09
Apr
বৰপেটা জিলাৰ বিভিন্ন স্থানত অবৈধ ভাবে চলাই অহা আই পি এল জুৱাৰ বিৰুদ্ধে বৰপেটা জিলাৰ আৰক্ষীয়ে কালি এক অভিযান চলাই জিলা খনৰ বিভিন্ন স্থানৰ পৰা আঠটা জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ দুই লাখ চৌৱন্ন হেজাৰ তিনিশ বিশ টকা আৰু কেবাটাওঁ মোবাইল ফোন আৰু কিছু নথি পত্ৰ জব্দ কৰে৷ জানিব পৰা মতে , বৰপেটা আৰক্ষী থানাৰ অধীনস্থ বৰপেটা জিলাৰ কমলপুৰ গাঁৱৰ বিশা মিঞাৰ পুত্ৰ আমিনুল ইছলামক আই পি এলৰ টিকট বিক্ৰী কৰা সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইপিনে হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হালাপাকুৰি গাঁৱৰ আজাহাৰ আলীৰ পুত্ৰ জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰীটোৰ পৰা আই পি এল জুৱাৰ সংখ্যা আৰু এটা নোটবুক…
