অসমৰ ৰাইজৰ সৈতে বিজেপি সদায় একাত্মঃ বাজপেয়ী ভৱনত দিলীপ শইকীয়াৰ হুংকাৰ

অসম আন্দোলনৰ সময়ৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত সদায় একাত্ম হৈ অৱস্থান গ্ৰহণ কৰি আহিছে। বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। নিৰ্বাচনী প্ৰচাৰৰ মাজতে আয়োজিত এই সংবাদমেলত সভাপতিগৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফকো তীব্ৰ সমালোচনা কৰে।

শইকীয়াই ১৯৮৩ চনৰ নিৰ্বাচনৰ প্ৰসংগ টানি আনি কয় যে সেই সময়ৰ অবৈধ নিৰ্বাচনৰ বিৰুদ্ধে ৰাইজে দিয়া আহ্বানক সন্মান জনাই বিজেপিয়ে নিৰ্বাচন বৰ্জন কৰিছিল। আনহাতে, বাঁওপন্থী আৰু ছদ্ম ধৰ্মনিৰপেক্ষ শক্তিসমূহে আন্দোলনৰ বিৰোধিতা কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ শাসনকালত সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবেই এনআৰচি প্ৰক্ৰিয়া ভালুকৰ সাঙীত পৰিণত হোৱা বুলিও তেওঁ মন্তব্য কৰে।

কংগ্ৰেছৰ ‘নতুন বৰ অসম’ শ্লোগানৰ সন্দৰ্ভত কটাক্ষ কৰি সভাপতিগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত চৰকাৰী ভূমি অবৈধ পন্থাৰে মিঞাৰ হাতলৈ হস্তান্তৰ হৈছিল। বৰ্তমানৰ বিজেপি চৰকাৰে বটদ্ৰৱা থানৰ দৰে পবিত্ৰ ভূমি বেদখলমুক্ত কৰি উন্নয়নমূলক প্ৰকল্প নিৰ্মাণ কৰাৰ লগতে প্ৰায় ১ লাখ ৫০ হাজাৰ বিঘা ভূমি মিঞাৰ কবলৰ পৰা উদ্ধাৰ কৰিছে।

অসম কংগ্ৰেছে মিঞা তুষ্টিকৰণৰ জৰিয়তে খিলঞ্জীয়া লোকৰ অস্তিত্ব ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলি শইকীয়াই গুৰুতৰ অভিযোগ কৰে। অনাগত দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত হ’বলগীয়া চৰকাৰে খিলঞ্জীয়াৰ জাতি সত্বা অধিক শক্তিশালী কৰিবলৈ কাম কৰি যাব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *