অসম

মহানগৰীত পুনৰ জলবিস্ফোৰণ! এইবাৰ নুনমাটিত বিস্ফোৰিত হ’ল পানীৰ পাইপলাইন…

মহানগৰীত পুনৰ জলবিস্ফোৰণ! এইবাৰ নুনমাটিত বিস্ফোৰিত হ’ল পানীৰ পাইপলাইন…

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল জলবিস্ফোৰণ। এইবাৰ নুনমাটিত বিস্ফোৰিত হ’ল পানীৰ পাইপলাইন। লাভ কৰা তথ্য অনুসৰি আজি বিয়লি নুনমাটি অঞ্চলৰ ২নং ছেক্টৰত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ পানী যোগান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে বুলি সূত্ৰই জনায়। পানীৰ ফোৱাৰ পূৰ্বৰ দৰে মাৰাত্মক নহ’লেও এনে কাণ্ড পুনৰ সংঘটিত হোৱা কাৰ্যই আতংকিত কৰিছে মহানগৰবাসীক। মাত্ৰ অলপতে কমাৰ্চ কলেজ লিংক ৰোডৰ সমীপৰ ৰাজগড় পথত গুৱাহাটী জল ব’ৰ্ডৰ নতুনকৈ স্থাপন কৰা পানীৰ পাইপলাইন বিস্ফোৰিত হৈছিল। এই ঘটনাত কোনো লোক আহত বা হতাহতিৰ খবৰ পোৱা নাই যদিও লাখ লাখ টকাৰ সম্পত্তিৰ ক্ষতিসাধন হয়।
Read More
গোলাঘাটত পাহাৰৰ পৰা অনা বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একেটা পৰিয়ালৰ ৫ সদস্য

গোলাঘাটত পাহাৰৰ পৰা অনা বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একেটা পৰিয়ালৰ ৫ সদস্য

গোলাঘাট জিলাৰ মেৰাপানীত বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পিছতে অসুস্থ হৈ পৰে একেটা পৰিয়ালৰ ৫ জন সদস্য। পৰিয়ালৰ সদস্য কেইজনে পাহাৰৰ পৰা অনা বনৰীয়া কাঠফুলা খোৱাৰ পিছতে মূৰ ঘূৰোৱা, বমি, বুকুৰ বিষ আদিত আক্ৰান্ত হয়। যাৰ বাবে আটাই কেইজনক ততাতৈয়াকৈ মেৰাপানী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। আক্ৰান্ত ব্যক্তি কেইজন হৈছে জোনমনি কৰুৱা (১০), নিমলী কৰুৱা (৪৮), ৰাজু কৰুৱা (২৭), সাবিত্ৰী কৰুৱা (৬) আৰু নাগাৱতিয়া কৰুৱা (৫০)। ইয়াৰে নিমলী কৰুৱা আৰু জোনমনি কৰুৱাৰ অৱস্থা সংকটজনক। ইয়াৰ পূৰ্বে ২৫ মে’ত শিৱসাগৰ জিলাৰ এটা পৰিয়ালৰ ৮ জন সদস্য বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হোৱা বুলি জানিব পৰা গৈছিল। সোণাৰি মহকুমাত অৱস্থিত সাপেখাতি গাঁৱত…
Read More
ধুবুৰীত গংগাধৰ নদীৰ ওপৰত নিৰ্মিত বহু প্ৰত্যাশিত দলং উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ধুবুৰীত গংগাধৰ নদীৰ ওপৰত নিৰ্মিত বহু প্ৰত্যাশিত দলং উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ধুবুৰী জিলাত গংগাধৰ নদীৰ ওপৰত বহু প্ৰত্যাশিত দলং উদ্বোধন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী শৰ্মাই কয় যে ৭০০ মিটাৰ দৈৰ্ঘ্যৰ দলংখনে যাত্ৰাৰ সময় হ্ৰাস কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে সমগ্ৰ ধুবুৰী জিলাকে ধৰি গোলকগঞ্জৰ ৰাইজৰ দীৰ্ঘদিনীয়া স্থানীয় দাবী অৱশেষত শাসকীয় চৰকাৰে পূৰণ কৰিবলৈ সক্ষম হৈছে। বতৰৰ অশুভ পৰিস্থিতিৰ বাবে মুখ্যমন্ত্রীয়ে ধুবুৰীৰ গোলকগঞ্জত উদ্বোধনী অনুষ্ঠানৰ স্থানত উপস্থিত হ’বলৈ হেলিকপ্টাৰৰ পৰিৱৰ্তে পথেৰে যাত্ৰা কৰাৰ সিদ্ধান্ত লয়। টুইটাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বিভিন্ন নদীৰ ওপৰেৰে ৰাজ্যজুৰি ৯৫খন দলং নিৰ্মাণ কৰি আছে। গোলকগঞ্জ আৰু কানুৰীৰ মাজত গংগাধৰ নদীৰ ওপৰত ৭০০ মিটাৰ দৈৰ্ঘ্যৰ দলংখন…
Read More
কৰিমগঞ্জত বজ্ৰপাত পৰি মৃত্যু এজনৰ

