Sonakshi Sarkar

1402 Posts
পেৰিছ অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত মীৰাবাঈ চানু

পেৰিছ অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত মীৰাবাঈ চানু

টকিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৱে এটা সময়ত দ্বিতীয় অলিম্পিক পদক জয় কৰাৰ কাষ চাপিছিল কিন্তু তেওঁৰ অন্তিম প্ৰচেষ্টাত বিফল হোৱাৰ পিছত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত চতুৰ্থ স্থান লাভ কৰি দ্বিতীয়টো অলিম্পিক পদকৰ পৰা বঞ্চিত হয়। মীৰাবাঈয়ে মুঠ ১৯৯ কিলোগ্ৰামৰ বাবে স্নেচত ৮৮ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১১ কিলোগ্ৰাম উত্তোলন কৰে। ইয়াৰ সৈতে, তেওঁ মাত্ৰ এক কিলোগ্ৰামৰ বাবে পদকটো হেৰুৱায়। তেওঁ প্ৰতিযোগীতাৰ পিছত কয় - মই মোৰ প্ৰদৰ্শনত সুখী কিয়নো মোৰ আঘাতৰ পিছত প্ৰস্তুতি কৰিবলৈ মোৰ খুব কম সময় আছিল। মই অনুশীলনত ৮৫ কিলোগ্ৰাম উত্তোলন কৰি আছিলো আৰু মই এই অনুষ্ঠানতো সেইটো কৰিছিলো। মই ক্লিন…
Read More
মল্লযুদ্ধৰ পৰা অৱসৰৰ ঘোষণা বিনেশ ফোগাটৰ

মল্লযুদ্ধৰ পৰা অৱসৰৰ ঘোষণা বিনেশ ফোগাটৰ

পেৰিছ অলিম্পিকত সোণৰ পদকৰ খেলৰ পূৰ্বে অযোগ্য ঘোষণা হোৱাৰ পিছত মাকক সম্বোধন কৰা এক আৱেগিক বাৰ্তাত ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰে আৰু কয় যে তেওঁৰ আৰু খেলিবলৈ শক্তি নাই। বুধবাৰে মহিলাৰ ৫০ কিলোগ্ৰাম ফাইনেলৰ আগতে ১০০ গ্ৰাম  ওজন অধিক হোৱা বাবে বিনেশক অযোগ্য ঘোষণা কৰা হৈছিল। তেওঁ ছ'চিয়েল মিডিয়াত অৱসৰ ঘোষণা কৰিছে। মাক প্ৰেমলতাক সম্বোধন কৰি ২৯ বছৰীয়া তাৰকাগৰাকীয়ে লিখিছে, "মা, মোৰ ক্ষেত্ৰত মল্লযুদ্ধ জয়ী হৈছে , মই পৰাজিত হৈছোঁ। ক্ষমা কৰিব। আপোনাৰ সপোন, মোৰ সকলো সাহস ভংগ হৈছে। এতিয়া আৰু কোনো শক্তি নাই। গুডবাই ৰেষ্টলিং ২০০১-২০২৪। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম।…
Read More
সমল ব্যক্তিৰ প্ৰশিক্ষণ সমাপ্তনিপুণ অসমৰ

সমল ব্যক্তিৰ প্ৰশিক্ষণ সমাপ্তনিপুণ অসমৰ

বৰপেটা জিলাৰ ডায়েট আৰু পূৰ্বাঞ্চল বিবাহ ভৱনত আৰম্ভ হোৱা সমল ব্যক্তিসকলৰ ৫ দিনীয়া মণ্ডল ভিত্তিক আবাসিক প্ৰশিক্ষণ সোমবাৰে সফলতাৰে‌‌ সমাপ্ত হয়। বৰপেটা আৰু নলবাৰী জিলাৰ মুঠ ২২৮ জন‌ সমল ব্যক্তি এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে। শেষত প্ৰশিক্ষণস্থলীত এক শিকন শিক্ষণ সামগ্ৰীৰ মেলাও অনুষ্ঠিত কৰা হয়। মেলাত অংশগ্ৰহণকাৰী সকলৰ ভিতৰৰ শ্ৰেষ্ঠ তিনিজন TLM প্ৰস্তুতকৰ্তাক পুৰস্কৃত কৰা হয়। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বৰপেটা শিক্ষাখণ্ডৰ শিক্ষা বিষয়া সমীন বৈশ্যই । সভাত সমগ্ৰ শিক্ষাৰ বৰপেটা জিলাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া চিতাংগ ডেকা, নলবাৰী জিলাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া আবেদুৰ ৰহমান, বৰপেটা জিলাৰ এফ এল এন জিলা প্ৰালোচক মিনাক্ষী দাস,…
Read More
ভূপেন বৰাক প্ৰত্যাহ্বান আপ নেতাৰ

