ষ্টাফৰিপোৰ্টাৰ, ২৩ মে’ : নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’ৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনযোগে বাৰ্তালাপ। ক’ভিড-১৯ সংক্ৰমণৰ আশংকাত নাগালেণ্ড চৰকাৰে ছীল কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্ত মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক অনুৰোধ। মুখ্যমন্ত্ৰী সোণোৱালৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ৰ। চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিককে ধৰি নিৰ্মাণ কাৰ্যৰ সামগ্ৰীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব ।