16
Feb
চেক বাউন্সৰ গোচৰত অভিনেতা ৰাজপাল যাদৱলৈ সকাহ অহাৰ বিপৰীতে এক পুৰণি গোচৰত এতিয়া বিপাঙত পৰিছে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল। সোমবাৰে মোৰাদাবাদৰ এচিজেএম-৫ আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। আদালতত নিৰ্ধাৰিত শুনানিৰ দিনা উপস্থিত নথকাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে, ২০১৭ চনতে মোৰাদাবাদৰ এখন বিবাহ অনুষ্ঠানত নৃত্য পৰিৱেশন কৰাৰ বাবে আমিষাই ১১ লাখ টকা মাছুল লৈছিল। কিন্তু উক্ত ধন গ্ৰহণ কৰাৰ পাছতো অভিনেত্ৰীগৰাকী অনুষ্ঠানত উপস্থিত নোহোৱাৰ অভিযোগ তুলি এটা ইভেণ্ট কোম্পানীয়ে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ পৰিপ্ৰেক্ষিততে আদালতে অহা ২৭ মাৰ্চত তেওঁক হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। দীৰ্ঘদিন ধৰি চলি…
