অসম

বজালীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ CIDৰ

বজালীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ CIDৰ

সোমবাৰে অসমৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)য়ে বজালীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰে। চি আই ডি, অসমে তেওঁক গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ মাতি অনাৰ কেইঘণ্টামান পিছতে এই কথা প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে বুঢ়াগোহাঁইক বদলি কৰা হৈছিল আৰু তেওঁৰ সেৱা গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সৈতে সংযুক্ত হৈছিল। দেওবাৰে নিশা তেওঁক আৰক্ষীয়ে জেৰা কৰি পিছত যাবলৈ দিয়া বুলি জানিব পৰা গৈছে। আনহাতে, শনিবাৰে প্ৰাক্তন সহকাৰী আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববী সিং শৰ্মাকো তেওঁৰ গুৱাহাটী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে, ১ ছেপ্টেম্বৰত চি আই ডিয়ে বজালী আৰক্ষীৰ পাঁচজন আৰক্ষী বিষয়া আৰু দুজন চালককে ধৰি সাতজন ব্যক্তিক তেওঁলোকৰ…
Read More
৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিগত ৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা এজন পোলেণ্ডৰ নাগৰিকক দেওবাৰে বশিষ্ঠপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰৰ পৰা হাতীগাঁও আৰক্ষীয়ে (সীমা শাখা) গ্ৰেপ্তাৰ কৰে লোকজনক। অজনিকা মিলছ এণ্টনি নামৰ পোলেণ্ডৰ নাগৰিকগৰাকীয়ে ২০১৬ চনৰ পৰা চহৰখনত বাস কৰি আহিছিল। ইফালে একেই কথা নিশ্চিত কৰি হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৱেৰাহে কয় যে পোলেণ্ডৰ বিদেশী নাগৰিকগৰাকীয়ে অবৈধভাৱে চহৰখনত বাস কৰিছিল। হাতীগাঁও থানাৰ অ’চিয়ে কয় যে, "যিহেতু তেওঁৰ হাতত বৈধ ভিছা নাছিল, সেয়েহে আমাৰ দলটোৱে বশিষ্ঠপুৰ অঞ্চলৰ পৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।" বৈধ ভিছা নথকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক। ইফালে বিদেশী নাগৰিকজনৰ পাছপ’ৰ্টৰ অনুমতিত ২০২৬ চনলৈকে দেখা গৈছে যদিও…
Read More
অসমৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে সন্ধিয়া হ’লে দিনটোৰ কাম-কাজ মোক ৰিপ’ৰ্ট কৰেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে সন্ধিয়া হ’লে দিনটোৰ কাম-কাজ মোক ৰিপ’ৰ্ট কৰেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ নেতা-কৰ্মীক নিজৰ মানুহ বুলি দাবী কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে তেওঁলোকৰ দৈনন্দিন সকলো কাম-কাজ প্ৰতি সন্ধিয়া মুখ্যমন্ত্ৰীক আপডেট কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত থকা এই কংগ্ৰেছ কৰ্মী-নেতাসকল কেৱল মোৰ মানুহ আৰু চিন্তাৰ কোনো কথা নাই… য’তেই যায় আৰু যি কৰে সন্ধিয়া হ’লে দিনটোৰ কথা মোক ৰিপ’ৰ্ট কৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে কেৱল সংবাদ মাধ্যমেহে এই লোকসকলক কংগ্ৰেছ হিচাপে প্ৰচাৰ কৰে, কিন্তু তেওঁলোকে প্ৰকৃততে এতিয়া আৰু কংগ্ৰেছী নহয়। মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে তেওঁলোকক বি-টিম বুলি টেগ কৰাটো ভুল হ’ব কিন্তু তেওঁলোক আমাৰ নিজৰ ভাই-ভনী কাৰণ মই ৰাজ্যখনত কোনো কংগ্ৰেছী লোকক দেখা নাপাওঁ।…
Read More
ডিব্ৰুগড়ত ১৭ বৰ্ষীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা! ৪ জনক আটক

ডিব্ৰুগড়ত ১৭ বৰ্ষীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা! ৪ জনক আটক

ডিব্ৰুগড়ৰ বাণীপুৰ ধেকেৰী গাঁৱত যোৱা নিশা এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীয়ে প্ৰাথমিক তদন্তক কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰে। এই গোচৰৰ সৈতে জড়িত চাৰিজন লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। স্থানীয় ৰাইজৰ দাবী অনুসৰি, কিশোৰীগৰাকীক ঘৰৰ বাহিৰৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা কৰে অভিযুক্ত কেইজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে যোৱা ৯ আগষ্টত গুৱাহাটীৰ বোণ্ডা অঞ্চলত ৰহস্যজনক পৰিস্থিতিত এগৰাকী বিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৃত যুৱকজন নীতিশ কুমাৰ চহৰৰ এখন…
Read More
দৰঙত বালিভৰ্তি ট্ৰেক্টৰৰ খুন্দাত মৃত্যু কিশোৰৰ…

দৰঙত বালিভৰ্তি ট্ৰেক্টৰৰ খুন্দাত মৃত্যু কিশোৰৰ…

দৰং জিলাৰ খাৰুপেটীয়াত শনিবাৰে পুৱা বালি ভৰ্তি ট্ৰেক্টৰে খুন্দা মৰাৰ ফলত এজন কিশোৰৰ কৰুণ মৃত্যু হয়। লাভ কৰা তথ্য অনুসৰি কিশোৰজনে ঘৰৰ ঠিক বাহিৰৰ পথত খেলি থকা অৱস্থাত এখন ট্ৰেক্টৰখনে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু ঘটে। মৃত ছাত্ৰজন মোহিন আলমৰ পুত্ৰ ফৰিজুল হক বুলি চিনাক্ত কৰা হৈছে। স্থানীয় আৰক্ষীয়ে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোত জড়িত ট্ৰেক্টৰখন জব্দ কৰে।
Read More
বিগত ৪ বছৰত ৪২০০ কোটি টকাৰ ড্ৰাগছ জব্দ অসম ৰাইফলছৰঃ সঞ্চালকপ্ৰধান পি চি নাইৰ

বিগত ৪ বছৰত ৪২০০ কোটি টকাৰ ড্ৰাগছ জব্দ অসম ৰাইফলছৰঃ সঞ্চালকপ্ৰধান পি চি নাইৰ

অসম ৰাইফলছে বিগত চাৰি বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত ৪২০০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে বুলি অসম ৰাইফলছৰ সঞ্চালক প্ৰধান পি চি নাইৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে সীমান্ত পহৰা দিয়াৰ উপৰিও অসম ৰাইফলছে অবৈধ ড্ৰাগছ আৰু অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু বিগত চাৰি বছৰত ৪,২৬৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। "নিষিদ্ধ সামগ্ৰী ধৰাত আমাৰ বহু সফলতা আছে। ২০২০ চনত আমি ৮৭৫ কোটি টকাৰ অবৈধ ড্ৰাগছ জব্দ কৰিছিলো, ২০২১ চনত ১,৪০২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিলো, আৰু ২০২২ চনত ৮৫৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল। ইয়াৰ মাজত সামান্য পাৰ্থক্য আছে।" ২০২১ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত…
Read More
চুপাৰী চিণ্ডিকেটত জড়িত থকাৰ অভিযোগ! বজালীৰ DSPসহ ৭ আৰক্ষী বিষয়াক আটক CIDৰ

চুপাৰী চিণ্ডিকেটত জড়িত থকাৰ অভিযোগ! বজালীৰ DSPসহ ৭ আৰক্ষী বিষয়াক আটক CIDৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে শুকুৰবাৰে অভিযান চলাই বজালীৰ ডি এছ পি পুষ্কল গগৈ আৰু জিলাখনৰ আন ছয়জন আৰক্ষী বিষয়াক জেৰাৰ বাবে আটক কৰে। সূত্ৰ অনুসৰি গগৈৰ লগতে চি আই ডিয়ে ভৱানীপুৰ থানাৰ এছ আই দেৱজিৎ গিৰি, এ এছ আই শশাংক দাস আৰু পাটাছাৰকুছিৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ পাটগিৰি, অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) গায়ত্ৰী সোণোৱালৰ পি এছ অ’ এ বি চি ইনজামামুল হাছান, বজালী এছ পিৰ গাড়ীচালক দীপজয় ৰয়, এছপিৰ পাৰ্ট টাইম গাড়ী চালক নবিৰ আহমেদক সোধা-পোছাৰ বাবে আটক কৰে। সূত্ৰ অনুসৰি চুপাৰী মাফিয়া ৰফিউল হুছেইনে আৰক্ষী বিষয়া কেইজনৰ বিৰুদ্ধে চুপাৰী চিণ্ডিকেটত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আটক কৰা…
Read More
শিলসাঁকো উচ্ছেদৰ বিৰুদ্ধে অৰ্ধ উলংগ হৈ প্ৰতিবাদ একাংশ মহিলাৰ, উত্তপ্ত পৰিস্থিতি…