কৰিমগঞ্জত বজ্ৰপাত পৰি মৃত্যু এজনৰ

ৰাজ্যত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে শনিবাৰে কৰিমগঞ্জ জিলাত বজ্ৰপাত পৰি মৃত্যুক সাৱটে এজন লোকে। নিহত ব্যক্তিজনৰ নাম প্ৰিয় ৰঞ্জন দাস। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিত সংঘটিত হয় এই ঘটনা। ইয়াত উল্লেখ কৰা প্ৰয়োজন, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূব অঞ্চলটোৰ ওপৰত কমলা সতৰ্কবাণী জাৰি কৰিছে কাৰণ অঞ্চলটোৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। মেঘালয়, অসম, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ পৰাও বানপানী আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
Read More
বানৰ আশংকা! কাছাৰৰ বেথুকান্দিত ১৪৪ ধাৰা জাৰি…

বানৰ আশংকা! কাছাৰৰ বেথুকান্দিত ১৪৪ ধাৰা জাৰি…

প্ৰবল বৰষুণৰ পিছতে বান্ধ ছিঙাৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলাৰ বেথুকান্দি শ্লুইচ গেটৰ চৌদিশে ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। সূত্ৰ অনুসৰি শিলচৰৰ অন্নপূৰ্ণা ঘাটত বৰাক নদীৰ জলপৃষ্ঠ ১৭.০০ মিটাৰৰ ওপৰেৰে বৃদ্ধি পাইছে যাৰ বাবে জিলা প্ৰশাসনে বেথুকান্দি বান্ধটো সুৰক্ষিত কৰাৰ ব্যৱস্থা তীব্রতৰ কৰি তুলিছে। কাছাৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ এচিএছৰ অন্তৰা সেনে গৃহীত কৰা এক নিৰ্দেশত ১০০ মিটাৰৰ ভিতৰত চাৰিজনৰো অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে। কিন্তু যান-বাহন চলাচলত কোনো বাধা নাই। উল্লেখযোগ্য যে, যোৱা বছৰৰ জুন মাহত বেথুকান্দি বান্ধ ভংগ হোৱাৰ ফলত শিলচৰ চহৰত ব্যাপক বানপানীৰ সৃষ্টি হৈছিল।
Read More
ধাৰাসাৰ বৰষুণৰ মাজতে গুৱাহাটীত দেৱাল খহি মৃত্যু এজন লোকৰ…

ধাৰাসাৰ বৰষুণৰ মাজতে গুৱাহাটীত দেৱাল খহি মৃত্যু এজন লোকৰ…

ধাৰাসাৰ বৰষুণৰ মাজতে গুৱাহাটীৰ ধীৰেণপাৰাত মিঠাই প্ৰস্তুত কৰা কাৰখানাৰ গাৰ্ড ৱাল ভাঙি শনিবাৰে প্ৰাণ হেৰুৱায় এজন লোকে। মুখতাৰ আলী নামৰ মৃত লোকজনে এই শোকাৱহ দুৰ্ঘটনাৰ সময়ত কাৰখানা চৌহদত কাম কৰি আছিল আৰু পিছত তেওঁক ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। খবৰ অনুসৰি ধীৰেণপাৰা স্থানীয় সোনালী পথত অৱস্থিত মিঠাই তৈয়াৰ কৰা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গাৰ্ড ৱালখন বৰষুণৰ ফলত খহি পৰি ব্যক্তিজনক হেঁচা মাৰি দৰে। স্থানীয় আৰক্ষীয়ে এছডিআৰএফৰ বিষয়াৰ এটা দলৰ সৈতে মিলি ক্ষন্তেকতে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ধ্বংসাৱশেষ আঁতৰাই স্থান পৰিষ্কাৰ কৰাৰ পিছত উদ্ধাৰ কৰা হয় মুখতাৰ আলীৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Read More
ৰাজ্যৰ ১১ খন জিলাৰ ৩৪ হাজাৰৰো অধিক লোক বানৰ কবলত…

ৰাজ্যৰ ১১ খন জিলাৰ ৩৪ হাজাৰৰো অধিক লোক বানৰ কবলত…

ৰাজ্যৰ ১১খন জিলাত বিগত ২৪ ঘণ্টাত আৰু ৫০০০ৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ ফলত মুঠ ক্ষতিগ্ৰস্ত জনসংখ্যা ৩৪ হাজাৰৰো অধিক হৈছে আৰু অবিৰত বৰষুণে নতুন অঞ্চল প্লাৱিত কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দৈনিক বানপানীৰ প্ৰতিবেদন অনুসৰি ব্ৰহ্মপুত্ৰকে ধৰি অধিকাংশ নদীৰ বিভিন্ন স্থানত জলস্তৰ বৃদ্ধি পাইছে যদিও কোনো নদী বিপদ চিহ্নৰ ওপৰেৰে বৈ যোৱা নাই। এ এছ ডি এম এৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৩৪,১৮৯ জন লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বিশ্বনাথ, দৰং, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, তামুলপুৰ আৰু ওদালগুৰি আক্ৰান্ত জিলাসমূহৰ ভিতৰত আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। লখিমপুৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ২৩,৫১৬ জনতকৈ অধিক লোক, ডিব্ৰুগড়ত ৩,৮৫৭, দৰঙত…
Read More
ডিগবৈত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা বাহনৰ, ৩ জনৰ মৃত্যু

