06
Apr
আজি গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত ডঃ সংগীতা ৰাজখোৱাৰ তিনি খনকৈ গ্ৰন্থ ক্ৰমে "হাজং লোক সাহিত্যৰ-ৰূপ ৰেখা" হাজং লোক পৰিৱেশ্য কলা" আৰু হাজং সাধুকথাৰ সংকলন "জোনাকীৰ পোহৰ " আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। শিক্ষা বীদ ডঃ জগদীশ পাটগিৰি সঞ্চালনাত অনুষ্ঠিত আজিৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদ ডঃ দয়ানন্দ পাঠক ,খ্যাতিনামা চিকিৎসক ডাঃ হিতেশ বৰুৱা, আৰু ভাষাবিদ ডঃ খগেশ সেন ডেকা। একেটা অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সভাখন অধিক গাম্ভীৰ্যময় কৰি তোলে ক্ৰমে ৰতন কুমাৰ ৰায় হাজং আৰু কানুৰাম হাজঙে। ইপিনে নিজৰ উন্মোচনী ভাষণত ভাষাবিদ ডঃ খগেশ সেন ডেকাই ভাষাৰ গভীৰতা আৰু…
