অসম

গুৱাহাটীত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক চিৰ ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন

গুৱাহাটীত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক চিৰ ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন

আলিগড় মুছলিম বিশ্ববিদ্যালয় পুৰণি ছাত্ৰ সংঘ (AMUOBA) ৰ এলামনাই এছ’চিয়েছন, অসমৰ উদ্যোগত গুৱাহাটীৰ টাউন ক্লাবৰ সভাগৃহত  ছইদ দিৱসৰ লগতে ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে সংঘৰ সভাপতি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা  জিয়াউল কামাৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে  সংঘৰ সাধাৰণ সম্পাদক খালিদ উমৰে।  আনহাতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদৰ ডীন তথা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক  অধ্যাপক শিখৰ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত  ছইদ আহমদ খানে ভাৰতীয় আধুনিক শিক্ষা আন্দোলনত আগবঢ়োৱা ভূমিকা আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দ্বাৰা গঢ়ি উঠা প্ৰগতিশীল চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত সংঘৰ…
Read More
বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান লাভ ভাৰতৰ

বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান লাভ ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ এক নতুন প্ৰতিবেদন অনুসৰি ভাৰতে মুঠ বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান দখল কৰাৰ লগতে বাৰ্ষিক বনাঞ্চল বৃদ্ধিৰ ক্ষেত্ৰতো তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে। পৰিৱেশ মন্ত্ৰালয়ে কয় যে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ বৃহৎ পৰিসৰৰ বনানীকৰণ আৰু জন-নেতৃত্বাধীন বন সংৰক্ষণৰ প্ৰচেষ্টাৰ সফলতা প্ৰতিফলিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে ভাৰতৰ দশম স্থানৰ পৰা নৱম স্থানলৈ উন্নীত হোৱাটো বহনক্ষম বন ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বৃহৎ সফলতা। বিশেষকৈ "এক পেড় মা কে নাম" পদক্ষেপৰ অধীনত বৃক্ষৰোপণৰ অভিযানত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি আৰু ৰাজ্য চৰকাৰৰ বৃহৎ পৰিসৰৰ অভিযানে এই অগ্ৰগতিত অৰিহণা যোগাইছে বুলি মন্ত্ৰীগৰাকীয়ে…
Read More
বাক্সাৰ কাৰাগাৰত থাকিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ ৫ অভিয়ুক্ত

বাক্সাৰ কাৰাগাৰত থাকিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ ৫ অভিয়ুক্ত

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৭অভিযুক্তৰ ভিতৰত ৫ অভিযুক্তক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীৰ জিম্মা শেষ হোৱাৰ লগে লগে ৫ অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্তসকল ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আদালতত হাজিৰ কৰোৱা হয়। আটাইকেইজনকে আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এতিয়া বাক্সাৰ কাৰাগাৰত থাকিব ৫ অভিয়ুক্ত।নিৰাপত্তাজনিত কাৰণত গুৱাহাটীৰ কাৰাগাৰত নাৰাখিলে অভিযুক্তকেইজনক। নৱনিৰ্মিত কাৰাগাৰখনত ৰখা হ’ব শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তক।
Read More
গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ ১৫ অক্টোবৰৰ সংখ্যা উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ ১৫ অক্টোবৰৰ সংখ্যা উন্মোচন

পষেকীয়া বৰ্তালোচনী "মাটিৰ মানুহ' ৰ ১৫ অক্টোবৰৰ সংখ্যা আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। এই উন্মোচনী সভাত সভাপতিত্ব কৰে বিন্দু ডেকা চৌধুৰীয়ে। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়া, জাতিয়তাবাদী নেতা হাচিবোৰ ৰহমান আৰু জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথ। উন্মোচনী সভাৰ আৰম্ভণিতে হাৰ্ট'থ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছত সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়ায় মাটিৰ মানুহৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই। তেওঁ কয় এই আলোচনীৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পথাৰ আৰু বজাৰ নিজৰ লগত ৰখা। অসমৰ মানুহক কৰ্মমুখি কৰি তোলা। আমাৰ খাদ্য সকলো স্তৰত বিষাক্ত হৈ পৰিছে। হাইব্ৰীড বীজ আৰু ৰাসায়নিক সাৰৰ গ্ৰাসৰ পৰা…
Read More
বিশিষ্ট আযুৰ্বেদিক চিকিৎসক, অধ্যাপক ডাঃ ওম প্ৰকাশ গুপ্তাক অসম আয়ুর্বেদ ৰত্ন বঁটা প্ৰদান

