Sonakshi Sarkar

1880 Posts
তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কাল ভৈৰৱীৰ পূজা অৰ্চনা কৰে। গংগা সপ্তমী উপলক্ষে বাৰাণসীৰ দশশ্বমেধ ঘাটত গঙ্গা দেৱীক প্ৰাৰ্থনা কৰাৰ পিছত এখন ক্ৰুজৰে নমো ঘাটত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল। এইবাৰ আকৌ, তেওঁ বিজেপিৰ টিকটত বেনাৰসৰ পৰা নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে। মনোনয়ন দাখিলৰ সময়ছোৱাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী উপস্থিত আছিল।…
Read More
সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি 'জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে। উল্লেখ্য যে, অহা ১৭ মে’ অৰ্থাৎ শুকুৰবাৰে অসমৰ ছবিগৃহত এই অনন্য ছবিখনে মুক্তিলাভ কৰিব।  উল্লেখ্য যে, ছবি সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত 'জিয়া’ই ইতিমধ্যে শেহতীয়া প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰ লগতে আন তিনিটা শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস) শিতানত বঁটা লাভ কৰি ইতিমধ্যে ছবিপ্ৰেমীৰ মাজত চৰ্চা লাভ…
Read More
হানী আৰু জিয়ানৰ স্বৰ্ণ পদক

হানী আৰু জিয়ানৰ স্বৰ্ণ পদক

সুখ্যাত কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ কন্যা হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৬১ কেজি ছিনিয়ৰ শাখাত এটা ৰূপৰ পদক সহ মুঠ ২ টা পদক অৰ্জন কৰে । আনহাতে জিয়ান চৌধুৰীয়ে ল'ৰাৰ ৬৩ কেজি কেডেট শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে এটা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লক্ষনীয়ভাৱে এই দুয়ো গৰাকী খেলুৱৈয়ে হাছমৎ আলীৰ তত্বাৱধানত বৰপেটাৰ কিঅ কাৰাটে ইনষ্টিটিউটৰ প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ । এই দুৰ্দান্ত সফলতাৰ বাবে কিঅ কাৰাটে সভাপতি হান্স ভাৰত শৰ্মা, কিঅ কাৰাটে সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ জাগ্ৰা, কিঅ কাৰাটে কোষাধক্ষ্য মুটুম বংকিমৰ লগতে কিঅ সাধাৰণ সম্পাদক তথা উকা জি এছ নগেন বংজিয়ামে…
Read More
অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল

অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নুৰুদ্দিন আহমেদ ছিনি‌য়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা । ধুবুৰীত অনুষ্ঠিত নামনি অসম মণ্ডলৰ দুদিনীয়া লীগ মেচত প্ৰথম দিনৰ প্ৰথম ইনিংছত ধুবুৰীৰ বিৰুদ্ধে বৰপেটাই অম্লানজ্যোতি দাসৰ বিধ্বসী বলিঙত তছনছ কৰে ধুবুৰীৰ বেটিং লাইন । মাত্ৰ ৭৬ ৰানতে প্ৰথম ইনিংছ সামৰিবলগীয়া হয় ধুবুৰী বেটিং । বৰপেটাৰ হিমাংশু শ্বেৰাৱতেও ২ টা উইকেট দখল কৰে। ডেনিছ দাস নেতৃত্বাধীন প্ৰতিপক্ষ বৰপেটাৰ বলাৰ অম্লানজ্যোতি দাসে ৮ টা উইকেট দখল কৰি এটা ইনিংছত ঈৰ্ষনীয় বলিং প্ৰদৰ্শনৰ এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়।
Read More
দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই শুকুৰবাৰে ইয়াত অনুষ্ঠিত দোহা ডায়মণ্ড লীগ মীটৰ জেভলিন থ্ৰো ইভেণ্টত ৮৮.৩৬ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে দ্বিতীয় স্থান লাভ কৰে। তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত চেক গণৰাজ্যৰ ৱালেশৰ পিছত থাকে। ৱালশে তৃতীয় প্ৰচেষ্টাত ৮৮.৩৮ মিটাৰ থ্ৰোৰে খিতাপ দখল কৰে। চোপ্ৰাই তেওঁৰ অন্তিম প্ৰচেষ্টাত তেওঁৰ সকলো প্ৰচেষ্টা কৰিছিল কিন্তু তেওঁ দুই চেণ্টিমিটাত পিছ পৰি খিতাপ দখলৰ পৰা ব্যৰ্থ হয়। দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ৮৬.৬২ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দিতা কৰা আনজন ভাৰতীয়, ২৮ বছৰীয়া কিশোৰ জেনাৰ ডায়মণ্ড লীগৰ অভিষেক হতাশাজনক ভাৱে সমাপ্ত হয়। তিনি ৰাউণ্ডৰ থ্ৰোৰ পিছত তেওঁ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।এই সময়ছোৱাত তেওঁৰ…
Read More
২৮,২০০ টা মোবাইল হেণ্ডছেট ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

