18
Feb
মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ লালী বিলৰ ওপৰত নিৰ্মাণাধীন এখন দলং বুধবাৰে হঠাতে খহি পৰাত এক শোকাবহ ঘটনাৰ সৃষ্টি হয়। লাহৰীঘাট-মৰিগাঁও সংযোগী গড়কাপ্তানি বিভাগৰ পথত পুনৰ নিৰ্মাণ কৰি থকা অৱস্থাতে দলংখনৰ এটা অংশ ভাঙি পৰাত কৰ্মৰত চাৰিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক স্থানীয় লোকৰ সহযোগত তাৎক্ষণিকভাৱে উদ্ধাৰ কৰা হয়। আহত শ্ৰমিক কেইগৰাকীক ক্ৰমে গোলজাৰ হুছেইন, মুস্তাফা আহমেদ, ইনামুল হক আৰু ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকক প্ৰথমে চিকিৎসাৰ বাবে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাতৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, নিৰ্মাণ কাৰ্য…
