06
Jul
ভাৰতলৈ প্ৰত্যৰ্পণৰ ক্ষেত্ৰত প্ৰায় সকলো আইনী বাধা আঁতৰিল পলাতক হীৰা ব্যৱসায়ী নিৰৱ মোদীৰ। ইউৰোপীয় মানৱ অধিকাৰ আদালততো শেষ আইনী যুঁজত পৰাজিত হোৱাৰ পিছত এতিয়া তেওঁক ভাৰতলৈ প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া অধিক দ্ৰুত হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। সূত্ৰৰ তথ্য অনুসৰি, ইউৰোপীয় মানৱ অধিকাৰ আদালতে নিৰৱ মোদীৰ আবেদন নাকচ কৰাৰ লগে লগে তেওঁৰ হাতত থকা সকলো আইনী পথ প্ৰায় বন্ধ হৈ পৰিছে। এতিয়া কেৱল কেইটামান প্ৰশাসনিক আনুষ্ঠানিকতা সম্পূৰ্ণ হ'লেই যুক্তৰাজ্য চৰকাৰে প্ৰত্যৰ্পণ প্ৰক্ৰিয়া আগবঢ়াব পাৰিব। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ এপ্ৰিল মাহত যুক্তৰাজ্যৰ উচ্চ ন্যায়ালয়ে প্ৰত্যৰ্পণৰ সিদ্ধান্তক পুনৰ প্ৰত্যাহ্বান জনোৱাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। ভাৰত চৰকাৰে ভাৰতীয় কাৰাগাৰৰ পৰিৱেশ সম্পৰ্কে দিয়া আশ্বাসক সন্তোষজনক বুলি আদালতে…
