20
Mar
অৱশেষত ঘোষণা হ'ল বি পি এফৰ বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা। বৃহস্পতিবাৰে নিশা কোকৰাঝাৰস্থিত দলীয় কাৰ্যালয়ত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১১ জনীয়া এই চূড়ান্ত তালিকা প্ৰকাশ কৰে। এন ডি এৰ অংশীদাৰ হিচাপে ১৫ খন আসনৰ ভিতৰত ১১ খন লাভ কৰা দলটোৱে এইবাৰ কেইবাজনো জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছে। প্ৰাৰ্থী তালিকা ঘোষণা কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "প্ৰমীলা ৰাণী বাইদেউক টিকট দিব পৰা হ'লে সঁচাকৈয়ে ভাল আছিল। কিন্তু দলীয় সিদ্ধান্ত মৰ্মে আমি কিছুমান জ্যেষ্ঠ নেতাক এইবাৰ বাদ দিব লগা হৈছে। টিকট নোপোৱাসকলে যাতে আৱেগিক হৈ দলত্যাগ নকৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ।" তেওঁ লগতে কয়, "বি টি চিত আমাৰ সৈতে…
