Sonakshi Sarkar

1785 Posts
ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই আজি বৃহৎ পৰ্দালৈ আহিবলৈ সক্ষম হৈছে, ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ মোৰ আৰু বিদুৰভাইৰ গোটেই দলটোৰ বাবে এটি সপোনৰ সাৰ্থকতাতকৈয়ো অধিক।" সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ কাহিনীৰে প্ৰাণ পাই উঠা চলচ্চিত্ৰখনৰ চিত্ৰনাট্যকাৰ হৈছে সুব্ৰত কাকতি; আনহাতে, সহকাৰী পৰিচালক হৈছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক হৈছে প্ৰণয় দত্ত, চিত্ৰগ্ৰহণকাৰী হৈছে বিতুল দাস, সহকাৰী চিনেমেট’গ্ৰাফাৰ হৈছে উত্তম কলিতা, ৰূপসজ্জা বিজেইতা পাটগিৰিৰ আৰু সাজসজ্জা জুৰি কলিতাৰ। বিদুৰভাই শীৰ্ষক বহুচৰ্চিত…
Read More
দাৰুল হিকমাহ একাডেমীৰ অভিভাৱক সভা

দাৰুল হিকমাহ একাডেমীৰ অভিভাৱক সভা

কয়াকুছিস্থিত দাৰুল হিকমাহ একাডেমীৰ এখন অভিভাৱক সভা  অনুষ্ঠিত হৈ যায়।  ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ যি গুৰু শিষ্যৰ সম্পৰ্ক সেই সন্দৰ্ভত বিচ্যুতি হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে । বিশিষ্ট সাংবাদিক ছাহেদ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি বিকাশ সন্দৰ্ভত বিশদভাৱে বক্তব্য  আগবঢ়ায় কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড ০ হান্নান আলী আহমেদৰ লগতে বিশিষ্ট সাংবাদিক তথা কয়াকুছি প্ৰেছ এচোছিয়েশ্যনৰ সভাপতি আব্দুল জলিলে । সভাখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়ৰ পৰিৱেশ তথা  ছাত্ৰ-শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্কই শিশুৰ বিকাশত অৰিহণা যোগাব বুলি মন্তব্য প্ৰকাশ কৰে। সভাখনত…
Read More
সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত ৫ জন জোৱান শ্বহীদ

সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত ৫ জন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সোমবাৰে সন্ধিয়াৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা এজন বিষয়াসহ পাঁচজন জোৱানৰ মঙলবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। খবৰ অনুসৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সোমবাৰে সন্ধিয়া ডোডা চহৰৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ দূৰত দেশা বনাঞ্চলত ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটৰ (এছঅ'জি) কৰ্মীয়ে যুটীয়া তালাচী অভিযান আৰম্ভ কৰাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। অভিযানৰ অলপ সময়ৰ পিছত গুলি চালনা কৰি সন্ত্ৰাসবাদীয়ে উক্ত স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে। এজন বিষয়াৰ নেতৃত্বত সাহসী জোৱানসকলে তেওঁলোকক প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলত ঘন অৰণ্যৰ মাজেৰে সন্ত্ৰাসবাদীক পিচা কৰে। তাৰ পিছত নিশা প্ৰায় ৯ বজাত বনাঞ্চলত আন এটা সংঘৰ্ষ হয়। এই সংঘৰ্ষত পাঁচজন সৈনিক গুৰুতৰভাৱে…
Read More
কেদাৰনাথৰ পৰা চুৰি ২২৮ কিলোগ্ৰাম সোণ

কেদাৰনাথৰ পৰা চুৰি ২২৮ কিলোগ্ৰাম সোণ

দিল্লীৰ বুৰাৰীত কেদাৰনাথ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত দেশৰ বহু ঠাইত প্ৰতিবাদ আৰম্ভ হৈছে। এতিয়া জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দে এই সন্দৰ্ভত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ তুলি সংবাদ মাধ্যমৰ আগত কয়, 'কেদাৰনাথত সোণৰ কেলেংকাৰী হৈছে, সেই বিষয়টো কিয় উত্থাপন কৰা হোৱা নাই?" তেওঁ কয়- এতিয়া সেই কেলেংকাৰী সংঘটিত কৰি দিল্লীত কেদাৰনাথ নিৰ্মাণ কৰিবলৈ ওলাইছে, পুনৰ অনা এটা কেলেংকাৰী হ'ব। কেদাৰনাথৰ পৰা ২২৮ কিলোগ্ৰাম সোণ চুৰি হৈছে। আজিলৈকে, ইয়াৰ ওপৰত কোনো অনুসন্ধান কৰা হোৱা নাই। ইয়াৰ বাবে কোন দায়ী? এতিয়া কোৱা হৈছে যে কেদাৰনাথ দিল্লীত নিৰ্মাণ কৰা হ'ব, এয়া হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত তেওঁ কয়-তেওঁ মোৰ ওচৰলৈ…
Read More
অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

