Piyali Poddar

117 Posts
অসমত লো-ৰ খনিৰ সম্ভেদ

অসমত লো-ৰ খনিৰ সম্ভেদ

আনুষ্ঠানিকভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় খনিজ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে অসম। স্বাভাৱিকতেই অসমৰ বাবে ই এক ভাল খবৰ। অসমৰ ধুবুৰী জিলাত প্ৰচুৰ পৰিমানৰ আকৰিক লো থকাৰ সম্ভেদ পোৱা গৈছে। ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চান্দৰডিঙা অঞ্চলত প্ৰায় ১৮.২৯ মিলিয়ন টন আৰু ৩৭.৪৫% গড় গ্ৰেডৰ আকৰিক লোৰ খনিৰ সম্ভেদ পোৱা গৈছে।ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চান্দৰডিঙা অঞ্চলত প্ৰায় ১৮.২৯ মিলিয়ন টন আৰু ৩৭.৪৫% গড় গ্ৰেডৰ আকৰিক লোৰ খনিৰ সম্ভেদ পোৱা গৈছে।ভাৰতীয় ভূতাত্ত্বিক জৰীপে ২০২৫ চনৰ জুন মাহত প্ৰকাশ পোৱা শেহতীয়া হাতপুথি “জিঅ’লজিকেল পটেনচিয়েল অৱ নৰ্থ-ইষ্ট ইণ্ডিয়া”ত এই তথ্য প্ৰকাশ কৰিছে। পূৰ্বৰ জৰীপসমূহে এই খনিজৰ উপস্থিতিৰ ইংগিত দিছিল যদিও পৰিমাণীকৰণযোগ্য তথ্যৰ দ্বাৰা সমৰ্থিত এইটো প্ৰথম আনুষ্ঠানিক নিশ্চিতকৰণ।
Read More
শ্বিলঙৰ উত্তৰ পূব কনক্লেভত গুৱাহাটীৰ আজাৰাৰ আভা ক্রিয়েচনক প্ৰশংসা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

শ্বিলঙৰ উত্তৰ পূব কনক্লেভত গুৱাহাটীৰ আজাৰাৰ আভা ক্রিয়েচনক প্ৰশংসা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

কিছুদিন পূৰ্বে চাৰিদিনীয়া ভ্ৰমণসূচীৰে শ্বিলঙলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আই আই এম, শ্বিলঙত ভাৰত চৰকাৰৰ কৰ্পৰেট মন্ত্ৰালয়ৰ অধীনৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেযাৰ্ছ চমুকৈ আই আই চি এৰ উদ্যোগত অনুষ্ঠিত "উত্তৰ পূব কনক্লেভ - ২০২৫" উদ্ধোধন কৰিছিল । সেই কনক্লেভত উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ লগতে অসমৰ পৰম্পৰাগত হস্ততাত সামগ্ৰী আৰু শিল্পৰ উন্নয়ন , উৎপাদনৰ হকে কাম কৰি অহা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা মাটিয়াস্থিত "আভা ক্ৰিয়েচন" নামৰ প্ৰতিষ্ঠানটোৱেও ভাগ লৈছিল। আনহাতে কনক্লেভখন উদ্ধোধন কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাত স্থাপন কৰা প্ৰদৰ্শনীসমুহৰ বিপনী তথাষ্টলসমুহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত আভা ক্ৰিয়েচনৰ বিপনী পৰিদৰ্শন কৰাৰ সময়ত আভা ক্রিয়েচনৰ প্ৰতিষ্ঠাপক অৰূপ…
Read More
ডুৰাণ্ড কাপৰ পুৰস্কাৰৰ ধন ৩ কোটি টকালৈ বৃদ্ধি

ডুৰাণ্ড কাপৰ পুৰস্কাৰৰ ধন ৩ কোটি টকালৈ বৃদ্ধি

এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক সংস্কৰণৰ পুৰস্কাৰৰ ধন তিনিগুণ বৃদ্ধি কৰি ৩ কোটি টকা হৈছে। কলকাতাত আয়োজক সমিতিয়ে আয়োজন কৰা ট্ৰফী উন্মোচন অনুষ্ঠানৰ সময়ত এই ঘোষণা কৰে। এইবাৰ ডুৰাণ্ড কাপত বিজয়ী আৰু ৰানাৰ্ছ আপ দলৰ লগতে ছেমি ফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা দলক নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও তিনিজন ব্যক্তিগত পুৰস্কাৰ বিজয়ীক এছ ইউ ভি বাহন দিয়াৰ ঘোষণাই প্ৰতিযোগিতাখনত উত্তেজনা আৰু প্ৰতিযোগিতা আৰু অধিক বৃদ্ধি কৰিছে। ট্ৰফী উন্মোচন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম বংগ চৰকাৰৰ যুৱ সেৱা আৰু ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাস। তেওঁৰ সৈতে ডুৰাণ্ড কাপ আয়োজক সমিতিৰ জ্যেষ্ঠ বিষয়া, প্ৰধান…
Read More
পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানত ১ জনৰ মৃত্যু

পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানত ১ জনৰ মৃত্যু

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে বেদখল বিৰোধী অভিযানত নিৰাপত্তাৰক্ষী আৰু উচ্ছেদিত লোকৰ মাজত সংঘৰ্ষত কমেও এজন লোক নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি কেইবাজনো লোক আহত হয়। এজনবিষয়াই জনোৱা মতে, বনৰক্ষী আৰু আৰক্ষীক লাঠিৰে আক্ৰমণ কৰে অভিযুক্ত বেদখলকাৰীয়ে। এই লোকসকলে পাইকান সংৰক্ষিত বনাঞ্চলৰ এটা অংশ ঘেৰাও কৰিবলৈ গৈছিল, য’ত শনিবাৰে বেদখল বিৰোধী অভিযান চলোৱা হৈছিল।উচ্ছেদ কৰা লোকসকলে বনৰক্ষী আৰু আৰক্ষীৰ ওপৰতো শিলগুটি নিক্ষেপ কৰে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল, য’ত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক আহত হয়। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, শিলগুটি নিক্ষেপত কেইবাজনো আৰক্ষী আৰু বনকৰ্মী আহত…
Read More
জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ

জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ

যোৱা কেইটামান দিনৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। গতিকে ইয়াৰ বিষয়ে সজাগ হৈ থকা প্ৰয়োজন। এই ৰোগ হ'লে কিছুমান লক্ষণে দেখা দিয়ে।ইয়াৰ লক্ষণ কি--------------------------------------সাধাৰণ জ্বৰ বা তীব্ৰ জ্বৰ হ’ব পাৰেমূৰৰ বিষভ্ৰমডিঙি জঠৰ হোৱাক’মাপক্ষাঘাতআচৰণ পৰিবৰ্তনপেশীৰ বিষপোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীলখোজকঢ়াত সমস্যাবমিএনকেফেলাইটিছ পানীত থকা চৰাই আৰু জন্তু (গাহৰি)ৰ পৰা বিয়পে। এইবোৰত JE ভাইৰাছ থাকে। মহে যেতিয়া এই চৰাই বা প্ৰাণীবোৰক কামোৰে আৰু তাৰ পিছত মানুহ এজনক কামোৰে তেতিয়া সেই লোকজন জাপানীছ এনকেফেলাইটিছ ভাইৰাছত আক্ৰান্ত হয়। সংক্ৰমিত হোৱাৰ পিছত মৃদু জ্বৰ হয়। ইয়াৰ পিছত মূৰৰ বিষৰ লগতে বমি আৰু অন্য লক্ষণেও দেখা দিব পাৰে।
Read More
ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াক ডাঙৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “যদি ৫০ দিনৰ ভিতৰত ইউক্ৰেইনত যুদ্ধ শেষ কৰাৰ বাবে কোনো চুক্তি নহয়, তেন্তে তেওঁ ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব। অ’ভাল অফিচত নাটোৰ মহাসচিব মাৰ্ক ৰুটৰ সৈতে হোৱা বৈঠকত এই ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে কয়, “যদি ৫০ দিনৰ ভিতৰত কোনো চুক্তি নহয় তেন্তে আমি অতি কঠোৰ শুল্ক আৰোপ কৰিম।” কিন্তু শুল্ক কেনেদৰে কাৰ্যকৰী কৰা হ’ব সেই বিষয়ে তেওঁ বুজাই দিয়া নাই। তেওঁ আৰু কয়, “মই বাণিজ্যক বহু কামত ব্যৱহাৰ কৰো, কিন্তু যুদ্ধ নিষ্পত্তি কৰাৰ বাবে ই অতি ভাল।”
Read More
পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক হেলিকপ্টাৰখনে । সূত্ৰৰ পৰা জানিব পৰা মতে, বহু প্ৰতীক্ষিত আপাচি আক্ৰমণাত্মক হেলিকপ্টাখন অৱশেষত ভাৰতৰ হাতলৈ আহিব।আপাচি হেলিকপ্টাৰক ‘আকাশৰ টেংক’ বুলি জনা যায়। AH-64E উন্নত আক্ৰমণাত্মক হেলিকপ্টাৰখনত অসাধাৰণ চেন্সৰ আৰু টাৰ্গেট ক্ষমতা আছে। দিনেই হওক বা ৰাতি হওক, এই হেলিকপ্টাৰখনে ধুমুহাৰ পৰা আৰম্ভ কৰি প্ৰচণ্ড বৰফ পৰালৈকে যিকোনো প্ৰত্যাহ্বানমূলক পৰিৱেশত শক্তিৰে কাম কৰিব পাৰে। ভাৰতে অহা ২১ জুলাইত আমেৰিকাৰ পৰা প্ৰথম বেটচ আপাচি আক্ৰমণকাৰী হেলিকপ্টাৰ লাভ কৰিব। প্ৰথম পৰ্যায়ত আহিব তিনিখন…
Read More
২০২৬ত ৰাজ্যসভাত মল্লিকাৰ্জুন খাৰ্গে, হৰদীপ সিং পুৰী, ৰঞ্জন গগৈসহ ৭৫ জনৰ কাৰ্যকাল পৰিব অন্ত

