09
Mar
ডিফুৰ লগতে কাৰ্বি আংলং জিলাৰ ৰে’ল যাত্ৰীসকলৰ বাবে আহিছে এক অতি আনন্দৰ খবৰ। জনপ্ৰিয় ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰে’লখনৰ বাবে ডিফু ৰে’ল ষ্টেচনত শনিবাৰে আনুষ্ঠানিকভাৱে এটা নতুন আস্থান বা ষ্টপেজ মুকলি কৰা হয়। পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ৰে’ল মন্ত্ৰালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই উপলক্ষে দেওবাৰে ডিফু ৰে’ল ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। স্থানীয় সাংসদ অমৰসিং তিছ’ৱে অতিথি হিচাপে উপস্থিত থাকি ৰাজধানী এক্সপ্ৰেছৰ এই নতুন আস্থানটো আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানটোত ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। এই নতুন…
