অসম

হুণ্ডাই ক্ৰেতাৰ দহ বৰ্ষপূৰ্তিত পৰিবহণ বিভাগৰ তত্ত্বাৱধানত পথ-সুৰক্ষা সজাগতাৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান

হুণ্ডাই ক্ৰেতাৰ দহ বৰ্ষপূৰ্তিত পৰিবহণ বিভাগৰ তত্ত্বাৱধানত পথ-সুৰক্ষা সজাগতাৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান

পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে সমাজৰ সৰ্বস্তৰলৈ পথ-সুৰক্ষা সজাগতা আগবঢ়াই নিয়াৰ বাবে আজি মহানগৰীৰ ৰাজপথত এক বৃহৎ কাৰ ৰেলী উলিওৱা হয়। আজি দুপৰীয়াৰ ভাগত বশিষ্ঠ চাৰিআলিৰ ওজা হুণ্ডাই প্ৰাইভেট লিমিটেডৰ সন্মুখত পতাকা জোকাৰি এই কাৰ ৰেলী মুকলি কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া  আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। কাৰ ৰেলী মুকলি কৰি তেওঁ পথেৰে চলাচল কৰা সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ যোগেদি সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ জনসচেতনতা সৃষ্টিৰ উদেশ্যৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে যানবাহন ব্যৱহাৰকাৰীয়ে সদায় বাহনখনৰ সুৰক্ষাৰ দিশটো সঠিক আৰু সম্পূৰ্ণ হৈ থকাটো বিচাৰে ৷ এইক্ষেত্ৰত হুণ্ডাই ক্ৰেতাই মানুহৰ…
Read More
লেংডন বাতৰিৰ উদ্যোগত আৰক্ষী বিষয়া ডঃ পাৰ্থসাৰথি মহন্তক বিশেষ সম্বৰ্দ্ধনা

লেংডন বাতৰিৰ উদ্যোগত আৰক্ষী বিষয়া ডঃ পাৰ্থসাৰথি মহন্তক বিশেষ সম্বৰ্দ্ধনা

লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত জন্ম হোৱা সাপ্তাহিক লেংডন বাতৰি আৰু লেংডন বাতৰি পৰ্টেলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ "লেংডন বাতৰিৰ বিশেষ সম্বৰ্দ্ধনা ২০২৫" প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই সিদ্ধান্তৰ অংশ হিচাপে যোৱা ২৫ জুলাইত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লেংডন বাতৰিৰ মুখ্য সম্পাদক ৰেখা বৰগোহাঁই, উপদেষ্টাদ্বয় ডঃ মনোৰঞ্জন বৰগোহাঁই আৰু হৰেণ বৰগোহাঁই, কামৰূপ মহানগৰৰ সভানেত্ৰী ৰেখা নাওশলীয়া ফুকন ডেকা, সদস্য দীনেশ কোঁৱৰ, সদস্যা অৰ্চনা বৰুৱাসহ এটি সজাতি দলে খানাপাৰাইস্থিত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ত বিশিষ্ট কবি, প্ৰবন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ পৰিচালক, অভিনেতা তথা মহানগৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থসাৰথি…
Read More
ৰোৱনী-দাৱনীৰে ভৰি পৰিছে বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰ ; আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ পালন

ৰোৱনী-দাৱনীৰে ভৰি পৰিছে বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰ ; আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ পালন

প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে  । অৱশ্যে এইবেলি ৰাজ্যৰ বহু জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ প্ৰায় ৪০ শতাংশ ঘাটী হৈ থকাত ৰাজ্যৰ বেছিভাগ ঠাইতে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি পূৰ্বতে খৰাং জনিত আৰু বানৰ পৰা  তুলনামূলকভাৱে মুক্ত অঞ্চল হিচাপে সুনাম থকা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল পৰিগণিত হৈ অহা বিশেষকৈ শালি ধানৰ খেতিৰ বাবে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলটো খৰাংজনিত পৰিস্থিতিয়ে কৃষক ৰাইজক কিছু অসুবিধাত পেলাইছে। ইয়াৰ মাজতে বিগত চাৰি - পাঁচদিন ধৰি অলপ অচৰপ বৰষুণ হোৱাত তাৰ সুযোগ…
Read More
৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত ৩৬২ কোটি টকা ব্যয়

৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত ৩৬২ কোটি টকা ব্যয়

২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ মুঠ ব্যয় হৈছে ৩৬২ কোটি টকা। এই তথ্য ৰাজ্যসভাত প্ৰদান কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ খৰচ অন্তৰ্ভুক্ত নহয়। এই সময়ছোৱাত মুঠ ৩৩ বাৰ বহিঃৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল মোদীয়ে। এই ৩৬২ কোটি টকাৰ পৰিসংখ্যাই চলিত মাহৰ আৰম্ভণিতে হোৱা পাঁচখন দেশ ভ্ৰমণলৈকে ব্যয় দেখুৱাইছে। কিন্তু ২০২৫ চনত নিৰ্ধাৰিত তিনিটা ভ্ৰমণৰ বিল — কানাডা (জি৭ শীৰ্ষ সন্মিলন), ব্ৰাজিল (ব্ৰিকছ শীৰ্ষ সন্মিলন) আৰু মৰিচাছলৈ — এতিয়াও সম্পূৰ্ণৰূপে গণনা কৰা হোৱা নাই আৰু সেয়েহে ইয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ২০২৫ চনত বাকী তিনিখন…
Read More
অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত পাঁচদিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয় । আনহাতে ৪ ৰ পৰা ১৮ বছৰ বয়সৰ ১৪৭ জন ছাত্ৰ - ছাত্ৰীয়ে ভাগ লোৱা কৰ্মশালাখনত কলা আৰু কাৰুশিল্প, পৰম্পৰাগত গীত (কণ্ঠ), আৰু যোগ তথা ধ্যান আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল। কৰ্মশালাখন উদ্ধোধন কৰে অসম সাংস্কৃতিক ন্যাসৰ সামাজিক - সাংস্কৃতিক সমিতিৰ অধ্যক্ষ খালিদ ওমৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসমৰ প্ৰখ্যাত লোকশিল্পী জিনা ৰাজকুমাৰীয়ে ভাষণ প্ৰসংগত এনে ধৰণৰ কৰ্মশালাই শিশু আৰু ছাত্ৰ - ছাত্ৰীৰ মাজত থকা সৃজনশীল প্ৰতিভা সমুহক বিকশিত কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰি আয়োজক সকলৰ শলাগ…
Read More
উল্লুকে ধৰি ২৫টা এপক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

উল্লুকে ধৰি ২৫টা এপক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

আপত্তিজনক বিষয়বস্তু সম্প্ৰচাৰ কৰা এপসমূহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে উল্লুকে ধৰি ২৫টা এপ নিষিদ্ধ কৰিছে। পৰ্ণগ্ৰাফিক বিষয়বস্তু আৰু আপত্তিজনক বিজ্ঞাপন দেখুওৱা এপ চিনাক্ত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।চৰকাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি সকলো ইন্টাৰনেট সেৱা প্ৰদানকাৰী (আই এছ পি)ক এই ২৫টা এপক নিজৰ চাৰ্ভাৰৰ পৰা ব্লক কৰি তৎক্ষণাত প্ৰৱেশ কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰিপৰ্ট অনুসৰি অশ্লীল আৰু আপত্তিজনক বিষয়বস্তুৰ প্ৰসাৰ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নিষিদ্ধ সকলো এপ আৰু ৱেবছাইটত পৰ্ণগ্ৰাফিক কন্টেন্টকে ধৰি আপত্তিজনক বিজ্ঞাপন প্ৰদৰ্শিত হয়।এনে…
Read More
অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত নাকৰ নতুন বৈশিষ্ট্য সন্দৰ্ভত পাঁচদিনীয়া কৰ্মশালা সম্পন্ন

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত নাকৰ নতুন বৈশিষ্ট্য সন্দৰ্ভত পাঁচদিনীয়া কৰ্মশালা সম্পন্ন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ উদ্যোগত (আই কিউ এ চি) পাঁচদিনীয়াকৈ 'ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ' চমুকৈ 'নাকৰ নতুন বৈশিষ্ট্যসমূহ আৰু ইয়াৰ কাৰ্য্যকৰীতা'  শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হয়।  অসম ডনবস্কবিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰায় ২০০ জন  অধ্যাপকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত ফাদাৰ ডঃ অনিল জৰ্জ কনকোথ ,  এম আই টি এল ইৰ সঞ্চালক আৰু কেৰেলাৰ মেৰিয়ান কলেজ কুট্টিক্কানামৰ অধ্যাপক ডঃ বিনু থমাছ আৰু  সহকাৰী অধ্যাপক ড০ আজেশ পৰকল জোচেফ  সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলোচনা সত্ৰত  সমল ব্যক্তিসকলে মূলতঃ কৌশলগত পৰিকল্পনা, পাঠ্যক্ৰম বিকাশ, শাসন, আৰু ছাত্ৰকেন্দ্ৰীক গুণগত নিশ্চয়তা পদ্ধতিৰ…
Read More
ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত

ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত

ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত। শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি ২.৮৫% বৃদ্ধি পাইছে। দেশৰ পৰা চাহ ৰপ্তানি ২৫০.৭৩ মিলিয়ন ।শেহতীয়া চাহ ব’ৰ্ডৰ তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ ১৬১.২০ মিলিয়ন কিলোগ্ৰাম স্পৰ্শ কৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৪৯.০৫ মিলিয়ন কিলোগ্ৰামৰ তুলনাত ৮.১৫ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰে। একেদৰে দক্ষিণ ভাৰতৰ পৰা ৰপ্তানি ৪.৯২% হ্ৰাস পাই ২০২৪-২৫ চনত ৯৬.৬৮ মিলিয়ন কিলোগ্ৰাম হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষত ১০১.৬৮ মিলিয়ন কিলোগ্ৰাম আছিল।২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষত উত্তৰ ভাৰতৰ পৰা ৰপ্তানি ১৫.৪৯ মিলিয়ন কিলোগ্ৰাম হোৱাৰ বিপৰীতে দক্ষিণ ভাৰতৰ পৰা ১০০.৬৮ মিলিয়ন কিলোগ্ৰাম, ক্ৰমে ১০.২৮% আৰু ১১.০২%…
Read More
অসমত লো-ৰ খনিৰ সম্ভেদ

অসমত লো-ৰ খনিৰ সম্ভেদ

আনুষ্ঠানিকভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় খনিজ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে অসম। স্বাভাৱিকতেই অসমৰ বাবে ই এক ভাল খবৰ। অসমৰ ধুবুৰী জিলাত প্ৰচুৰ পৰিমানৰ আকৰিক লো থকাৰ সম্ভেদ পোৱা গৈছে। ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চান্দৰডিঙা অঞ্চলত প্ৰায় ১৮.২৯ মিলিয়ন টন আৰু ৩৭.৪৫% গড় গ্ৰেডৰ আকৰিক লোৰ খনিৰ সম্ভেদ পোৱা গৈছে।ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চান্দৰডিঙা অঞ্চলত প্ৰায় ১৮.২৯ মিলিয়ন টন আৰু ৩৭.৪৫% গড় গ্ৰেডৰ আকৰিক লোৰ খনিৰ সম্ভেদ পোৱা গৈছে।ভাৰতীয় ভূতাত্ত্বিক জৰীপে ২০২৫ চনৰ জুন মাহত প্ৰকাশ পোৱা শেহতীয়া হাতপুথি “জিঅ’লজিকেল পটেনচিয়েল অৱ নৰ্থ-ইষ্ট ইণ্ডিয়া”ত এই তথ্য প্ৰকাশ কৰিছে। পূৰ্বৰ জৰীপসমূহে এই খনিজৰ উপস্থিতিৰ ইংগিত দিছিল যদিও পৰিমাণীকৰণযোগ্য তথ্যৰ দ্বাৰা সমৰ্থিত এইটো প্ৰথম আনুষ্ঠানিক নিশ্চিতকৰণ।
Read More
শ্বিলঙৰ উত্তৰ পূব কনক্লেভত গুৱাহাটীৰ আজাৰাৰ আভা ক্রিয়েচনক প্ৰশংসা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

শ্বিলঙৰ উত্তৰ পূব কনক্লেভত গুৱাহাটীৰ আজাৰাৰ আভা ক্রিয়েচনক প্ৰশংসা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

কিছুদিন পূৰ্বে চাৰিদিনীয়া ভ্ৰমণসূচীৰে শ্বিলঙলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আই আই এম, শ্বিলঙত ভাৰত চৰকাৰৰ কৰ্পৰেট মন্ত্ৰালয়ৰ অধীনৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেযাৰ্ছ চমুকৈ আই আই চি এৰ উদ্যোগত অনুষ্ঠিত "উত্তৰ পূব কনক্লেভ - ২০২৫" উদ্ধোধন কৰিছিল । সেই কনক্লেভত উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ লগতে অসমৰ পৰম্পৰাগত হস্ততাত সামগ্ৰী আৰু শিল্পৰ উন্নয়ন , উৎপাদনৰ হকে কাম কৰি অহা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা মাটিয়াস্থিত "আভা ক্ৰিয়েচন" নামৰ প্ৰতিষ্ঠানটোৱেও ভাগ লৈছিল। আনহাতে কনক্লেভখন উদ্ধোধন কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাত স্থাপন কৰা প্ৰদৰ্শনীসমুহৰ বিপনী তথাষ্টলসমুহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত আভা ক্ৰিয়েচনৰ বিপনী পৰিদৰ্শন কৰাৰ সময়ত আভা ক্রিয়েচনৰ প্ৰতিষ্ঠাপক অৰূপ…
Read More