09
Jan
হাঁহি-ধেমালিৰে পৰিপূৰ্ণ এখন সংসাৰলৈ নিশাটোৰ ভিতৰতে নামি আহিল এক চৰম বিভীষিকা। পঞ্জাৱৰ ফিৰোজপুৰৰ হৰমন নগৰৰ এটা আৱাসগৃহত ঘটা এক মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন ৪২ বছৰীয়া ব্যক্তিয়ে নিজৰ পত্নী আৰু দুই অবোধ কন্যাক নৃশংসভাৱে হত্যা কৰি পাছত নিজে আত্মহত্যাৰ পথ বাছি লয়। বৃহস্পতিবাৰে পুৱা এই শোকাৱহ ঘটনাটো পোহৰলৈ আহে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, মৃত ব্যক্তিগৰাকীক অমনদীপ সিং (৪২) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ সৈতে শোৱাপাটীতে উদ্ধাৰ হৈছে পত্নী যশবীৰ কৌৰ (৪০) আৰু দুই কন্যা ১০ বছৰীয়া মনবীৰ কৌৰ তথা ৬ বছৰীয়া পৰমীত কৌৰৰ ৰক্তাক্ত দেহ। অমনদীপ পেছাত এজন বিল্ডাৰ আৰু ফাইনেঞ্চিয়াৰ আছিল। শেহতীয়াকৈ তেওঁ এখন…
