17
Dec
এতিয়াৰে পৰা আপোনাৰ পোহনীয়া কুকুৰটোৰ আচৰণৰ বাবে আপুনি আইনী সংকটত পৰিব পাৰে। উত্তৰাখণ্ডৰ দেৰাডুনত পোহনীয়া কুকুৰে কোনো ব্যক্তিক কামুৰিলে তাৰ গৰাকীৰ বিৰুদ্ধে চিধাই এজাহাৰ পঞ্জীয়ন কৰা হ'ব। কুকুৰৰ আক্ৰমণৰ বৰ্ধিত ঘটনা, বিশেষকৈ 'ৰটৱেইলাৰ'ৰ দৰে আক্ৰমণাত্মক প্ৰজাতিৰ উপদ্ৰৱ ৰোধ কৰিবলৈ পৌৰ নিগমে এই কঠোৰ 'দেৰাডুন কুকুৰ অনুজ্ঞাপত্ৰ উপ-আইন-২০২৫' প্ৰস্তুত কৰিছে। নতুন নিয়ম অনুসৰি, কেৱল জৰিমনা বিহাৰ উপৰিও আৰক্ষীৰ গোচৰত পৰিব লাগিব গৰাকী। আনকি পৌৰ নিগমে সেই কুকুৰটোক নিজৰ জিম্মালৈ লৈ যোৱাৰো অধিকাৰ থাকিব। চৰকাৰী অধিসূচনাত প্ৰকাশ পোৱাৰ পিছৰে পৰা এই নিয়ম কাৰ্যকৰী হ'ব। ইয়াৰ ফলত কুকুৰ পালকসকলে পূৰ্বতকৈ অধিক দায়িত্বশীল হ'বলৈ বাধ্য হ'ব। পঞ্জীয়নৰ ক্ষেত্ৰতো পৌৰ নিগমে নতুন নিৰ্দেশনা জাৰি কৰিছে।…
