাৰ চলাচল কৰা বাবেই পথচোৱা অধিক বিধ্বস্ত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে |চৰকাৰ তথা PWD বিভাগে পথচোৱা মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে |
Read More
কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

 ৭৬ সংখ্যক  কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই । এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে'কআপ আৰ্টিষ্ট। মহোৎসৱটোলৈ আমন্ত্ৰিত হোৱা কুইন অৱ দ্যা ৱৰ্ল্ড - ইণ্ডিয়াৰ চি ই অ' উৰ্মিলা বৰুৱা আৰু ২০২৩-২৪ৰ 'মিছেছ ইণ্ডিয়া'ৰ খিতাপধাৰী তথা 'কুইন অৱ দ্য ৱৰ্ল্ড - ইণ্ডিয়া'ৰ বিজয়ী প্ৰিয়া ছেগীৰ মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট হিচাপে  বিজয়জিতে এই মহোৎসৱলৈ যোৱাৰ সুযোগ লাভ কৰিছে ।
Read More
২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

গুৱাহাটী সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত ২৪ শুক্ৰবাৰে  মুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ "প্ৰতিশ্ৰুতি"৷এই উদ্দেশ্যে  আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ প্ৰযোজক- পৰিচালক আৰু ছবিখনত অভিনয় কৰা শিল্পীসকলৰ লগতে অন্যান্য কলাকুশলীসকলে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কামনা কৰে৷ আজিৰ সংবাদ মেলত  জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,প্লাৱিতা বৰঠাকুৰ ,সিদ্ধাৰ্থ কাশ্যপ,সংগীত শিল্পী ৰূপম ভূঞা আদি উপস্থিত থাকে৷ মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মিত প্ৰতিশ্ৰুতি ছবিখন ড্ৰাগচৰ অন্ধকাৰ জগতৰ পটভূমিত এদল সাহসী আইন ৰক্ষকৰ ন্যায় যুঁজৰ কাহিনীৰে  আগবঢ়াই নিয়া হৈছে৷
Read More
ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ

ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ

মানৱ দেহলৈ 'বাৰ্ড ফ্লু' সংক্ৰমণ বিয়পাৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। অষ্ট্ৰেলিয়াই মানুহৰ ক্ষেত্ৰত 'বাৰ্ড ফ্লু' সংক্ৰমণৰ কথা ঘোষণা কৰিছে। অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিভাগে কয় যে ভাৰতত থাকোতে কেইসপ্তাহমান আগতে এটি শিশু এই ভাইৰাছত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগে বুধবাৰে সংবাদ মাধ্যমক এই তথ্য আগবঢ়ায়। এইটো কোৱা হৈছিল যে শিশুটো এতিয়াও সুস্থ। ভিক্টোৰিয়াত এটি শিশুৰ এই ৰোগৰ বাবে পজিটিভ টেষ্ট কৰা হৈছিল। শিশুটি কেইসপ্তাহমান আগতে ভাৰত ভ্ৰমণ কৰিছিল, ভাৰতত থাকোতে এইচ৫এন১ ফ্লুত আক্ৰান্ত হৈছিল আৰু এই বছৰৰ মাৰ্চত অসুস্থ আছিল। ভিক্টোৰিয়া স্বাস্থ্য বিভাগে কয় যে মানৱ দেহলৈ বাৰ্ড ফ্লু এইচ৫এন১ সংক্ৰমণৰ এটা ঘটনা প্ৰতিবেদিত হৈছে। ভিক্টোৰিয়াত প্ৰাদুৰ্ভাৱ হোৱাৰ কোনো লক্ষণ নাই আৰু ই…
Read More