ভূপেন বৰাক প্ৰত্যাহ্বান আপ নেতাৰ

বিৰোধী ঐক্য মঞ্চৰ বৈঠকত আম আদমী পাৰ্টিৰ অনুপস্থিতি সন্দৰ্ভত সংবাদমেল যোগে দলৰ স্থিতি স্পষ্ট কৰিলে আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য মামুন ইমদাদুল হক চৌধুৰীয়ে । গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেতাগৰাকীয়ে কয়, " লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া জোঁট বন্ধনৰ সমান্তৰাল ভাৱে অসমত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবৰ বাবে ১৬ টা কৈ বিৰোধী ৰাজনৈতিক দলৰ এক শক্তিশালী মঞ্চ গঠন কৰা হৈছিল। সুদীৰ্ঘ ৮ মাহ ধৰি বিৰোধী ঐক্যৰ স্বাৰ্থত আমি কথা পাতিছিলোঁ। কিন্তু মঞ্চৰ সভাপতি পদত অধিষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত সংকীৰ্ণ বুজাবুজিৰ ভিত্তিত কংগ্ৰেছে ডিব্ৰুগড় লোকসভা সমষ্টি লুৰিণজ্যোতি…
Read More
ভাৰত – বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি

ভাৰত – বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি

বাংলাদেশত সোমবাৰে ৰাজনৈতিক পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত সীমান্ত সুৰক্ষা বাহিনীয়ে ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে। বিএছএফৰ কাৰ্যকৰী সঞ্চালক প্ৰধান (ডিজি) দলজিৎ সিং চৌধুৰী আৰু অন্যান্য জ্যেষ্ঠ কমাণ্ডাৰসকলে নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ পশ্চিম বংগৰ ফৰৱাৰ্ড ভ্ৰমণ কৰে। ডিজি দিল্লীৰ পৰা উৰা মাৰি সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত কলকাতাত উপস্থিত হয়। ডিজিয়ে উত্তৰ ২৪ পৰগণা জিলা আৰু সুন্দৰবন অঞ্চলৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি বিএছএফে তেঁওলোকৰ সকলো ফিল্ড কমাণ্ডাৰক সীমান্তত কৰ্তব্যৰত সকলো কৰ্মচাৰীক তৎক্ষণাৎ নিয়োজিত কৰিবলৈ নিৰ্দেশ দিছে। বাংলাদেশৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, বিএছএফে সমগ্ৰ ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কবাণী জাৰি কৰিছে আৰু সীমান্তত নিয়োজিত সৈন্যৰ শক্তি বৃদ্ধি কৰা কৰিছে।…
Read More
অনিৰ্দিষ্ট কাললৈ স্থগিত ভাৰত – বাংলাদেশৰ ৰেল সেৱা

অনিৰ্দিষ্ট কাললৈ স্থগিত ভাৰত – বাংলাদেশৰ ৰেল সেৱা

ভাৰত আৰু বাংলাদেশৰ মাজত সকলো ৰে'ল সেৱা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। ৰেল বিভাগে এই কথা প্ৰকাশ কৰিছে। বাংলাদেশৰ অস্থিৰতাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে। ৰে'ল মন্ত্ৰালয়ৰ মতে, মৈত্ৰী এক্সপ্ৰেছ, বন্ধন এক্সপ্ৰেছ আৰু মিতালী এক্সপ্ৰেছে এই বছৰৰ জুলাইৰ মাজভাগত ৰে'লকেইখনে অন্তিম ভ্ৰমণ কৰিছিল আৰু তেতিয়াৰ পৰা বাংলাদেশত হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবে বাতিল কৰা হৈছে। মৈত্ৰী এক্সপ্ৰেছ আৰু বন্ধন এক্সপ্ৰেছ দুয়োখন প্ৰথমতে ১৯ জুলাইৰ পৰা ৬ আগষ্ট লৈ বাতিল কৰা হৈছিল, মন্ত্ৰালয়ে কয়। অৱশ্যে, ৰে'লৱে কয় যে বাংলাদেশৰ বিদ্যমান পৰিস্থিতিৰ বাবে বাতিলকৰণ অনিৰ্দিষ্ট কাললৈ বৃদ্ধি কৰা হৈছে। মিতালী এক্সপ্ৰেছৰ সেৱাও অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। যাত্ৰীবাহী ৰে'ল সেৱাৰ উপৰিও…
Read More
৭ আগষ্টত অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিব মীৰাবাঈ চানুৱে

৭ আগষ্টত অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিব মীৰাবাঈ চানুৱে

টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানু অৱশেষত পেৰিছত উপস্থিত হৈছে। যোৱা কেইসপ্তাহমান ধৰি ফ্ৰান্সত প্ৰশিক্ষণ লৈ থকা চানুৱে এতিয়া অলিম্পিক ভিলেজত উপস্থিত হৈছে। পেৰিছ অলিম্পিকত চানু ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ পদকৰ দাবীদাৰ। তেওঁ ৭ আগষ্টত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মীৰাবাঈ চানুৱে ২০১৬ৰ ৰিঅ' অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল, য'ত তেওঁ ক্লিন এণ্ড জাৰ্ক শ্ৰেণীৰ তিনিওটা প্ৰচেষ্টাত বিফলতাৰ বাবে ইভেণ্টটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। অৱশ্যে, তেওঁ টকিঅ' অলিম্পিক ২০২০ ত ৰূপৰ পদক জিকি এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছিল। যোৱা কেইবছৰমান মীৰাবাঈ চানু আঘাতৰ সৈতে যুঁজি আছিল, যাৰ বাবে তেওঁ বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। ইয়াৰ স্বত্ত্বেও, তেওঁ কমনৱেলথ গেমছত তিনিটা পদক…
Read More
পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি

গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ সোণৰ পদক লাভ কৰিছে ওড়িছাৰ ল’ৰাৰ দল তথা ঝাৰখণ্ডৰ ছোৱালী দলে ৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা ল’ৰা আৰু ছোৱালীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দূয়োখন ফাইনেল তথা ব্ৰঞ্জ পদকৰ উভয় শাখাৰ মেচ অনুষ্ঠিত হয়৷ ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ল’ৰাৰ ফাইনেলত ওড়িছাই শ্বুটআউটত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে ঝাৰখণ্ডক৷ নিৰ্ধাৰিত সময়ত খেলখন গলশূন্য হৈছিল৷ ঝাৰখণ্ডে ৰূপ লাভ কৰাৰ বিপৰীতে মনিপুৰৰ ল’ৰাৰ দলে বিহাৰক ১৩-১ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷ ইফালে, ছোৱালীৰ শাখাৰ ফাইনেল মেচখনো শ্বুটআউটৰ জড়িয়তে ফলাফল নিৰ্ণয় কৰা হয়৷ ঝাৰখণ্ডে ৩-০ ত ওড়িছাক পৰাস্ত কৰি সোণ লাভ…
Read More
বৰপেটা বিজেপিৰ কার্য্যালয়ত পর্যালোচনা সভা

বৰপেটা বিজেপিৰ কার্য্যালয়ত পর্যালোচনা সভা

বৰপেটা জিলাৰ অন্তৰ্গত প্রতিটো বুথত দলৰ স্থিতি আৰু দলৰ বিভিন্ন দিশ সন্দৰ্ভত এখন পৰ্যালোচনা সভা বিজেপি বৰপেটা জিলা কার্য্যালয়ত অনুষ্ঠিত হয়। উক্ত পর্যালোচনা সভাত পর্যবেক্ষক হিচাপে উপস্থিত থাকে বিজেপিৰ  অসম প্রদেশৰ উপ-সভাপতি তথা বৰপেটা জিলা বিজেপি ৰ প্রভাৰী  জয়ন্ত কুমাৰ দাস আৰু বিজেপি অসম প্রদেশৰ  সম্পাদক জগদীশ দত্তই। ইয়াৰ উপৰি ক্ৰমে  সৰভোগ-ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ,বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস, সাধাৰণ সম্পাদক  হেমন্ত কুমাৰ দেউৰী, সাধাৰণ সম্পাদিকা নিপা মণি কলিতা,ৰাজ্যিক বিজেপিৰ প্রশিক্ষণ বিভাগৰ আহ্বায়ক ব্রজ কুমাৰ দাস, বৰপেটা জিলা বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী জয়া দাস,দলৰ জ্যেষ্ঠ কাৰ্য্যকতা মহেন দাস  আদিকে কৰি দলৰ সকলো স্তৰৰ কাৰ্য্যকতাসকলে উপস্থিত থাকি সভাখন…
Read More
বৰপেটাৰ বৰ্ণিল কুমাৰ দাসৰ সাফল্য

বৰপেটাৰ বৰ্ণিল কুমাৰ দাসৰ সাফল্য

তেজপুৰত অনুষ্ঠিত হোৱা ৭বছৰ অনুৰ্ধ্ব, ১১ বছৰ অনুৰ্ধ্ব, ১৫ বছৰ অনুৰ্ধ্ব শাখাৰ সদৌ অসম আন্তজিলা দবা প্ৰতিযোগিতাত বৰপেটাৰ বৰ্ণিল কুমাৰ দাস ১৫ বছৰ অনুৰ্ধ্ব ল'ৰাৰ শাখাত চেম্পিয়ন হবলৈ সক্ষম হয়। বৰ্ণিল কুমাৰ দাস বৰপেটা চেণ্ট পল বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। উল্লেখ্য যে,ময়ুৰী-দুৱৰী দবা অনুশীলন কেন্দ্ৰ(চন্দন কুমাৰ দাসৰ ঘৰ)ত বৰ্ণিলে ৰাতি নিয়মীয়াকৈ দবা অনুশীলন কৰিছিল। বৰ্ণিলৰ সফলতাৰ বাবে পিতৃ-মাতৃ, খুড়া , ককা-আইতাৰ অৰিহণা আছে। বৰ্ণিলৰ কৃতিত্বত বিভিন্নজনে শুভেচ্ছা জনাইছে চেণ্ট পল বিদ্যালয়ৰ অধ্যক্ষক।
Read More