16
Apr
ষ্টাফৰিপোৰ্টাৰ, ১৬ এপ্ৰিল, জনসমাগমৰ ফলত কোভিড -১৯ সংক্ৰমণ বৃদ্ধি হয়,যাৰ বাবে সামাজিক ব্যৱধান আৰু শেহতীয়াকৈ শাৰীৰিক ব্যৱধান প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। সেয়ে হেমোডায়েলাইছিছ গ্ৰহণ কৰা বৃক্ক ৰোগীসকলৰ বাবে এয়া এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে।"কোভিড -১৯ মহামাৰীৰ সাম্প্ৰতিক সময়ত এণ্ড ষ্টে' ডিজিজ(ই এছ আৰ ডি) ৰোগীসকল অত্যন্ত সাৱধান আৰু সতৰ্ক হোৱা উচিত, কিয়নো আন ৰোগৰ লগতে চি কে ডিৰ সৃষ্টি হয়। এই ৰোগীসকলে দুবাৰ-তিনিবাৰ হেমোডায়েলাইছিছ লোৱা দৰকাৰ। চি এ ডি পি ৰোগীসকল ঘৰৰ পৰা বাহিৰ ওলাব নালাগে। বৰ্তমান সময়ত এয়াই হৈছে শ্ৰেষ্ঠ বিকল্প"। এনেদৰে কয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেফ্ৰ'লজী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ মঞ্জুৰী শৰ্মাই। ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ…