Sonakshi Sarkar

452 Posts
৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

অসম- মেঘালয় আন্ত:ৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ পুনৰ এবাৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। সোমবাৰে মহানগৰীৰ কইনাধৰাৰ অতিথি শালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বহু বিষয়ৰ ওপৰত আলোচনা কৰে। মহানগৰীৰ কৃত্ৰিম বান, সীমা বিবাদকে ধৰি বহু বিষয়ৰ ওপৰত আজিৰ বৈঠকত আলোচনা হয়। পূৰ্বে দুই পক্ষৰ মাজত হোৱা বৈঠকত এক সিদ্ধান্তত মিলিত হৈ ৬ টা স্পৰ্শকাতৰ অঞ্চলক লৈ চুক্তি স্বাক্ষৰ হৈছিল। সেই চুক্তি এতিয়া সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিবাদ মান ৬ টা অঞ্চলক লৈ স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি পিলিংকাতাক বাদ দি বাকী ৫ টা…
Read More
১১ বছৰৰ পিছত প্ৰথমবাৰলৈ ফাইনেলত পঞ্জাব কিংছ

১১ বছৰৰ পিছত প্ৰথমবাৰলৈ ফাইনেলত পঞ্জাব কিংছ

শ্ৰেয়াছ আয়েৰে ৪১ বলত অপৰাজিত ৮৭ ৰান সংগ্ৰহ কৰি দেওবাৰে দ্বিতীয় কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি পঞ্জাব কিংছক ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে, যাৰ ফলত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে এই ছিজনত নতুন চেম্পিয়ন লাভ কৰাটো নিশ্চিত হয়। এতিয়া ৩ জুনত পঞ্জাৱে ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ বিৰুদ্ধে খেলিব আৰু ১৮ বছৰত এবাৰো খিতাপ দখল কৰিব পৰা নাই দুয়োটা দলে। যোৱা বছৰ কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ দখল কৰোৱা শ্ৰেয়াছে পৰিপক্ক ইনিংছ খেলি ১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পঞ্জাবক ফাইনেললৈ লৈ যায়। মুম্বাইৰ বিপজ্জনক বলিং আক্ৰমণৰ সন্মুখত ২০৪ ৰানৰ লক্ষ্য সহজ নাছিল যদিও শ্ৰেয়াছে আগ্ৰাসী বেটিঙৰ এক নতুন সংজ্ঞা সৃষ্টি কৰে। তেওঁ…
Read More
ন্যায়াধীশ এন ভি অঞ্জৰিয়া, বিজয় বিষ্ণোই, এ এছ চন্দুৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত

ন্যায়াধীশ এন ভি অঞ্জৰিয়া, বিজয় বিষ্ণোই, এ এছ চন্দুৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে শুকুৰবাৰে ন্যায়াধীশ এন ভি অঞ্জৰিয়া, ন্যায়াধীশ বিজয় বিষ্ণোই আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱায়। উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত অনুষ্ঠিত এক অনুষ্ঠানত ন্যায়াধীশসকলক শপত বাক্য পাঠ কৰোৱায় । এই ন্যায়াধীশসকলৰ শপত গ্ৰহণৰ লগে লগে মুখ্য ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ত সম্পূৰ্ণৰূপে কাৰ্যক্ষম ন্যায়াধীশৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ অঞ্জৰিয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিষ্ণোই আৰু বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত নিযুক্তিৰ কথা ঘোষণা কৰে…
Read More
১৪ জুনৰপৰা বছৰজোৰা দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন

১৪ জুনৰপৰা বছৰজোৰা দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন

দিলীপ শৰ্মা জন্মশতবৰ্ষ উদযাপনৰ বছৰজোৰা কাৰ্যসূচী অহা ২২ জুনৰ পৰা আগুৱাই আনি অহা ১৪ জুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ১৪ জুনত বক্তৃতানুষ্ঠান  আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে দিলীপ শৰ্মা জন্ম  শতবৰ্ষ আৰম্ভ হ'ব। দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কাৰ্যনিৰ্বাহকৰ বৈঠকত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰয়াত দিলীপ  শৰ্মাৰ সৈতে বহু অনুষ্ঠানত গীত পৰিৱেশন কৰা বিশিষ্ট শিল্পী তথা পশ্চিম বঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, কলকতা নিবাসী শুভপ্ৰসাদ নন্দী মজুমদাৰে শতবৰ্ষ উদ্বোধনী কাৰ্যসূচীত "প্ৰয়াত দিলীপ শৰ্মা আৰু গণনাট্য আন্দোলন" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। বক্তৃতানুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি এক চমু সাংস্কৃতিক কাৰ্যসূচীৰো উক্ত দিনা আয়োজন কৰা হৈছে৷…
Read More
ছিংগাপুৰ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পি ভি সিন্ধু

ছিংগাপুৰ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পি ভি সিন্ধু

কানাডাৰ ৱেন ইউ জাঙক পোনপটীয়া খেলত পৰাস্ত কৰি মঙলবাৰে ছিংগাপুৰ অ’পেন ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে। মাত্ৰ ৩১ মিনিটতে সিন্ধুৱে ২১-১৪,২১-৯ত জয়ী হয়। দ্বিতীয় ৰাউণ্ডত বিশ্বৰ পাঁচ নম্বৰ আৰু টকিঅ’অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী চীনৰ চেন ইউ ফেইৰ বিৰুদ্ধে খেলিব। অৱশ্যে প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ প্ৰিয়ংশু ৰাজাৱত, কিৰণ জৰ্জ, আনমোল খাৰব, মালবিকা বনছোদ বাহিৰ হয়। মালবিকাক পৰাস্ত কৰে অষ্টম স্থানৰ থাইলেণ্ডৰ সুপানীদা কেথঙে ১৪.২১, ২১.১৮, ২১.১১ত পৰাস্ত কৰাৰ বিপৰীতে প্ৰিয়ংশুক সপ্তম স্থানৰ জাপানৰ কোদাই নাৰাওকাই ১৪-২১, ২১-১০, ২১-১৪ত পৰাস্ত কৰে। মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টো চীনৰ…
Read More
প্লে অফৰ শীৰ্ষ ২ত স্থান পঞ্জাব কিংছ

প্লে অফৰ শীৰ্ষ ২ত স্থান পঞ্জাব কিংছ

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত খেলা পঞ্জাব কিংছে সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে  জয় লাভ কৰি আই পি এল ২০২৫ প্লে অফত শীৰ্ষ ২ৰ ভিতৰত স্থান নিশ্চিত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ খেলখনত পঞ্জাবে মুম্বাইক ৭ উইকেটত পৰাস্ত কৰি প্ৰথম কোৱালিফায়াৰত প্ৰৱেশ কৰে। টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে দ্ৰুত আৰম্ভণি কৰে। পাৱাৰপ্লে’ত ৰোহিত শৰ্মা (২৪) আৰু ৰিয়ান ৰিকেল্টনে (২৭) ৰান সংগ্ৰহ কৰি ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে। ইয়াৰ পাছতে সূৰ্যকুমাৰ যাদৱে (৫৭ ৰান) নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখি ইনিংছটো স্থিৰ কৰি ৰাখে। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ২৬ ৰান আৰু নমন ধীৰে ২০ ৰান আগবঢ়ায়। শেষৰ অভাৰত আৰ্শদ্বীপ…
Read More
পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা

পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা

গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী  পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত পূৰ্বতকৈ বৃদ্ধি পাইছে পৰ্যটক আৰু দৰ্শনাৰ্থীৰ সংখ্যা। একেদৰে ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি পাইছে। ইফালে ২৪ মে'ত ২০২৪-২৫ বৰ্ষৰ পৰ্যটন বৰ্ষৰ  সামৰণিও পৰিছে । বিগত ২০২৪ বৰ্ষৰ ১৫ অক্টোবৰত পবিতৰা অভয়াৰণ্যত আৰম্ভ  হৈছিল পৰ্যটক বর্ষ ।  বিগত ২০২৩-২৪ বৰ্ষতকৈ ২৪ মে'ত সামৰণি পৰা পৰ্যটন বৰ্ষত প্ৰায় চাৰি হাজাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। একেদৰে  বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণো। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া প্রাঞ্জল বৰুৱাই জানিবলৈ দিয়া এইবেলি পৰ্যটন বর্ষত মুঠ ৩৪,৫৭৭ জন পৰ্যটকে অভয়াৰণ্যখন দৰ্শন কৰে। ইয়াৰ ভিতৰত ৩৩,৯৪০ জন ভাৰতীয় আৰু ৬৩৭ জন বিদেশী পৰ্যটক আছিল । ইয়াৰ বিপৰীতে পৰ্যটক আৰু…
Read More
ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক শুভমান গিল

ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক শুভমান গিল

ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ শৃংখলাৰ পূর্বে শনিবাৰে ভাৰতৰ নতুন টেষ্ট অধিনায়ক হিচাপে শুভমান গিলক নিযুক্তি দিয়াৰ বিপৰীতে ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়৷ দলৰ নেতৃত্বৰ ওপৰত নিৰ্বাচকসকলৰ এই সিদ্ধান্ত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত লোৱা হৈছে। যুৱ বাওঁহাতৰ বেটছমেন বি ছাই সুধৰচনক প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়। ৭ বছৰৰ মূৰত পুনৰ ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিছে কৰুণ নাইৰ। দ্ৰুত বলাৰ মহম্মদ ছামীক দলৰ পৰা বাদ দিয়া হৈছে। এই দীঘলীয়া ছিৰিজৰ বাবে তেওঁক যথেষ্ট ফিট বুলি গণ্য কৰা হোৱা নাছিল। দল ঘোষণাৰ পাছত বাছনিৰ অধ্যক্ষ অজিত আগৰকাৰে কয় যে যোৱা বছৰ বা তাৰ আগতেও আমি শুভমানক…
Read More
ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্বৰ দৌৰৰ শীৰ্ষত শুভমান গিল

ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্বৰ দৌৰৰ শীৰ্ষত শুভমান গিল

বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত ভাৰতীয় ক্ৰিকেটত পৰিৱৰ্তনৰ এক নতুন যুগ আৰম্ভ হ’ব যেতিয়া ৰাষ্ট্ৰীয় নিৰ্বাচক দলে শনিবাৰে ইংলেণ্ডৰ পাঁচখন টেষ্ট ভ্ৰমণৰ বাবে নতুন টেষ্ট অধিনায়ক বাছনি কৰিব। ইংলেণ্ড ভ্ৰমণৰ লগে লগে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰ আৰু ২৫ বছৰীয়া শুভমান গিলে অধিনায়কত্বৰ দৌৰত আগবাঢ়ি আছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিমখন ভ্ৰমণত জছপ্ৰিত বুমৰাহ উপ অধিনায়ক আছিল আৰু তেওঁক অধিনায়কত্ব দিয়া উচিত আছিল যদিও তেওঁৰ ফিটনেছ আৰু ৱৰ্কলোড মেনেজমেণ্টৰ কথা বিবেচনা কৰিলে তেওঁ হয়তো দৌৰত পিছ পৰি থাকিব পাৰে। আই পি এলত ঋষভ পণ্ট সম্পূৰ্ণ ব্যৰ্থ আছিল যদিও টেষ্ট ফৰ্মেটত পৰিৱৰ্তনৰ পৰ্যায়ৰ সন্মুখীন হ’বলগীয়া ভাৰতীয় দলটোৰ তেওঁ অবিচ্ছেদ্য…
Read More
আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ বাবে চতুৰ্থ আৱাসিক ওৰং প্ৰকৃতি শিবিৰ অনুষ্ঠিত

আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ বাবে চতুৰ্থ আৱাসিক ওৰং প্ৰকৃতি শিবিৰ অনুষ্ঠিত

“অসমৰ মনোমোহা ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যবোৰ কেৱল প্ৰাকৃতিক সম্পদৰ ভৰাঁলেই নহয়, এইবোৰ অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্যৰো ধ্বজাবাহক। সম্পদেৰে ভৰপূৰ এই সংৰক্ষিত অঞ্চল সমূহৰ বহনক্ষম সংৰক্ষণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটী কৰা নাই।” ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অনুষ্ঠিত কৰা “চতুৰ্থ ওৰাং প্ৰকৃতি শিবিৰ ২০২৫” অলপতে উদ্বোধন কৰি অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ড: বিনয় গুপ্তাই এই মন্তব্য কৰে । চাৰিদিনীয়া এই অৱাসিক প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক সম্বোধি ড: গুপ্তাই কয় যে এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আয়োজিত এনে শিবিৰে তেওঁলোকক প্ৰকৃতিৰ কোলাত বহি প্ৰকৃতিক নিৰীক্ষণ কৰি…
Read More