২৮,২০০ টা মোবাইল হেণ্ডছেট ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ডিজিটেল জালিয়াতি, চাইবাৰ ক্ৰাইমত দূৰসংযোগৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ কঠোৰ সিদ্ধান্ত লৈছে। চৰকাৰে ১০ মে' টেলিকম অপাৰেটৰসকলক ২৮,২০০ টা মোবাইল হেণ্ডছেট ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ লগতে, এই হেণ্ডছেটবোৰৰ সৈতে সংযোজিত ২০ লাখ মোবাইল সংযোগ পুনৰ-প্ৰমাণিত কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰা হৈছে। এনে পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰৱঞ্চকসকলৰ নেটৱৰ্ক ধ্বংস কৰা আৰু নাগৰিকসকলক ডিজিটেল ভাবুকিৰ পৰা সুৰক্ষিত কৰা। গৃহ মন্ত্ৰালয় আৰু ৰাজ্যিক আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে চাইবাৰ অপৰাধত ২৮,২০০ টা মোবাইল হেণ্ডছেটৰ অপব্যৱহাৰ কৰি আছে। দূৰসংযোগ বিভাগৰ হৈ কোৱা হৈছিল যে এই মোবাইল হেণ্ডছেটবোৰৰ সৈতে ২০ লাখ নম্বৰ ব্যৱহাৰ কৰা হৈছিল, যিটো অতি আচৰিত ঘটনা। ইয়াৰ পিছত, দূৰসংযোগ…
Read More
ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "ড০ বীৰুবালা ৰাভা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে সম্পদ নহয়, সমগ্ৰ ভাৰতৰে সম্পদ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে ড০ বীৰুবালা ৰাভাৰ উন্নত চিকিৎসাৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে । এইয়া আমাৰ অনুৰোধ নহয়, দাবী ।" ড০ বীৰুবালা ৰাভাক অসম চৰকাৰে ক্ষীপ্ৰতাৰে ৰাজ্যৰ বাহিৰলৈ নি হ'লেও উন্নত চিকিৎসাৰ সু ব্যৱস্থা কৰিবৰ বাবে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ…
Read More
শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ

শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ

দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷ কালি নিশা জিলাখনৰ দুধনৈ সমিষ্টিৰ অন্তৰ্গত শিমলীতোলা চাহ বাগান এলেকাৰ বিভিন্ন ঠাইত ৩৫/৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই তাণ্ডব চলাই প্ৰায় ৭ বিঘা মান ইৰি ধানৰ খেতি খাই তহলিং কৰে৷বিগত সময়ৰ দৰেই এই বছৰত যোৱা ছয় সাতদিন ধৰি হাতীৰ জাকটোৱে ইয়াৰে বিভিন্ন স্থানত ধান খেতি খাই তহিলং কৰাত সৰ্বসান্ত কৰি পেলাইছে অঞ্চলবাসী কৃষক ৰাইজক৷ এতিয়া হাতীৰ উপদ্ৰবত ৰাইজ আতংকিত হৈ নিশা ওজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ৷ এনে ক্ষেত্ৰত জিলা বন…
Read More
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আদালতে তেওঁক ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে এতিয়া ২ জুনলৈকে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাব পাৰিব। অন্তৱৰ্তীকালীন জামিন ঘোষণা কৰাৰ সময়ত, আদালতে কয় যে তেওঁলোকে শীঘ্ৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা সমগ্ৰ গোচৰটোৰ শুনানি সমাপ্ত কৰিব। আদালতে কয়- আমি শীঘ্ৰেই গোচৰটোৰ শুনানি গ্ৰহণ কৰি সমাপ্ত কৰিবলৈ চেষ্টা কৰিম। আদালতে এইটোও কয় যে কেজৰিৱালক ২০২২ চনৰ আগষ্টত পঞ্জীয়ন কৰা গোচৰটোত ডেৰ বছৰৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়-গ্ৰেপ্তাৰ আগতে বা পিছত কৰিব পাৰিলেহেঁতেন।
Read More
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল উম্মে ইয়াচমিন

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল উম্মে ইয়াচমিন

ৰঙিয়া মহকুমাৰ সমীপৱৰ্তী তামুলপুৰ জিলাৰ অন্তৰ্গত ধেপাৰ গাঁওৰ অত্যন্ত গৰীব ৰাজমিস্ত্ৰী পিতৃ ফিৰোজ আলী  আৰু গৃহিনী মাতৃ ৰুমী বেগমৰ কন্যা উম্মে ইয়াচমিনে  সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৯ % শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হৈছে। ৰঙিয়াৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে  নিকটাত্মীয়ৰ অৰ্থ সাহায্যৰে অধ্যয়ন কৰা উম্মে ইয়াচমিনে ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ ইংৰাজীত ৮৪ , অসমীয়াত ৯১, ৰসায়ন বিজ্ঞানত ৯৪, পদাৰ্থ বিজ্ঞানত ৯২, উদ্ভিদ-জীৱ বিজ্ঞানত ৮৪ নম্বৰ সহ  মুঠ ৪৪৫ নম্বৰ লাভ কৰে। উল্লেখ্য অসম উচ্চ মাধ্যমিক বিদ্যালয় শেক্ষান্ত পৰীক্ষা ২০২২ বৰ্ষৰ ফলাফলতো উম্মে ইয়াচমিনে ৯১ শতাংশ নম্বৰ লৈ পাচটা বিষয়ত লেটাৰ…
Read More