22
Dec
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যিকোনো গুৰুত্বপূৰ্ণ অভিযানৰ পূৰ্বে আধ্যাত্মিক আশীৰ্বাদ বিচৰাৰ যি পৰম্পৰা যুগ যুগ ধৰি পালন কৰি আহিছে, তাৰ পুনৰাবৃত্তি ঘটিল সোমবাৰে। আগন্তুক এক অত্যন্ত গুৰুত্বপূৰ্ণ মহাকাশ অভিযানৰ সফলতা কামনা কৰি ইছৰোৰ মুৰব্বী ড° ভি নাৰায়ণন আৰু জ্যেষ্ঠ বিজ্ঞানীসকলৰ এটা দলে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতি দেৱস্থানম দৰ্শন কৰে। পবিত্ৰ পাহাৰীয়া মন্দিৰটোত ভগৱান ভেংকটেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাই বিজ্ঞানীৰ দলটোৱে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আশীৰ্বাদ গ্ৰহণ কৰে। মহাকাশ বিজ্ঞানৰ উচ্চ প্ৰযুক্তিৰ সৈতে এনে আধ্যাত্মিক বিশ্বাসৰ এক বিৰল সমন্বয় ইছৰোৰ প্ৰতিটো বৃহৎ পদক্ষেপৰ এক অবিচ্ছেদ্য অংশ হিচাপে বিবেচিত হৈ আহিছে। ইছৰোৰ এই প্ৰাৰ্থনাৰ অন্তৰালত আছে ২৪ ডিচেম্বৰত হ'বলগীয়া এক বৃহৎ অভিযানৰ লক্ষ্য। শ্ৰীহৰিকোটাৰ সতীশ…
