14
Jan
নিৰ্ভীক আৰু বলিষ্ঠ কণ্ঠৰে যোৱা তিনিটা দশক ধৰি দেশৰ সংবাদ সেৱাত ব্ৰতী হৈ থকা কামাল খান আৰু নাই! শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ হৈ কাম কৰা উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ সাংবাদিক কামাল খান হৃদৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে সাংবাদিকগৰাকীক। উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদীকগৰাকীয়ে যোৱা তিনিটা দশক ধৰি সংবাদ সেৱাৰ সৈতে জড়িত হৈ আছিল। তেওঁৰ নিৰ্ভীক কণ্ঠই সহজতেই কঁপাই যাব পাৰিছিল শাসকতন্ত্ৰৰ বুকু। এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লক্ষ্ণৌৰ বাটলাৰ পেলেছৰ চৰকাৰী বাংলোত দেহাৱসান ঘটাৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে দেশৰ সংবাদ ক্ষেত্ৰখনক। জ্যেষ্ঠ সাংবাদিক আলোক…