শিলসাঁকো উচ্ছেদৰ বিৰুদ্ধে অৰ্ধ উলংগ হৈ প্ৰতিবাদ একাংশ মহিলাৰ, উত্তপ্ত পৰিস্থিতি…

জিলা প্ৰশাসনে শিলসাঁকোত চলোৱা নতুন উচ্ছেদ অভিযানৰ পিছতে শিলসাঁকোত চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ স্থানীয় উচ্ছেদিত লোকে। প্ৰতিবাদৰ ছবি আৰু ভিডিঅ’ ইণ্টাৰনেটত প্ৰকাশ পাইছে য’ত মহিলা প্ৰতিবাদকাৰীয়ে উচ্ছেদ অভিযান বন্ধ কৰিবলৈ আধা উলংগ হৈ ওলাই আহিছে। উচ্ছেদৰ প্ৰতিবাদৰ চিন স্বৰূপে প্ৰতিবাদকাৰী সমাজৰ মহিলাসকলে নিজৰ কাপোৰ ফালি পেলায়। ঘৰৰ পৰা উচ্ছেদ হোৱাতকৈ মৃত্যুৱেই ভাল বুলি কয় প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে ৰাইজক ছত্ৰভংগ দিবলৈ চেষ্টা কৰিলেও মহিলাসকলে লৰচৰ কৰিবলৈ অস্বীকাৰ কৰে। ইফালে আৰক্ষী প্ৰশাসনে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰীক। ইয়াত উল্লেখ কৰিব পাৰি যে ৩১ আগষ্টত উচ্ছেদ প্ৰক্ৰিয়াত নিয়োজিত স্থানীয় ৰাইজ আৰু আৰক্ষী প্ৰশাসনৰ মাজত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। উচ্ছেদ কৰা…
Read More
প্ৰথমা পত্নীৰ কন্যাক শাৰীৰিক-মানসিক নিৰ্যাতন! নিলম্বন তিনিচুকীয়াৰ DC অফিচৰ কৰ্মচাৰীক

প্ৰথমা পত্নীৰ কন্যাক শাৰীৰিক-মানসিক নিৰ্যাতন! নিলম্বন তিনিচুকীয়াৰ DC অফিচৰ কৰ্মচাৰীক

তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত অভিযোগ উত্থাপন কৰি নিলম্বন কৰা হৈছে। ৱাজিদ হুছেইন নামৰ অভিযুক্তজনে জিলা উপায়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক হিচাপে কাৰ্যৰত আছিল।তেওঁৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ২৩ আগষ্টৰ পৰা পলাতক হৈ আছিল। যোৱা ২২ আগষ্টত হুছেইন আৰু তেওঁৰ দ্বিতীয় পত্নীৰ বিৰুদ্ধে দ্বিতীয় পত্নীৰ নাবালিকা কন্যাক শাৰীৰিক নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ গোচৰ ৰুজু হোৱাৰ পিছতে এই নিলম্বন। বিয়াৰ পিছত ছোৱালীজনীয়ে তেওঁলোকৰ লগত বাস কৰিছিল।
Read More
উদ্বোধনীৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুত দুৰ্ঘটনা, আহত এজন

উদ্বোধনীৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুত দুৰ্ঘটনা, আহত এজন

উদ্বোধনীৰ ২৪ ঘন্টা নৌহওঁতেই গুৱাহাটীৰ মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুৰ ওপৰত গুৱাহাটী পৌৰ নিগমৰ মালিকানাধীন এখন ট্ৰাক আৰু আৱৰ্জনা সংগ্ৰহৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়। সূত্ৰ অনুসৰি ট্ৰাকখনে তীব্ৰ বেগেৰে যাত্ৰা কৰি থকা অৱস্থাত পিছফালৰ পৰা ঠেলা গাড়ীখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত গাড়ীখন ঠেলাগাড়ীখন লুটি খাই বাগৰি পৰে। যাৰ ফলত চলাই থকা জিএমচিৰ কৰ্মচাৰীজনো সামান্য আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে জালুকবাৰী আৰক্ষীয়ে স্থানত উপস্থিত হৈ সংঘৰ্ষৰ বাবে দায়ী ট্ৰাকখন জব্দ কৰে। মন কৰিবলগীয়া যে ৩১ আগষ্টৰ পুৱা নীলাচল উৰণীয়া সেতুখন উদ্বোধন হোৱাৰ ঠিক পিছতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা। ফলত উৰণীয়া সেতুখনৰ ওপৰেৰে যান-বাহনৰ চলা্চলতো ব্যাঘাত জন্মে। ইয়াত উল্লেখ কৰা প্ৰয়োজন যে অসমৰ মুখ্যমন্ত্ৰী…
Read More