16
Feb
আইচিচি টি-২০ বিশ্বকাপত কালি নিশা ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানক ৬১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ সৈতে পইন্ট টেবুলত দুৰ্বল স্থিতিত উপনীত হৈছে পাকিস্তান। পাকিস্তানে এতিয়া তৃতীয় স্থানলৈ অৱনমিত হৈছে আৰু এই পৰাজয়ৰ পিছত বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে। আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এ-ত ভাৰত আৰু পাকিস্তানৰ লগতে আমেৰিকা, নামিবিয়া, আৰু নেদাৰলেণ্ড অন্তৰ্ভুক্ত। ইতিমধ্যে নামিবিয়া প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে ভাৰতে ছুপাৰ ৮ত নিজৰ স্থান নিশ্চিত কৰিছে। তিনিখন মেচত তিনিখন জয়ৰে ৬ পইণ্ট লাভ কৰি গ্ৰুপ এ-ত প্ৰথম স্থানত আছে ভাৰতে।ইফালে আমেৰিকাই চাৰিখন মেচ খেলি দুখন জয় আৰু দুখন পৰাজয়, ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে। পাকিস্তানে এই পৰ্যন্ত তিনিখন…
