বিহাৰ বাসীয়ে লাভ কৰিলে নতুন সম্ৰাট

ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধৰীয়ে বুধবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । পাটনাৰ লোকভৱনত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় । সম্ৰাট চৌধৰীৰ উপৰিও জনতা দলৰ (ইউনাইটেড) চমুকৈ জেডিইউৰ দুজন জ্যেষ্ঠ নেতা বিজয় চৌধুৰী আৰু বিজেন্দ্ৰ প্ৰসাদ যাদৱে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে আৰু তেওঁলোকে উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷

ইয়াৰ লগে লগে বিহাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । নীতিশ কুমাৰৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল সম্ৰাট চৌধৰী । ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে মঙলবাৰে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে নীতিশ কুমাৰে । ইয়াৰ পিছতে বুধবাৰে বিজেপিৰ বিধায়িনী দলৰ এখন বৈঠকত সম্ৰাট চৌধৰীক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *