30
Dec
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় ক্ৰিকেট দলে ১৮৪ ৰানত পৰাজয়ৰ সন্মুখীন হয়। এই পৰাজয়ৰ সৈতে, ভাৰতীয় দলটো শৃংখলাটোত ২-৩ ত পিছ পৰিছে। মেলবৰ্ণত ভাৰতে ১৩ বছৰৰ পিছত অষ্ট্ৰেলিয়াৰ হাতত টেষ্টত পৰাস্ত হৈছে।মেলবৰ্ণত পৰাজয়ে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ফাইনেলত উপনীত হোৱাৰ সম্ভাৱনাকো বিপদত পেলাইছে। এতিয়া টীম ইণ্ডিয়াই ডব্লিউটিচিৰ ফাইনেলত নিজৰ স্থান অৰ্জন কৰিবলৈ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। উল্লেখ্য যে টেষ্ট খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ৪৭৪ ৰান সংগ্ৰহ কৰে। ইয়াত ষ্টিভ স্মিথৰ ১৪০ ৰানৰ সুন্দৰ শতক অন্তৰ্ভুক্ত আছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে তেওঁলোকৰ প্ৰথম ইনিংছত ৩৬৯ ৰান সংগ্ৰহ কৰে। নীতিশ কুমাৰ ৰেড্ডীয়ে ভাৰতৰ হৈ ১১৪ ৰান…