27
Dec
ধৰ্ম আৰু বিশ্বাসৰ নামত ভণ্ডামি তথা প্ৰৱঞ্চনা চলাই অহা লোকসকলক এসেকা দিবলৈ উত্তৰাখণ্ড চৰকাৰে আৰম্ভ কৰা 'অপাৰেচন কালনেমি' এতিয়া তীব্ৰতৰ হৈ পৰিছে। ৰাজ্যখনৰ তিনিখন গুৰুত্বপূৰ্ণ জিলাত চলোৱা এই বিশেষ অভিযানত এতিয়ালৈকে ১৯ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীসহ মুঠ ৫১১ জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে চৰকাৰী সূত্ৰই জনোৱা এই তথ্যই এতিয়া 'দেৱভূমি'ৰ নিৰাপত্তা আৰু সামাজিক পৰিৱেশক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে। যোৱা জুলাই মাহৰ পৰা সমগ্ৰ ৰাজ্যতে চলি থকা এই অভিযানৰ অধীনত হৰিদ্বাৰ, ডেৰাডুন আৰু উধাম সিং নগৰ জিলাত এতিয়ালৈকে ৪,৮০০ তকৈও অধিক লোকৰ নথি-পত্ৰ পৰীক্ষা কৰা হৈছে। এই পৰীক্ষণৰ পাছতেই অবৈধভাৱে বাস কৰা ১৯ জন বাংলাদেশীক চিনাক্ত কৰা হয়। ইয়াৰ ভিতৰত…