বিশিষ্ট আযুৰ্বেদিক চিকিৎসক, অধ্যাপক ডাঃ ওম প্ৰকাশ গুপ্তাক অসম আয়ুর্বেদ ৰত্ন বঁটা প্ৰদান

দেশৰ আন ৰাজ্যৰ লগতে অসমতো আয়ুর্বেদিক চিকিৎসা সন্থা (AMO) অসমৰ উদ্যোগত  ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম আৰু নীপকোৰ যৌথ সহযোগত অসমৰ প্ৰত্যেক খন জিলাত ২৫ ছেপ্টেম্বৰত  আয়ুর্বেদ দিৱস পালন কৰা হয়। আয়ুর্বেদ দিৱস উপলক্ষে সমগ্র অসমতে ৩৮ টা স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা ও চিকিৎসা আৰু স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়।  আয়ুর্বেদিক চিকিৎসা সন্থাই আয়ুর্বেদ দিৱস - ২৫ ৰ কেন্দ্ৰীয় কাৰ্য্যসূচী গুৱাহাটীৰ বৰবাৰীস্থিত "সুদর্শনালয়"ত  সজাগতা সভা, অসম ৰত্ন বঁটা প্ৰদান আৰু চিকিৎসা শিবিৰ আদিৰে বৃহৎ আকাৰত উদযাপন কৰা হয়। এই বছৰৰ পৰা আৰম্ভ কৰা "অসম আয়ুর্বেদ ৰত্ন -২৫" বঁটা  বিশিষ্ট আয়ুর্বেদিক চিকিৎসক , গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত  অধ্যাপক ডাঃ…
Read More
শিৱসাগৰত ‘শগুন মিত্ৰ’ শীৰ্ষক অনুষ্ঠান সফলভাৱে অনুষ্ঠিত

শিৱসাগৰত ‘শগুন মিত্ৰ’ শীৰ্ষক অনুষ্ঠান সফলভাৱে অনুষ্ঠিত

উত্তৰ পুৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণকাৰী সংস্থা আৰণ্যকৰ শগুন সংৰক্ষণ উদ্যমৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইত এলানি শগুন সংৰক্ষণ সম্পৰ্কীয় সজাগতা বিগত বৰ্ষৰ পৰা চলি আহিছে। "শগুন মিত্ৰ" নামেৰে অনুষ্ঠিত কৰা সজাগতা অনুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী, কৃষক,গাওঁ বুঢ়া, প্ৰশাসনিক বিষয়া, কৃষি বিষয়া আদিক শগুন সংৰক্ষণৰ লগত জড়িত কৰাৰ লক্ষ্য কৰি  লোৱা দেখা পোৱা গৈছে। সাম্প্ৰতিকভাৱে তাৰে এক অনুষ্ঠান অনুষ্ঠিত হয় শিৱসাগৰৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত। দৃশ্য-শ্ৰাব্য মাধ্যমেৰে অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণি কৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, সুবক্তা আনন্দ কুমাৰ বড়াৱে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাগ্যলক্ষ্মী শইকীয়াই আঁত ধৰা আৰণ্যকৰ শগুন সম্পৰ্কীয় এক শপত গ্ৰহণেৰে আৰম্ভ কৰা অনুষ্ঠানত শগুন সম্পৰ্কীয় বিস্তৃত বাখ্যা দৃশ্য-শ্ৰাব্য মাধ্যমেৰে…
Read More
গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়-মুখ্যমন্ত্ৰী

গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়-মুখ্যমন্ত্ৰী

গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়। যদি চানফ্লা’ৱাৰ অইল বুলি কোৱা হয়, তেন্তে তেওঁ হয়তো বুজিব পাৰে। এই মন্তব্যৰে শুকুবাৰে ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ চৰকাৰে ৰেচন কাৰ্ডধাৰীক মিঠাতেল প্ৰদান কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইলৈ বিৰোধীয়ে সমালোচনা কৰি অহাৰ সময়তে এই মন্তব্য মুখ্যমন্ত্ৰীৰ।তেওঁ কয়, গৌৰৱ গগৈৰ সন্তান ইংলেণ্ডত থাকে আৰু ইংৰাজ নাগৰিক। গতিকে তেওঁ সৰিয়হৰ তেলৰ(মিঠাতেল) দাম নাজানে বা মূল্য বুজি নাপায়।
Read More
মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত চকুলো টুকি গীত গাই জয় জুবিন দা ধ্বনি দি শ্ৰদ্ধাৰে মহান শিল্পী গৰাকীক সোঁৱৰণ

মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত চকুলো টুকি গীত গাই জয় জুবিন দা ধ্বনি দি শ্ৰদ্ধাৰে মহান শিল্পী গৰাকীক সোঁৱৰণ

অসমীয়া ৰাইজৰ হিয়াৰ আমঠু , মহান শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমতে নহয় দেশ - বিদেশত থকা অসমীয়া লোক সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। আনহাতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বুধবাৰে বিয়লি  চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰিভয় জিলাৰ সদৰ নংপোৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগৰ অসমীয়া মূলৰ তিৱা আৰু কাৰ্বি জনগোষ্ঠীৰ লোকৰ বসতি প্ৰধান মাৰঙাত গীতে - মাতে অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰা হয়। উল্লেখ্য যে মানৰ আক্ৰমণৰ সময়তে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ যোৱা কাৰ্বি আৰু তিৱা জনগোষ্ঠী লোকৰ বসতি প্ৰধান বৃহত্তৰ অঞ্চলটোৰ বৰগাং, নালাপাৰা, নঙাগাওঁ, পুৰাণ গাওঁ, লালুম পাম, জয়গাওঁ, বৰকুছি, বৰখাত চাই,…
Read More
ভেনিজুৱেলাৰ মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটা

ভেনিজুৱেলাৰ মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটা

স্বপ্ন ভংগ হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। দীৰ্ঘদিন ধৰি তেওঁ শান্তি ন'বেল বঁটা লাভৰ প্ৰবল প্ৰতিদ্বন্দ্বী আছিল বুলি দাবী কৰি আছিল। তেওঁক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰিব লাগে বুলি ইজৰাইল আৰু পাকিস্তানে ন'বলে কমিটিলৈ পত্ৰও প্ৰেৰণ কৰিছিল। অৱশ্যে তেওঁৰ সপোন এতিয়া ভংগ হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ লগতে একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে অক্লান্ত প্ৰচেষ্টাৰ বাবে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচাডোক শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছে। ন'বেল বঁটা সমিতিৰ মতে ভেনিজুৱেলাত একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বাবে ৰাজনৈতিক কাম অত্যন্ত কঠিন। মাচাডোৱে গণতন্ত্ৰৰ উন্নতিৰ বাবে কাম কৰা সংস্থা সুমাটে প্ৰতিষ্ঠা কৰিছিল। তেওঁ দেশত মুক্ত আৰু নিকা…
Read More
বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে

বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে

বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে। আজি বাজপেয়ী ভৱনত উপস্থিত হৈ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। দীৰ্ঘ সময় ধৰি তেওঁ বিজেপিৰ বহু কেইটা গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল।৯ অক্টোবৰ,২০২৫ ত গুৱাহাটীস্থিত বাজপেয়ী ভৱনলৈ আহি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। এইগৰাকী জ্যেষ্ঠ নেতাই বিগত সময়চোৱাত বিজেপিৰ হৈ বহু দায়িত্ব পালন কৰিছে। গোহাঁই বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি হোৱাৰ লগতে নগাঁৱৰ চাৰিবাৰৰ সাংসদ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গোঁহাই আছিল ৰাজ্যিক ৰেল মন্ত্ৰী।
Read More