Sonakshi Sarkar

1908 Posts
ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱাৰ এটি পথেই জনজীৱনৰ চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে যদিওঁ আজিলৈকে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনেওঁ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ সম্প্ৰতি চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত ধকুৱা চকৰ পৰা ধকুৱা হাইস্কুল হৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ জুৰি দৈৰ্ঘৰ  বোকাময় মাটিৰ পথছোৱাৰে ৰাইজে যাতায়াত কৰি আহিছে ৷ ধকুৱা চেন্টাৰৰ পৰা  গৈ পালহাজী - মন্দিয়া পথত লগ লগা উক্ত পথছোৱা বিগত বৰ্ষ সমুহত জিলা পৰিষদৰ অধীনত নাম মাত্ৰ মাটি পেলাই মেৰামতি কৰি আহিছে যদিওঁ পথছোৱা পকীকৰণ নকৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বিশেষ অসুবিধা ভোগ কৰি আহিছে৷ উন্নয়ন আৰু সম বিকাশৰ শ্লোগান দিয়া ৰাজ্য চৰকাৰে উক্ত পথছোৱা…
Read More
১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ”

১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ”

আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি "মহাৰাজ" ১৪ জুনত অটিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব। ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ বেনাৰত আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত জয়দীপ আহলাৱত আৰু শালিনী পাণ্ডেও অভিনয় কৰিছে। অভিনেত্ৰী শৰৱৰীয়ে এই ছবিত এক বিশেষ ভূমিকা পালন কৰিছে। সিদ্ধাৰ্থ পি মালহোত্ৰাই 'মহাৰাজ' পৰিচালনা কৰিছে। এইটো ১৮৬২ চনৰ 'মহাৰাজ লাইবেল গোচৰ'ৰ ওপৰত আধাৰিত। বুধবাৰে অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ দ্বাৰা জাৰী কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ছবিখনৰ কাহিনী সাংবাদিক আৰু সমাজ সংস্কাৰক কাৰচন্দাছ মুলজীৰ সৈতে সম্পৰ্কিত। মুলজী মহিলাৰ অধিকাৰ আৰু সামাজিক সংস্কাৰৰ এগৰাকী ডাঙৰ সমৰ্থক আছিল। "মহাৰাজ" হৈছে নেটফ্লিক্স আৰু ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ মাজত এক বহু বছৰীয়া সৃষ্টিশীল অংশীদাৰিত্বৰ অংশ, যি হৈছে…
Read More
ইজৰাইলৰ আক্ৰমণত গাজাৰ ৰাফা চহৰত ৩৭ জনৰ মৃত্যু

ইজৰাইলৰ আক্ৰমণত গাজাৰ ৰাফা চহৰত ৩৭ জনৰ মৃত্যু

সোমবাৰে নিশা আৰু মঙলবাৰে গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত কমেও ৩৭ জন লোক নিহত হয়। প্ৰত্যক্ষদৰ্শী, জৰুৰীকালীন কৰ্মী আৰু চিকিৎসালয়ৰ বিষয়াসকলে এই তথ্য প্ৰদান কৰিছে। এইটো সেই অঞ্চল, য'ত কেইদিনমান আগতে স্থানচ্যুত ফিলিস্তিনিসকলৰ শিবিৰত অগ্নিকাণ্ড সংঘটিত হৈছিল। ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে দেওবাৰে স্থানচ্যুত শিবিৰত সংঘটিত অগ্নিকাণ্ড ফিলিস্তিনি সন্ত্ৰাসবাদী অস্ত্ৰৰ দ্বাৰা আন বিস্ফোৰণৰ ফলত হ'ব পাৰে। অগ্নিকাণ্ডৰ বিষয়ে ইজৰাইলৰ প্ৰাথমিক অনুসন্ধানৰ প্ৰতিবেদন মঙলবাৰে প্ৰকাশ কৰা হৈছিল। সেনাৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয় যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও তদন্তাধীন, কিন্তু হামাছৰ দুজন জ্যেষ্ঠ সন্ত্ৰাসবাদীক লক্ষ্য কৰি কৰা আক্ৰমণৰ ফলত জুই লগাৰ সম্ভাৱনা কম আছিল কাৰণ অতি সৰু অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।…
Read More
পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি

পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি

অসম সত্ৰ মহাসভাই অসমৰ বৰ্ণিল সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাৰণে এখন কলাক্ষেত্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ নেতৃত্বত গঠিত এটা প্ৰতিনিধি দলে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিৰ উপলক্ষ্যে বৰাক উপত্যকাৰ দুৰ্লভচেৰাত অনুষ্ঠিত হোৱা এক ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই সত্ৰ মহাসভাৰ এই ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰে। বিধায়ক কৃষ্ণান্দু পালৰ নেতৃত্বত ২০ বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া কলাক্ষেত্ৰখনত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও গুৰুদুজনাৰ ঐতিহাসিক সমলসমূহ দৰ্শন কৰাৰ লগতে অধ্যয়ন কৰাৰ বাবে পৰ্যাপ্ত সুবিধা লাভ কৰিব।
Read More
চতুৰ্থবাৰলৈ আই পি এলৰ ফাইনেল খেলিব কলকাতা নাইট ৰাইডাৰ্ছে

চতুৰ্থবাৰলৈ আই পি এলৰ ফাইনেল খেলিব কলকাতা নাইট ৰাইডাৰ্ছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজনৰ ফাইনেল মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হ'ব। এই খেলখন দেওবাৰে সন্ধিয়া চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত কেকেআৰে কোৱালিফায়াৰ-১ ত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে আৰু ফাইনেলত প্ৰৱেশ কৰে । একে সময়তে, পেট কামিন্সৰ অধিনায়কত্বত হায়দৰাবাদে কোৱালিফায়াৰ-২ত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে আৰু ফাইনেলত স্থান নিশ্চিত কৰে। আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ওপৰত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰাধান্য আছে।  দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ ২৭ খন খেল খেলা হৈছে। ইয়াৰ ভিতৰত কলকাতাই ১৮ খনত জয়লাভ কৰিছে আৰু হায়দৰাবাদে ৯ খনত জয়লাভ কৰিছে। এই ছিজনতো দুয়োটা দলৰ মাজত দুখন খেল হৈছে আৰু দুয়োখন…
Read More
ৰাইজ মাজত উত্তেজনা , প্ৰতিবাদী কাৰ্য্যসূচী

ৰাইজ মাজত উত্তেজনা , প্ৰতিবাদী কাৰ্য্যসূচী

নাজিৰাৰ শিমলুগুৰি বাঁহগড়া অঞ্চলৰ অভিযোগ অনুসৰি প্ৰায় ৬ কোটিকৈ টকা আৱণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিন মান কাম কৰিয়েই দায়িত্ব সামৰিলে PWD বিভাগে | পথচোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী কঢ়িয়াই অনা এখন বেটাৰী ৰিক্সা বাগৰি পৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে | দৈনিক পথচোৱাত শতাধিক ডাম্পাৰ চলাচল কৰা বাবেই পথচোৱা অধিক বিধ্বস্ত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে |চৰকাৰ তথা PWD বিভাগে পথচোৱা মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে |
Read More
পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬২.২০ শতাংশ ভোটদান

পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬২.২০ শতাংশ ভোটদান

২০ মে'ত অনুষ্ঠিত হোৱা পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ ৬২.২০ শতাংশ ভোটদান পঞ্জীভুক্ত হয়। নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে সংশোধিত পৰিসংখ্যা প্ৰকাশ কৰে। আয়োগৰ মতে, পঞ্চম পৰ্যায়ত পুৰুষতকৈ অধিক মহিলাই ভোটদান কৰিছিল। নিৰ্বাচন আয়োগে জাৰি কৰা এক বিবৃতি অনুসৰি, ৬৩ শতাংশ মহিলা ভোটাৰৰ তুলনাত ৬১.৪৮ শতাংশ পঞ্জীভুক্ত পুৰুষ ভোটাৰ ভোটকেন্দ্ৰত উপস্থিত হৈছিল। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত, ছয়খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ খন আসনত ভোটদান অনুষ্ঠিত হৈছিল, য'ত ৮.৯৫ কোটিৰো অধিক লোকে ভোটদান কৰিবলৈ যোগ্য আছিল। যাৰ ভিতৰত আছিল ৪.৬৯ কোটি পুৰুষ, ৪.২৬ কোটি মহিলা আৰু তৃতীয় লিংগৰ ৫৪০৯জন ভোটাৰ। বিহাৰ, ঝাৰখণ্ড, লাডাখ, উৰিষ্যা আৰু উত্তৰ প্ৰদেশত ভোটদান প্ৰক্ৰিয়াত…
Read More
 আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টি

 আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টি

অসমৰ যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলৰ স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি শৈক্ষিক অভিযান আৰম্ভ কৰিছে । এই অমূল্য প্ৰজাতিৰ বন্যপ্ৰাণীবিধৰ সংৰক্ষণৰ উদ্দেশ্যে হাতত লোৱা এই অভিযানলানিৰ বাবে “দ্য হেবিটেটছ ট্ৰাষ্ট” আৰু অসমৰ বন বিভাগে সহযোগিতা আগবঢ়াইছে । আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মূৰব্বী ড: দিলীপ চেট্ৰীয়ে কয়, “ ভাৰতত পোৱা অদ্বিতীয় হলৌ গিবনৰ বিষয়ে শিক্ষাৰ্থী সকলক পৰিচয় কৰাই দিয়া আৰু গিবনৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰাই এই শৈক্ষিক আৰু সজাগতা অভিযানৰ মূল লক্ষ্য” ।  এই পৰ্যন্ত আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগে ১৮খন বিদ্যালয়ৰ…
Read More
কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

 ৭৬ সংখ্যক  কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই । এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে'কআপ আৰ্টিষ্ট। মহোৎসৱটোলৈ আমন্ত্ৰিত হোৱা কুইন অৱ দ্যা ৱৰ্ল্ড - ইণ্ডিয়াৰ চি ই অ' উৰ্মিলা বৰুৱা আৰু ২০২৩-২৪ৰ 'মিছেছ ইণ্ডিয়া'ৰ খিতাপধাৰী তথা 'কুইন অৱ দ্য ৱৰ্ল্ড - ইণ্ডিয়া'ৰ বিজয়ী প্ৰিয়া ছেগীৰ মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট হিচাপে  বিজয়জিতে এই মহোৎসৱলৈ যোৱাৰ সুযোগ লাভ কৰিছে ।
Read More
দীপৰ বিলত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন

দীপৰ বিলত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে মহানগৰীৰ  আগশাৰীৰ শিক্ষানুষ্ঠান চাই বিকাশ বিদ্যা নিকেতনৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী অনুস্থিত হয়।ব্যতিক্ৰমী ৰূপেৰে দীপৰ বিলৰ পাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মূকাভিনয়ৰে জৈৱ বৈচিত্ৰৰ প্ৰয়োজনীয়তা  সম্পৰ্কে উপস্থাপন কৰা হয়।  জৈৱ বৈচিত্ৰত জলাশয়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী সকলে দীপৰ বিলত এই বিশেষ মূকাভিনয় প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী প্ৰমোদ কলিতাৰ লগতে ৰেঞ্জাৰ ধনেশ্বৰ দলৈ সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষানুষ্ঠান খনৰ পৰিচালন সঞ্চালক শ্রী নিবাস ৰেদ্দী আৰু একাডেমিক ডীন ড৹ মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে।  দীপৰ বিলক লৈ ৰচিত এই মূকাভিনয়ৰ ৰচনা আৰু পৰিচালনা যুৱ শিল্পী প্ৰতিভা বঁটা প্ৰাপক মিনাংক ডেকাৰ।
Read More