24
Jun
আজি কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে মুকলি কৰা Covid-19ৰ ঔষধত এক প্ৰকাৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে। Press Information Bureauই মুকলি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, চৰকাৰক পতঞ্জলিয়ে তেনে গৱেষণাৰ বিষয়ে পূৰ্বতে অৱগত কৰা নাছিল।কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে গৱেষণা, পৰীক্ষণ আদি কৰি এতিয়া ঔষধটো বজাৰত মুকলি কৰাৰ পিছত চৰকাৰৰ ৰোষত পৰিছে ৰামদেৱ আৰু পতঞ্জলি। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে আয়ুৰ্বেদিক ঔষধৰ তেনে ধৰণৰ দাবী আৰু প্ৰচাৰ Drugs And Magic Remedies (Objectionable Advertisement) Act, 1954ৰ নীতি নিয়মৰে পৰিচালিত হয়। আনহাতে, যোৱা ২১ এপ্ৰিলত আয়ুস মন্ত্ৰণালয়ে Covid-19ৰ আয়ুৰ্বেদিক ঔষধৰ বেলিকা গৱেষণা আৰু অন্য বিধিসমূহ কেনেধৰণৰ হ’ব এই সকলোবোৰ ৰাজপত্ৰিত জাননীৰ যোগেদি অৱগত কৰিছিল।সম্প্ৰতি…