২০২৬ত ৰাজ্যসভাত মল্লিকাৰ্জুন খাৰ্গে, হৰদীপ সিং পুৰী, ৰঞ্জন গগৈসহ ৭৫ জনৰ কাৰ্যকাল পৰিব অন্ত

২০২৬ চনত ৰাজ্যসভাৰ ৭৫খন আসনৰ বাবে এপ্ৰিল, জুন আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ফলত অহা বৰ্ষত ৰাজ্যসভাত বৃহৎ পৰিবৰ্তন দেখিবলৈ পোৱা যাব। ইয়াৰে ২৩৩খন আসন ৰাজ্যিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে ১২খন আসন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট নেতাৰ কাৰ্যকাল অন্ত পৰিব। ২০২৬ চনৰ ২৫ জুনত কৰ্ণাটকৰ পৰা মল্লিকাৰ্জুন খাৰ্গে আৰু এইচ ডি দেৱে গৌড়াৰ কাৰ্যকাল শেষ হ’ব।২০২০ চনৰ পৰা কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সাংসদ তথা বিৰোধী দলৰ নেতা হিচাপে কৰ্মৰত খাৰ্গেৰ অৱসৰ কংগ্ৰেছৰ বাবে তাৎপৰ্যপূৰ্ণ। উত্তৰ প্ৰদেশৰ পৰা…
Read More
১৮ দিনৰ পাছত মহাকাশৰ পৰা উভতিল শুভাংশু শুক্লা

১৮ দিনৰ পাছত মহাকাশৰ পৰা উভতিল শুভাংশু শুক্লা

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিছে। ১৮ দিনীয়া মহাকাশ যাত্ৰা সামৰি তেওঁৰ সৈতে এক্সিয়াম-৪ অভিযানত যোৱা চাৰিজনীয়া দলটোৱে সোমবাৰে সন্ধিয়া প্ৰায় ৪:৫০ বজাত (ভাৰতৰ সময় অনুসৰি) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা বিদায় লয়।ই অভিযানৰ নেতৃত্বত আছিল আমেৰিকাৰ প্ৰবীণ মহাকাশচাৰী তথা এক্সিয়ামৰ কমাণ্ডাৰ পেগী হুইটছন। আজি বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা শুভাংশুসহ দলটোৰ।আজি বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা শুভাংশুসহ দলটোৰ। ৬০টাতকৈ অধিক পৰীক্ষা সম্পন্ন কৰি ৫৮০ পাউণ্ড সামগ্ৰী লৈ ঘূৰি আহিব ড্ৰেগনযান। শুভাংশু শুক্লাৰ সাত দিনীয়া পুনৰ্বাসন হ’ব।
Read More
কেইবিধ মান ঔষধি গুণ সম্পন্ন শাকৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

কেইবিধ মান ঔষধি গুণ সম্পন্ন শাকৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

অসমত এনে বহু শাক আছে যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী আহক আজি এই শাকসমূহনো কি তথা ইয়াৰ ঔষধি গুণৰ বিষয়ে জানো-নৰসিংহ পাত- নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে বাবে হাড়, দাঁতৰ গঠন মজবুত কৰে ৷ স্নায়ুজনীত সমস্যা আৰু ডায়েবেটিচ ৰোগীৰ বাবেও নৰসিংহ পাত উপকাৰী ৷মছন্দৰী- পেটৰ বহুতো অসুখত মছন্দৰী উপকাৰী ৷ ভাপত সিজোৱা বা আদা নহৰু দি বনোৱা মছন্দৰী শাকৰ আঞ্জাই মহৌষধৰ দৰে কাম কৰে ৷ দোৰোণ শাক- ফেৰিনজাইটিছ, টনচিলাইটিছ, চাইনাচাইটিছ, কাহ, চৰ্দি, হাপানী, জণ্ডিচ, যকৃত প্লীহা বৃদ্ধি আৰু বহুতো ৰোগত দোৰোণ শাক উত্তম পথ্য ৷ আভোক আৰু অৰুচি হ'লে দোৰোণ শাক খালে সুফল পোৱা যায় ৷কচুশাক- কচুশাকত প্ৰচুৰ…
Read More