08
Apr
বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো-শুৱালকুছি সমষ্টিৰ নিজ হাজোত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোৰ হয়গ্ৰীৱ মাধৱ দোমোঠাৰগুৰিত দলীয় কৰ্মকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হৈ হাজো গাঁও পঞ্চায়তৰ অন্তৰ্গত বেজটোলা, কুমাৰপাৰা, গায়নটোলা আদি অঞ্চললৈ গৈ ঘৰে ঘৰে প্ৰচাৰ অভিযান চলায়। বিধায়িকা সুমন হৰিপ্ৰিয়াই ঘৰে ঘৰে প্ৰচাৰ অভিযান চলাই কয় এইবাৰ পদুম ফুলৰ ছবিত নহয়, এইবাৰ আপোনালোকে হাতীৰ ছবিত ভোট দিব লাগিব। হাতীৰ ছবিত ভোট দিয়া মানেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাব। আনহাতে অহা ৯ এপ্ৰিলত হাজোত মিত্ৰজোটৰ প্ৰাৰ্থী ফণিভূষণ চৌধুৰীৰ উপস্থিতিত হ'বলগীয়া সভাত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনায় বিধায়িকা সুমন হৰিপ্ৰিয়াই।…
