16
May
অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা তথা বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ শৈক্ষিক অৰ্হতা জাল কৰাক লৈ অহা ১৮ মে’ত ভাৰতৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব। খবৰ অনুসৰি কৰিমুদ্দিনে নিৰ্বাচনী শপতনামাত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা বি এ উত্তীৰ্ণ হোৱাৰ তথ্য দিছিল। কিন্তু সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে সোণাইৰ বিধায়কে প্ৰদান কৰা এই তথ্য ভুল বুলি কৈ গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। কৰিমুদ্দিন বৰভূঞাক এই তথ্য গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ কোৱা হয়। ইফালে কৰিমুদ্দিন বৰভূঞাই ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। ইতিমধ্যে আৰ টি আইৰ অধীনত লাভ কৰা তথ্য অনুসৰি ২০১৯ চনত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা…