ডিগবৈত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা বাহনৰ, ৩ জনৰ মৃত্যু

ডিগবৈৰ গোলাইত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত তিনিজন লোক। গোলাই টাৰ্মিনেলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰে এখন চাৰিচকীয়া বাহনে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত তিনিজন পুৰুষ আৰু দুগৰাকী মহিলা আছিল। ইয়াৰে দুজনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নিহত কেইজন হৈছে জাগুনৰ অমৃত দত্ত, লিডু বজাৰৰ দিশা গুপে, আৰু সুভাষ গুপে। আনহাতে আহত দুজন সাধনা গুপে আৰু ৰতন গুপে বুলি চিনাক্ত কৰা হৈছে। সূত্ৰ অনুসৰি তেওঁলোক একেটা পৰিয়ালৰ আত্মীয় বুলি জানিব পৰা গৈছে। ঘৰলৈ গৈ থকা অৱস্থাত মাজনিশা সংঘটিত হয় এই দুৰ্ঘটনা।
Read More
ৰাজ্যত বানৰ সংহাৰ! ৩ খন জিলাৰ ২৯ হাজাৰৰো অধিক লোক বানৰ কবলত…

ৰাজ্যত বানৰ সংহাৰ! ৩ খন জিলাৰ ২৯ হাজাৰৰো অধিক লোক বানৰ কবলত…

ৰাজ্যত নামিছে বাৰিষাৰ্ বানৰ সংহাৰ। ধাৰাসাৰ বৰষুণৰ পিছতে ৰাজ্যৰ তিনিখন জিলাত প্ৰায় ২৯ হাজাৰ লোক বানপানীৰ কবলত পৰা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদন অনুসৰি ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাত বানপানীৰ বাবে ২৮,৮০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও লখিমপুৰত ২৩,৫০০ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত ৩৮০০ৰো অধিক লোক আৰু ধেমাজিত প্ৰায় ১৫০০ লোক আক্ৰান্ত হৈছে বুলিও প্ৰকাশ পাইছে। বুধবাৰলৈকে দুখন জিলাত প্ৰায় ২১ হাজাৰ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। প্ৰশাসনে লখিমপুৰ জিলাত তিনিটাকৈ সাহায্য বিতৰণ কেন্দ্ৰ আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো সাহায্য শিবিৰ আৰম্ভ হোৱা নাই। সম্প্ৰতি ২৫ খন গাঁও পানীৰ…
Read More
অসম-ত্ৰিপুৰা সীমান্তত ৭ বাংলাদেশী আৰু ৪ ৰোহিংগীয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ…

অসম-ত্ৰিপুৰা সীমান্তত ৭ বাংলাদেশী আৰু ৪ ৰোহিংগীয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ…

অসম-ত্ৰিপুৰা সীমান্তৰ কদমতলা জেৰজেৰি অঞ্চলৰ পৰা কদমতলা থানাৰ আৰক্ষীয়ে নাকা চেকিঙৰ জৰিয়তে ৭ গৰাকী বাংলাদেশী নাগৰিক আৰু ৪ ৰোহিংগীয়াক গ্ৰেপ্তাৰ কৰে। তিনিখন গাড়ী আৰু গাড়ীৰ চালককো গ্ৰেপ্তাৰ কৰা হয়। সাতজন বাংলাদেশী ক্ৰমে ৰহমান আলী (৩০) জন্নতাৰা (১৯) খালেদা বেগম (১৯) মাজুমা বেগম (১৭) তেওঁলোকৰ ঘৰ বাংলাদেশৰ চিটাগংত। বাকী তিনিজন হৈছে বাংলাদেশৰ বৰিছালৰ পৰা অহা কৰিমা বেগম (২৮), আব্বাছ হাউলাডাৰ (৩৫), আল হাফিজ (১৮)। আনহাতে বাংলাদেশৰ শিবিৰত থকা চাৰিজন ৰোহিংগীয়া ক্ৰমে মহম্মদ আলম সা (২০), কুমিৰা বিবি (১৮), ফৰিদা বেগম (১৮), আৰু ছাফেলা বেগম (১৮)। ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল এজন দালালৰ জৰিয়তে। সংবাদ মাধ্যমৰ সৈতে হোৱা…
Read More