21
Feb
নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ক্তৃতা অনুষ্ঠানৰ লগতে নতুনকৈ প্ৰতিষ্ঠা কৰা জনগোষ্ঠীয় ভাষা-শিক্ষণ প্ৰশিক্ষণাগাৰ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অসমীয়া বিভাগৰ মুৰব্বী ধনদা দেৱীয়ে আঁত ধৰা এই সভাত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ অধ্যাপক দীপক কুমাৰ বৰাই। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ড০ বৰকটকীয়ে মাতৃভাষা দিৱসৰ তাৎপর্য ব্যক্ত কৰি মাতৃভাষা বিকাশৰ বাবে গ্ৰন্থ প্ৰণয়নকে ধৰি বিভিন্ন কাৰ্যসূচীৰ কথা ব্যক্ত কৰে। নগাঁও কলেজৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়া। শইকীয়াই বক্তব্যত মাতৃভাষাৰ গভীৰ সংকটৰ কথা উল্লেখ কৰি বিশ্বত প্ৰায় বৃহৎ সংখ্যক…
