Blog

মণিপুৰত অসম ৰাইফলচৰ জোৱান শ্বহীদ

মণিপুৰত অসম ৰাইফলচৰ জোৱান শ্বহীদ

ষ্টাফৰিপৰ্টাৰ, মণিপুৰত অসম ৰাইফলচৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণত শ্বহীদ হ'ল অসমৰ এজন জোৱান।বজালীৰ ঘটবৰ সাদেৰীৰ জোৱানজনৰ নাম হ'ল প্ৰণয় কলিতা। ২০০২ চনত অসম ৰাইফলচত নিযুক্তি পাইছিল প্ৰণয় কলিতাই। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা শিশু সহ পত্নীক ত এৰি যায়।উল্লেখযোগ্য ,মণিপুৰৰ চান্দেলত সংঘটিত হয় এই ঘটনা। মণিপুৰৰ চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত কৰা কূটাঘাতমূলক বিস্ফোৰণত আছাম ৰাইফলছ্‌ৰ জোৱান প্ৰণয় কলিতাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ কৰে। ৰাজ্যিক মৰ্যাদাৰে আছাম ৰাইফলছ্‌ৰ জোৱান প্ৰণয় কলিতাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ দিয়ে।
Read More
সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা

সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা

ষ্টাফৰিপৰ্টাৰ, সোমবাৰৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।সোমবাৰে মাজনিশাৰ পৰা ২৯ জুলাই মাজনিশা পৰ্যন্ত চহৰখনত সম্পূৰ্ণ লকডাউন থাকিব। প্ৰতিদিনেই কৰ’ণা সংক্ৰমণ বৃদ্ধি পাই গৈ থকাত মেঘালয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য চুবুৰীয়া পাহাৰীয়া ৰাজ্য খনত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা ৪১৯লৈ বৃদ্ধি পাইছে।
Read More
এইচপি পাওয়াৰ হাউজ গেমিং পোর্টফোলিও আৰম্ভ কৰিছে

এইচপি পাওয়াৰ হাউজ গেমিং পোর্টফোলিও আৰম্ভ কৰিছে

এইচপি নতুন ওমেন ল্যাপট আৰু মালপত্রবোৰ প্রবর্তন কৰে, ওমান কমান্ড সেন্টাৰে আপডেট কৰিছে আৰু প্রথম ১৬ "প্যাভিলিয়ন গেমিং ল্যাপটপ আৰম্ভ কৰিছে- - সমস্তই আজিৰ দিনৰ গেমাৰক অতুলনীয়কে খেলিবৰ বাৱে ইতিমধ্য ডিভাইসগুলি কী কৰিব পাৰে তাৰ সীমাবদ্ধতাৰ ফালে চাপ দি ডিজাইন কৰিছে। এটি গেমপ্লেৰ অভিজ্ঞতাকে পৰবর্তী স্তৰত সক্ষম কৰাৰ ক্ষেত্রত ‘তাৰ প্রথম ধৰণৰ’ হার্ডওয়্যাৰ প্রযুক্তি সৰবৰাহ কৰিছে আৰু কোনও আপোচ নকৰাকে তুলনামূলক পাওয়াৰ প্রস্তাব দিছে। গেমিং বেনিফিটগুলি আনলক কৰা হৈছে কাৰণ লোকসকলে ঘৰত বেছি সময় ব্যয় কৰে, বিনোদন আৰু সাধাৰণ কল্যাণ উভয়ৰ বাৱে নতুন উপায় উদ্ঘাটন কৰিছে।অনুষ্ঠানৰ এইচপি ইন্ডিয়া মার্কেটৰ পার্সোনাল সিস্টেমস, সিনিয়ৰ পৰিচালক মিঃ বিক্রম বেদী কৈছিল যে, “এইচপি ব্রড…
Read More
অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি

অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি

কোৰোণাৰ সামান্য লক্ষণে দেখা দিয়াৰ বাবে দুয়োকে ভৰ্তি কৰোৱা হৈছে চিকিত্‍সালয়ত।অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত দুয়ো নিজ ঘৰতেই কোৱাৰেণ্টাইনত আছিল। শুকুৰবাৰে হঠাত্‍ দুয়োৰে দেহত কোৰোণাৰ সামান্য লক্ষণে দেখা দিয়াত দুয়োকে মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, দুয়ো শ্বাস-প্ৰশ্বাসত কিছু সমস্যাৰ সন্মুখীন হৈছে।ইফালে বৰ্তমান নানাৱতী হাস্পতালতে চিকিত্‍সাধীন হৈ আছে ঐশ্বৰ্য ৰায়ৰ স্বামী তথা অভিনেতা অভিষেক বচ্চন আৰু মেগাষ্টাৰ অমিতাভ বচ্চন
Read More
কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা

কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা

নাগালেণ্ড চৰকাৰে কুকুৰৰ বজাৰ আৰু কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে। কুকুৰৰ মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰী কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব তেমজেন টয়ে ইতিমধ্যে টুইটাৰযোগে এই কথা জনাইছে।
Read More
পতঞ্জলিৰ Covid-19 নিৰাময় কৰা দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ কেন্দ্ৰীয় চৰকাৰৰ

পতঞ্জলিৰ Covid-19 নিৰাময় কৰা দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ কেন্দ্ৰীয় চৰকাৰৰ

আজি কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে মুকলি কৰা Covid-19ৰ ঔষধত এক প্ৰকাৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে। Press Information Bureauই মুকলি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, চৰকাৰক পতঞ্জলিয়ে তেনে গৱেষণাৰ বিষয়ে পূৰ্বতে অৱগত কৰা নাছিল।কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে গৱেষণা, পৰীক্ষণ আদি কৰি এতিয়া ঔষধটো বজাৰত মুকলি কৰাৰ পিছত চৰকাৰৰ ৰোষত পৰিছে ৰামদেৱ আৰু পতঞ্জলি। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে আয়ুৰ্বেদিক ঔষধৰ তেনে ধৰণৰ দাবী আৰু প্ৰচাৰ Drugs And Magic Remedies (Objectionable Advertisement) Act, 1954ৰ নীতি নিয়মৰে পৰিচালিত হয়। আনহাতে, যোৱা ২১ এপ্ৰিলত আয়ুস মন্ত্ৰণালয়ে Covid-19ৰ আয়ুৰ্বেদিক ঔষধৰ বেলিকা গৱেষণা আৰু অন্য বিধিসমূহ কেনেধৰণৰ হ’ব এই সকলোবোৰ ৰাজপত্ৰিত জাননীৰ যোগেদি অৱগত কৰিছিল।সম্প্ৰতি…
Read More

সমগ্ৰ দেশ কৰোনাত বিধ্বস্ত, ছিকিম এতিয়াও কৰোনামুক্ত

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে' : সমগ্ৰ দেশ কৰ'নাত বিধ্বস্ত হৈ পৰিছে। কিন্তু ছিকিম এতিয়াও কৰ'নামুক্ত হৈ আছে। ছিকিমে কৰ'না প্ৰৱেশ কৰিব নোৱাৰাকৈ বান্ধি ৰাখিলে সীমান্ত। এতিয়া শিক্ষানুষ্ঠান খোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে চৰকাৰে।১৫ জুনৰ পৰা খুলিব ছিকিমৰ শিক্ষানুষ্ঠান। গেংটকত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী কে এন লেপচাই। নৱম মানৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিব ছিকিম চৰকাৰে।বিশ্ববিদ্যালয় পৰ্যায়তো ছিকিমত আৰম্ভ হ’ব পাঠদান।প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত অব্যাহত থাকিব অনলাইন ক্লাছ।
Read More

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে সৰ্বানন্দ সোণোৱালৰ বাৰ্তালাপ

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে' : নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ'ৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনযোগে বাৰ্তালাপ। ক'ভিড-১৯ সংক্ৰমণৰ আশংকাত নাগালেণ্ড চৰকাৰে ছীল কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্ত মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক অনুৰোধ। মুখ্যমন্ত্ৰী সোণোৱালৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ'ৰ। চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিককে ধৰি নিৰ্মাণ কাৰ্যৰ সামগ্ৰীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব ।
Read More

আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই

ষ্টাফৰিপোৰ্টাৰ, ২২ মে': আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই। একেখন হেলিকপ্টাৰত উঠি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ২৪ পৰগনাৰ বছিৰহাটত নামি প্ৰশাসনীয় বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা পশ্চিমবংগত।পশ্চিমবংগত ঘূৰ্ণী বতাহ আমফানত ৮০ জনৰ মৃত্যু হয়। বহু বছৰৰ পাছত হোৱা ভয়ংকৰ ঘূৰ্ণী সমীক্ষাৰ বাবে কেন্দ্ৰৰ দল পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা খন ডিভিত মেৰিয়াই লৈ আকাশ মাৰ্গৰ পৰা এই ধ্বংসলীলা পৰ্যবেক্ষণ কৰে।
Read More

ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট

ষ্টাফৰিপোৰ্টাৰ, ১৬ মে' : ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা মতে শনিবাৰে এই ঘূৰ্ণীবতাহে বংগোপসাগৰৰ ওপৰ এলেকা আৰু দক্ষিণ আন্দামান সাগৰৰ সমীপত নিম্ন চাপৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত ওড়িশা আৰু আশে–পাশে থকা এলেকাত শনিবাৰে সন্ধিয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা আছে।বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই ঘূৰ্ণীবতাহজাক শক্তিৰে আগবাঢ়িলে ১৭মে’লৈকে উত্তৰ–পূৱলৈকে আগবাঢ়িব আৰু তাৰ পিছত উত্তৰ–পশ্চিমৰ দিশলৈ যাব। এই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৫৫–৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। এই গতিবেগ বৃদ্ধি পাই ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ওড়িশাৰ উপকূলীয় এলেকাত এলাৰ্ট জাৰি কৰিছে, লগতে পশ্চিম বংগ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰতো অৰেঞ্জ…
Read More