22
Mar
চি আই ডিৰ আৰক্ষী থানাত 02/2022 ইউ/এছ 120বিৰ অধিনত পঞ্জীয়ন হোৱা এই গোচৰৰ অধিনত সাৰ কেলেংকাৰীৰ পুংখানুপুংখ তদন্ত কৰিব। ৰাজ্যত সংঘটিত হোৱা ইউৰিয়া ক্ৰয় আৰু বিতৰণত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্দেশ প্ৰদান কৰিছিল। এতিয়ালৈকে মুঠ ৯ জন অভিযুক্তক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে। এই ৯ জন ব্যক্তিৰ ভিতৰত ৮ জন হৈছে বিভিন্ন খুচুৰা আৰু পাইকাৰী বিপনীৰ মালিক। এই ৮ জনে চৰকাৰে নিৰ্ধাৰিত হাৰতকৈ অধিক মূল্যত ইউৰিয়া সাৰ বিক্ৰী কৰিছে। ইয়াৰ উপৰিও আন এজন ট্ৰাকৰ মালিককো চি আই ডিয়ে গ্ৰেপ্তাৰ এইসকল অভিযুক্তক গুৱাহাটী চি জে এম আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে…
