12
Aug
স্বনামধন্য অপেছাদাৰী নাট্য সংগঠন "মুখা"ই ইতিপূৰ্বে অবিৰতভাৱে প্ৰদৰ্শন কৰি অহাৰ দৰে এইবেলিও অহা ১৬,১৭ আৰু ১৮ আগষ্টত তিনিটা দিনৰ বাবে নৱম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ, ২০২৪ অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰীয় নাট বিদ্যালয়, চিকিমৰ সহযোগত অনুষ্ঠিতব্য এই নাট সমাৰোহৰ বাবে "মুখা" বৰপেটাই ব্যাপক প্ৰস্তুতি চলাইছে । নাট্য প্ৰেমী সকলৰ বাবে এই নাট সমাৰোহ হ'ব সম্পূৰ্ণ বিনামূলীয়া । "মুখা"ই জনোৱা মতে তিনি দিনৰ নাট্য কাৰ্যসূচীত প্ৰথম দিনাখন অৰ্থাৎ অহা ১৬ আগষ্টৰ সন্ধিয়া ৬-৪৫ বজাত 'সূৰুযমুখী এণ্ড হেমলেট' নাটকেৰে নৱম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ শুভাৰম্ভ কৰা হ'ব। আনহাতে ১৭ আগষ্টত দ্বিতীয় নিশা মঞ্চস্থ কৰা হ'ব 'চফেদ লকীৰ'…