গুৱাহাটীত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ মুল ৰাউণ্ডৰ মেচসমুহ আজিৰে পৰা আৰম্ভ হৈছে৷ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা আজিৰ মেচত ১২ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত জয়ৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ঃ ধনশিকা মহন্ত, দেৱাংশী তামুলী, আয়ুশ্ৰী নাথ, স্বৰা পাৱাৰ আৰু কৃষ্টি হালৈ৷ ১২ বছৰ অনূধ্বৰ্ ল’ৰাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰে ঃ আয়ান ৰহমান, নিব্ৰাছ হুছেইন, একলব্য ৰায়, আহন জৈন, থানুছ শেখৰ, বিহান মুলুকুটলা, উদিত প্ৰধান, শলোক আলণ্ড, জেগান আৰ ছেণ্টিকুমাৰ, আৰিয়ান ভৰালী, প্ৰতীচি বসু, তাকচেল নগৰ, ঈশানদীপ বড়ো, ৰিয়ান দত্ত, সৌৱিত বৰঠাকুৰ আৰু নিহাল এছ ৰেড্ডী৷ ইফালে, ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ…
Read More
ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপ

ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপ

গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমে ১১৮ টা সোণ, ১২১ টা ৰূপ, ১৬৫ টা ব্ৰঞ্জেৰে মুঠ ৪০৪ টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ বিজেতাৰ দলত পৰিণত হয়। নাগালেণ্ড দলে ২৮ টা সোণ, ১৬ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জসহ ৬০ টা পদকেৰে দ্বিতীয় স্থানত ৰয় । মণিপুৰে ৩৫ টা, অৰুণাচল প্ৰদেশে ২৬ টা, মেঘালয়ে ১০, ত্ৰিপুৰাই ৮ আৰু ছিকিমে ৩ টা পদক জয় কৰে ।‌অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত আই আই টি…
Read More
১২বছৰৰ পিছত ইউৰো কাপ ২০২৪ৰ খিতাপ দখল স্পেইনৰ

১২বছৰৰ পিছত ইউৰো কাপ ২০২৪ৰ খিতাপ দখল স্পেইনৰ

ইউৰো কাপ ২০২৪ৰ অন্তিমখন খেল মাজ নিশা অনুষ্ঠিত হয়।  ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ১২.৩০ বজাত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত খিতাপ মেচখনত স্পেইনে ইংলেণ্ডক পৰাস্ত কৰি খিতাপ জয় কৰে। এই বিজয়ৰ সৈতে, স্পেইন ইউৰো কাপৰ ইতিহাসৰ আটাইতকৈ সফল দল হৈ পৰে। ২০২৪ চনৰ ফাইনেলত স্পেইনে ইংলেণ্ডক ২-১ গ'লত পৰাস্ত কৰি ট্ৰফী জয় কৰে। খেলখনৰ একেবাৰে শেষত বিজয়ী গ'লটো কৰা হৈছিল, অন্যথা মেচখন পেনাল্টি শ্বুটআউটৰ ফালে আগবাঢ়ি আছিল।  এই বিজয়ৰ সৈতে, স্পেইনে চতুৰ্থবাৰৰ বাবে ইউৰো কাপ খিতাপ দখল কৰে, যিটো প্ৰতিযোগিতাখনৰ যিকোনো দলৰ সৰ্বাধিক খিতাপ। এনেদৰে স্পেইন প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হৈ পৰিছে। অৱশ্যে, স্পেইনে ১২বছৰৰ পিছত ইউৰো কাপ দখল কৰিছে। আনহাতে,…
Read More
গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী আৰক্ষীৰ কাষ চাপিছে | মহিলাগৰাকীৰ খবৰ লাভ কৰিলে 7896522707 নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে |
Read More
ছিপাঝাৰত আপত যোগদান শতাধিকৰ

ছিপাঝাৰত আপত যোগদান শতাধিকৰ

দৰং জিলাৰ ছিপাঝাৰ সাহিত্য সভা ভৱনত  আপৰ এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, দলৰ নেতা ৰমেন বৰঠাকুৰ আৰু নীলমণি শইকীয়াৰ উপস্থিতিত দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ পৌৰোহিত্যত  অনুষ্ঠিত যোগদান সভাত ভিন্ন দল ত্যাগ কৰি অহা শতাধিক নেতা - কৰ্মীয়ে আপত যোগদান কৰে। দলত নতুনকৈ যোগদান কৰা নেতা - কৰ্মী সকলক উদ্দেশ্যি উত্তৰ পূৰ্বাঞ্চলৰ আপৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। নতুনকৈ যোগদান কৰা সকলক দললৈ আদৰণি জনায় তেওঁ কয়,…
Read More
জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আৰক্ষীৰ যানবাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব-অভিযন্তা হেমন্ত দেউৰী ভৰালী, আৱকাৰী অধীক্ষক দেৱজিৎ নাথ, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি এনএইচএআই, লোকনিৰ্মাণ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। কামৰূপ…
Read More